নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ লাখ টকা নিদিলে তোৰ ল’ৰা নাপাবি, পুলিচক জনালে বিপদ কিন্তু…

📌  টিংখাঙত স্বামীহাৰা মহিলাক ধন দাবী
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ টিংখাঙত এগৰাকী স্বামীহীন সাধাৰণ মহিলাক ধন দাবীৰ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। মহিলাগৰাকীৰ পৰা ৫ লাখ টকা ধন দাবী অচিনাক্ত দুৰ্বৃত্তৰ। টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ঔগুৰী অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ধন দাবীৰ ঘটনা। ঔগুৰী গাঁৱৰ স্বৰ্গীয় সুবাচ কুৰ্মীৰ পত্নী কলাৱতি কুৰ্মী নামৰ মহিলা গৰাকীক ৫ লাখ টকাৰ ধন দাবী কৰিছে অচিনাক্ত দুৰ্বৃত্তই। কালি পুৱা শোৱাপাটীৰ পৰা উঠিয়েই ঘৰৰ বাৰান্দাত এটা বন্ধ খামৰ ভিতৰত মহিলা গৰাকীয়ে প্ৰত্যক্ষ কৰে এই ধন দাবী পত্ৰ। এখন সাধাৰণ বগা কাগজত ৰঙা কলমেৰে লিখি কোনো পৰিচয় নিদিয়াকৈ ৩০ অক্টোবৰৰ পৰা ২ নৱেম্বৰৰ ভিতৰত দাবী কৰা ধন আদায় নিদিলে আৰু  এই সন্দৰ্ভত আৰক্ষী নাইবা অন্য কোনো ব্যক্তিক অৱগত কৰিলে সন্তানসহ মহিলাগৰাকীক প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰা হৈছে। এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলা গৰাকী একপ্ৰকাৰ শংকিত হৈ পৰিছে। উল্লেখযোগ্য যে এবছৰ মান পূৰ্বে কলাৱতি কুৰ্মীয়ে ৫২নং (B) ৰাষ্ট্ৰীয় ঘাইপথৰ নামত অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ হিচাপে কিছু ধন লাভ কৰিছিল। এই ধনৰ লালসাতে হয়তো কোনো দুষ্ট লোকে স্বামীহাৰা মহিলাগৰাকীৰ পৰা ধন দাবী কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী মহিলা গৰাকীয়ে আৰক্ষী প্ৰশাসনক অৱগত কৰিছে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like