🔹 ১৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া ৰাস মহোৎসৱত গোপী নৃত্য প্ৰতিযোগিতাৰ আয়োজন
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : আহা সখী হে বৃন্দাবনে যাওঁ…গকুলৰে শ্ৰীকৃষ্ণই নয়ন ভৰি চাই…শৰত কালৰ ৰাত্ৰি অতি বিতোপন… ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন…৷ সত্ৰ নগৰী মাজুলীকে আদি কৰি ৰাজ্যখনৰ বিভিন্ন সত্ৰ, নামঘৰৰ দৰে প্ৰান্তে প্ৰান্তে প্ৰভু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু গায়ন-বায়নৰ খোল-তালৰ তালে তালে শিল্পী, কলাকুশলীসকলে ৰাসত কৃষ্ণ, অসুৰ, গোপীৰ ভাওত অভিনয় কৰিবলৈ আখৰাত নামি পৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰত বিগত বৰ্ষৰ দৰে এইবাৰো শ্ৰীকৃষ্ণৰ মহাৰাস উদযাপিত হ’ব ৷ পাঁচটা বছৰ মহাধুমধামেৰে উদযাপিত হৈ ষষ্ঠ বৰ্ষত ভৰি দিয়া নবিল পথাৰ সমন্বয় ক্ষেত্ৰৰ ৰাস মহোৎসৱ বিগত বৰ্ষৰ দৰে এইবাৰো ধুমধামেৰে উদযাপিত হ’ব বুলি মহাৰাস পৰিচালনা সমিতিয়ে জানিবলৈ দিছে ৷ ১৩, ১৪ আৰু ১৫ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’বলগীয়া শ্ৰীকৃষ্ণৰ মহাৰাসৰ আটাইকেইদিনৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে এখন শক্তিশালী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতি গঠন কৰি শ্ৰীকৃষ্ণৰ মহাৰাসৰ কাৰ্যসূচী আগুৱাই নিয়াৰ চেষ্টা চলাই থকা বুলি জানিবলৈ দিছে ৷ স্থানীয় যুৱক তথা সাংস্কৃতিক কৰ্মী দীপক নাথক সভাপতি, ডিম্বেশ্বৰ বৰুৱা (বাবলু)ক কাৰ্যকৰী সভাপতি, উপ-সভাপতিৰ দায়িত্বত ক্ৰমে চুছেন কন্ধ, বগা তপ্ন, বিজু বড়ো, শিৱ ছেত্ৰী, টুলটুল দাস, নন বড়ো, ৰমেশ বিষ্ট, প্ৰদীপ ডেকা আৰু প্ৰদীপ বৈশ্য, মুখ্য সম্পাদকত তুলন চন্দ্ৰ নাথ, সম্পাদকৰ দায়িত্বত আছে ক্ৰমে বিকি কন্ধ, শত্ৰুঘ্ন সিং (মুন্না), ৰাজু বড়ো, কিশোৰ নাথ, নিকুন মেধি, ৰত্ন বাহাদুৰ ছেত্ৰী, বীৰেন দৈমাৰী, ৰামু বড়ো আৰু জিতু দাস ৷ সহকাৰী সম্পাদকৰ দায়িত্বত আছে ক্ৰমে মানৱ দাস, বিবেক বড়ো, শংকৰ ভূঞা, কৌশিক দাস, ঋতুৰাজ বৰ্মন, অভিজিত নাথ, তপন নাথ, অজিত কন্ধ, কৃষ্ণ নাথ (বুবু), গণেশ পাছোৱান আৰু গংগা চুব্বা ৷ কমিটীখনত অসংখ্য সদস্য-সদস্যাৰ উপৰি স্থানীয় আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজকৰ্মী, বুদ্ধিজীৱী, সামাজিক ব্যক্তি, চিন্তাবিদ, সাংস্কৃতিক কৰ্মী আদিক পৃষ্ঠপোষক, উপদেষ্টা হিচাপে লৈ মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া প্ৰভু শ্ৰীকৃষ্ণৰ মহাৰাসৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে ৷ উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো গোপী নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা বুলি জানিবলৈ দিছে ৷ যিসকল প্ৰতিযোগীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান পাবলৈ সক্ষম হ’ব, তেওঁলোকক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা সদৰী কৰিছে ৷
প্ৰেৰক বগা তপ্ন