নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপাৱলী : উছাহহীন নগৰবেৰা-মালিবাৰী-ছমৰীয়া-পালপাৰাৰ মৃৎশিল্পী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উৎসৱমুখৰ পৰিবেশ ৷ সকলো ব্যস্ত এতিয়া নিজ ঘৰখন পোহৰাবলৈ কিন্তু কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰা আৰু ছমৰীয়া বিভিন্ন অঞ্চলত এইবেলি বৰ বিশেষ উচাহ দেখা বৰ্তমানলৈ পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ প্ৰতিবিদ বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দীপাৱলীৰ উৎসৱ বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ দিপাৱলীৰ দিনা ঘৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান আদি সকলোতে বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীয়ে হল মাটিৰ চাকি৷ এই সময়ছোৱাত দিনেনিশাই মাটিৰ চাকি বনোৱা কামত ব্যস্ত থাকে মৃৎশিল্পী সকলে ৷ কিন্তু এই বেলি কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰা, ছমৰীয়া, দাসপাৰা, পালপাৰা, লক্ষণপুৰ, সৰুডোৱা, অদলা, বিদ্যানগৰ, মালিৱাৰী, পুৰাণ মালিৱাৰী আদি অঞ্চলৰ মৃৎশিল্পী সকলৰ মাজত বৰ বিশেষ চাকি বনোৱা কামত ব্যস্ত থকা দেখা নগল৷ একাংশ মৃৎশিল্পী সকলে কিছু পৰিমাণৰ মাটিৰ চাকি তৈয়াৰ কৰিলেও পূৰ্বৰ তুলনাত বিক্ৰী কম৷ এক কথাত কবলৈ গ’লে বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰ মাটিৰ চাকি চাহিদা হ্ৰাস পাইছে ৷ উল্লেখিত অঞ্চলৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালে এই শিল্পৰ লগত জড়িত হৈ আছে৷ অঞ্চলটোৰ একাংশ মৃৎশিল্পী সকলে জানিবলৈ দিয়া মতে, একমাত্ৰ মূল্যবৃদ্ধিয়ে মৃৎশিল্পী সকলৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ অধিক চৰা দামত মাটি ক্ৰয় কৰি চাকি বনোৱাৰ পৰা পুৰা লৈকে কেৱল খৰচ কিন্তু কষ্টৰ তুলনাত প্ৰকৃত বজাৰ মূল্য নাপাই বচৰ বছৰে বিপাঙত পৰে বহু মৃৎশিল্পী কলে৷ ইফালে দীপাৱলীত চাকি জ্বলাৱৰ বাবে প্ৰয়োজন হয় বুজন পৰিমাণৰ মিঠাতেলৰ৷ বৰ্তমান মিঠাতেলৰ দাম প্ৰতিলিটাৰ ১৯৫-২০০/২১০ টকা ৷ মিঠাতেলৰ অত্যাধিক দামৰ বাবে এইবাৰ পূৰ্বৰ দৰে ঘৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান আদিত মিঠাতেলৰ চাকি জ্বলাৰ সম্ভাৱনা নাই৷ নগৰবেৰাৰ পিজুপাৰা-পালপাৰাস্থিতত মা’ মনসা শিল্পালয়ৰ স্বত্বাধিকাৰী নিৰঞ্জন পাল নামৰ মৃৎশিল্পী গৰাকীয়ে দৈনিক অসমৰ আগত কয়- আমি পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে মাটিৰ চাকি প্ৰস্তুত কৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ বজাৰ দখল কৰে আমাৰ থলুৱা মাটিৰ চাকিয়ে৷ বিগত কুৰিটা বছৰে মোৰ লগতে এই অঞ্চলৰ প্ৰায় পাঁচ শতাধিক পাল সম্প্ৰদায়ৰ পৰিয়ালে মাটিৰ কাম কৰিয়েই পৰিয়াল পোহপাল দি আহিছে৷ আন আন বছৰত দীপালীৰ এমাহ আগৰে পৰা মাটিৰ চাকি চাহিদা বৃদ্ধি পায় স্থানীয় লোকৰ লগতে গুৱাহাটী, বৰপেটা, দৰং, গোৱালপাৰা আদি অঞ্চলত গাড়ীয়ে গাড়ীয়ে মাটিৰ চাকি বিক্ৰী হয় বহু লোকে ঘৰৰ পৰাই ক্ৰয় কৰি লৈ যায় আগতীয়াকৈ অডাৰ লাভ কৰা যায় যদিও এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ৷ এইবাৰ গ্ৰাহক ৰাইজে মাটাৰ চাকিৰ বাবে আগতীয়া যোগাযোগ কৰা নাই, অডাৰ নাই, পূৰ্বৰ তুলনাত দাম যথেষ্ট কম যদিও বিক্ৰীও যথেষ্ট কম বুলিও জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে বজাৰত বস্তাই বস্তাই চাকি লৈ গলেও গ্ৰাহক নাই যাৰ বাবে এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হবলগীয়া হৈছে নগৰবেৰা-ছমৰীয়াৰ উল্লেখিত অঞ্চলৰ মৃৎশিল্পী সকলে ৷ মৃৎশিল্পীসকলে আৰু জনোৱা মতে, এইবাৰ মাটিৰ চাকি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ দাম বৃদ্ধি হোৱাৰ লগতে খৰিৰ দাম বৃদ্ধি হৈছে তুলনামূলক ভাবে কষ্ট অনুপাতে দাম নাপাই আন এক সমস্যাত পৰিছে৷ তাৰে মাজতে বজাৰত উপলব্ধ বিভিন্ন ৰং বিৰঙৰ বৈদ্যুতিক লাইট, চাকি, অত্যাধুনিক মিউজিক লাইটৰ সমান্তৰালকৈ মিঠাতেলৰ বৰ্ধিত মুল্যৰ বাবে মাটিৰ চাকিৰ চাহিদা হ্ৰাস কৰাত এক প্ৰকাৰ বিপাঙত পৰিছে এতিয়া মৃৎ শিল্পীসকলে৷ যাৰ বাবে নগৰবেৰাৰ বহু মৃৎশিল্পীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অসমৰ পৰম্পৰা এই শিল্প জীয়াই ৰাখিবৰ বাবে চৰকাৰলৈ কাতৰ আহ্বান জনাইছে নগৰবেৰা, ছমৰীয়া, মালিৱাৰী, পালপাৰা, দাসপাৰা, সৰুডোৱা, লক্ষণপুৰ, বিদ্যানগৰ, পিজুপাৰা-পালপাৰাৰ মৃৎশিল্পী খনিকৰসকলে ৷
প্ৰেৰক ৰবিউল হুছেইন
You might also like