নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত তীৰ-জুৱাৰ অবাধ প্ৰচলন, ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

🔹 কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী-প্ৰশাসন

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : কামৰূপৰ নৱগঠিত ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত দিনকদিনে বৃদ্ধি পাইছে তীৰ-জুৱাৰ ছিণ্ডিকেট। নগৰবেৰা আৰক্ষী থানাৰ এশৰ পৰা ডেৰশ মিটাৰ নিলগত নগৰবেৰা বজাৰৰ মাজমজিয়াত দিনে-নিশাই তীৰ মাফিয়াই চলাইছে তীৰ খেলৰ ৰমৰমীয়া বেহা। এই সন্দৰ্ভত আৰক্ষীৰ নীৰৱতা পৰিলক্ষিত হোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজ, দল-সংগঠনৰ চকুত পৰে এইবোৰ অবৈধ কাৰবাৰ, কিন্তু আৰক্ষীৰ চকুত কিয় নপৰে, তাকে লৈ সকলো সন্দিহান | আৰক্ষীৰ এই নীৰৱতা কিহৰ বাবে বুলি প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে। দিন-দুপৰতে বজাৰৰ মাজমজিয়াত কাৰ ছত্ৰছায়াত তীৰ মাফিয়াই চলাইছে তীৰ খেলৰ ৰমৰমীয়া বেহা ? আৰক্ষীয়ে কিয় এই জুৱাৰী চক্ৰটিক নাকী লগাব পৰা নাই, সেয়া এক অবুজ সাঁথৰ হৈ পৰিছে ৰাইজৰ মাজত। ইপিনে, নগৰবেৰা আৰক্ষী থানাৰ টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত টুপামাৰী, ভখুৰাদিয়া, ৰংগেশ্বৰীত দিনে-নিশাই জুৱা খেলৰ ৰমৰমীয়া বেহা চলাই গৈছে একাংশ দুষ্টচক্ৰই। আৰক্ষীক মেনেজ কৰি একাংশ জুৱাৰীয়ে দিনে-নিশাই জুৱাৰ ৰমৰমীয়া বেহা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে। স্মৰ্তব্য যে তীৰ, জুৱাৰ উপৰি অঞ্চলটোত নিচাজাতীয় দ্ৰব্য কফ ছিৰাপ, ড্ৰাগছ, মদ আদিৰ ব্যৱসায় দিনকদিনে বৃদ্ধি হ’বলৈ ধৰিছে। শীঘ্ৰে তীৰ-জুৱা আৰু নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে দাবী জনাইছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like