চামগুৰি ৰাইজক মাত্ৰ অত্যাচাৰহে চলালে ৰকিবুল হুছেইনে
📌 নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাই
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : এই চামগুৰি সমষ্টিটো বছৰ বছৰ ধৰি এজন বিশেষ ব্যক্তিয়ে শাসন কৰিলে৷ যেনেদৰে উন্নয়ন হব লাগিছিল সেইয়া নহ’ল৷ মাত্ৰ ৰাইজক অত্যাচাৰ চলালে৷ গতিকে চামগুৰি বাসী ৰাইজে এইবাৰ উপ নিৰ্বাচনত কংগ্ৰেছক বাই বাই দি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাব বুলি মোৰ বিশ্বাস৷ এই মন্তব্য ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত সুতাৰগাওঁ পঞ্চায়তৰ অধীনৰ পহুকটা পানীগাৱঁৰ কুশল সংঘৰ নাট্য চ’ৰা আৰু বকুলতল নাট্য চ’ৰাত পৃথকে পৃথকে দুখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়৷ উক্ত বিশাল নিৰ্বাচনী সভা দুখনত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা উদ্যোগ আৰু সাংস্কৃতিক আদি বিভাগৰ মন্ত্ৰী বিমল বৰা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বহু কেইজন নেতা উপস্থিত থাকে৷ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত বিশাল নিৰ্বাচনী সভা দুখনত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ভাষন প্ৰসংগত কয় যে কেন্দ্ৰটো বিজেপি চৰকাৰ ৰাজ্যটো বিজেপি চৰকাৰ৷ গতিকে চামগুৰি উন্নয়নৰ স্বাৰ্থত হব লগা উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক চামগুৰিবাসী ৰাইজে বিপুল ভোটত জয় কৰাব লাগিব৷ তেতিয়া চামগুৰিবাসী ৰাইজে বিছৰাতকৈ বেছি উন্নয়ন হব৷ কাৰন দিপ্লুৰঞ্জন শৰ্মাই ৰাইজৰ হ’কে কাম কৰিবলৈ আগবাঢ়ি আহিছে৷ ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছে৷ গতিকে আপোনালোকে আশীৰ্বাদ দিলে তেওঁ ৰাইজৰ কাৰনে কাম কৰিবলৈ সুবিধা পাব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে মন্তব্য কৰে৷ উক্ত সন্মিলনখনত উদ্যোগ আৰু সাংস্কৃতিক আদি বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষন প্ৰসংগত কয় যে চামগুৰিবাসী ৰাইজে সঠিক সিদ্ধান্ত লোৱা সময় আহি পৰিছে৷ এই সঠিক সিদ্ধান্তই চামগুৰিৰ উন্নয়নৰ দিশ জড়িত হৈ আছে৷ নিৰ্বাচন আহিলে কিছুমান ৰাজনৈতিক দলে মানুহক বিভান্ত কৰেহি ৷ সেই দলৰ মানুহৰ কথাত ভোল যাব নালাগে ৷ কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে সকলোকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে৷ চামগুৰিৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷ চৰকাৰৰ ওচৰত দিপ্লুৰঞ্জন শৰ্মাৰ গুৰুত্ব আছে৷ গতিকে চামগুৰি উপ নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী জয় হলে চামগুৰি উন্নয়ন হব৷ গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত ৰাইজক আহ্বান জনাই৷ উক্ত নিৰ্বাচনী সভা দুখনত বিধায়ক হেমাংগ ঠাকুৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়৷ উক্ত বিশাল নিৰ্বচনী সভা দুখনত চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাই ভাষন প্ৰসংগত কয় যে ৰকিবুল হুছেইনে চামগুৰি সমষ্টিত যি ভয় ভাবুকি ৰাজনীতি কৰিছিল৷ এতিয়া আৰু সেইদিনা নাই৷ আমি হিংসা কেতিয়াও নিবিছাৰো৷ সদায় শান্তি আৰু সমিদ্ধিশালী চামগুৰি বিছাৰো৷ আপোনালোকে মোক যেনেকৈ এশ শতাংশ মৰম দিছে মই নিৰ্বাচনত জয় হলে আপোনালোকক এশ এক শতাংশ মৰম দিম৷ ছাত্ৰছাত্ৰী সকলে উচ্চ শিক্ষা গ্ৰহন কৰিবৰ কাৰনে যি প্ৰতিযোগীতামুলক পৰীক্ষা হয় সেই পৰীক্ষাত উত্তীৰ্ণ হব কাৰনে চামগুৰিত সমষ্টিত চাৰিটৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হব বুলি ভাষন প্ৰসংগত উল্লেখ কৰে৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা