নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০০০০ টকাত সদ্যোজাত কন্যা সন্তানক বিক্ৰী পিতৃৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ দৰিদ্ৰতাৰ এক ভয়াৱহ ছবি প্ৰকট হল ধেমাজিত ৷ মাথোঁ ত্ৰিশ হাজাৰ টকাৰ বিনিময়ত সদ্যোজাত কন্যা শিশু সন্তানক নিজ পিতৃ মাতৃয়ে বিক্ৰী কৰাৰ অভিযোগ উঠিছে৷ আমি নাইকোৱা এই কথা। অসম চৰকাৰৰ শিশু কল্যাণ সমিতিয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এটা গোচৰত প্ৰকাশ পাইছে এই কথা। এই ঘটনা ধেমাজিৰ নিলখৰ। ধেমাজি নিলখৰ এগৰাকী মহিলাই ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পিছত হৰ্ঠাতে কন্যা সন্তানগৰাকী এৰি মেডিকেলৰ পৰা নিৰুদ্দেশ হৈছিল পিতৃ মাতৃ। তাৰ পিছত চাইল্ডলাইনৰ সহায়ত শিশুৰ পিতৃ মাতৃক যোগাযোগ কৰাত সেই সন্তান আনিবলৈ ডিব্ৰুগড় যায় যদিও আদবাটতে সন্তানটিক তৃতীয় পক্ষক বিক্ৰী কৰে পিতৃ মাতৃয়ে। এইক্ষেত্ৰত কন্যা সন্তানটিৰ পিতৃয়ে স্পষ্টকৈ কৈছে মধ্যস্হতাকাৰীৰ ৰূপত আছে গাঁওৰক্ষী বাহিনীৰ দুই সদস্য ৷ মই নিজে কোঁচত লৈ মেডিকেলৰ এচি ৰুমত ভৰাই থৈ আহিছো কন্যা সন্তানটি। নাৰ্চ বাইদেউহঁতে বহুত হাৰাশাস্তি কৰিলে আমাক। পিছত আকৌ লৈ আহি বাটত এগৰাকী মহিলা পালো দি দিলো। ভিডিপি পাৰ্টিয়ে কলে এইজনী নি কি কৰিবি, বাটত নিওঁতে মৰি থাকিলে কি কৰিবি। দি দে এইকে। এইয়া এগৰাকী পিতৃৰ অকপট স্বীকাৰোক্তি। নাৰ্চে মোক সুধিচিল মানুহ পালে কেঁচুৱাটো দি থৈ যাবি নেকি? ৫০০ টকা এটা দিছিল ভাল বস্তু খাবলৈ বুলি। মাকৰ স্বীকাৰোক্তি। ইপিনে এই বিষয়ত অসম চৰকাৰৰ শিশু কল্যাণ সমিতি আৰু চাইল্ডলাইনে তদন্ত কৰি ৩০ হাজাৰ টকাত সন্তানটি ক্ৰয় বিক্ৰয় হোৱা বুলি লিখিত অভিযোগ দিছে। অৱশ্যে ইতিমধ্যে শিশু কল্যাণ সমিতিয়ে এই বিষয়ত তদন্তৰ বাবে কন্যা সন্তানৰ পিতৃ মাতৃ, ক্ৰয় কৰি লোৱা পিতৃ মাতৃ আৰু মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা গাঁওৰক্ষী বাহিনীৰ ২গৰাকী লোকক তলৱ কৰিছে।

You might also like