উপ-নিৰ্বাচন : চামগুৰিত আৰক্ষীৰ তালাচীত জব্দ ৪ লক্ষাধিক টকা
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ নিৰ্বাচনীবিধি বলৱৎ হৈ থকাৰ সময়ত ৰূপহীহাট আৰক্ষীৰ অভিযান৷ আৰক্ষীৰ অভিযানত জব্দ ৪ লাখ ৩০ হেজাৰ ২০০ টকা৷ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ শিঙিমাৰীত আৰক্ষীয়ে চলায় এই অভিযান। নিৰ্বাচনী বিধি উলংঘা কৰি বৃহৎ পৰিমাণ টকা লৈ ফুৰা কেইবাখনো বাহনৰ পৰা জব্দ কৰে টকাখিনি। চামগুৰি সমষ্টিৰ শিঙিমাৰীত আৰক্ষীয়ে তালাচি চলাই জব্দ কৰে টকাখিনি।
প্ৰেৰক জহিৰুল ইছলাম