ভয়-ভাবুকিৰে নিৰ্বাচন পাৰ কৰাৰ কৌশল কংগ্ৰেছৰ
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৰ্তমান সময়ত গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ নিৰ্বাচনী বতাহ। মুঠ ১৮০৪৪৮গৰাকী ভোটৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লগা সমষ্টিৰ উপ নিৰ্বাচনৰ মূল যুজ খন বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ মাজতে সীমাবদ্ধ থাকিব। দুয়োগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত কেইবাজনো ৰথী মহাৰথী নিৰ্বাচনী পথাৰত নামি পৰিছে। বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক জয়লাভ কৰাবলৈ চামগুৰি সমষ্টিত মন্ত্ৰী বিমল বৰাক মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিশেষভাৱে দায়িত্ব অৰ্পন কৰাৰ বাবে মন্ত্ৰীজনে ইতিমধ্যে চামগুৰি সমষ্টিত বাহৰ পাতিছে।কালি মন্ত্ৰীজনে ভৰাগুৰি পঞ্চায়তত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে মন্ত্ৰীজনে দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীজনে পুৰণিগুদাম সুতাৰ গাঁও আৰু খাটোৱাল পঞ্চায়তৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক ভোট দিবলৈ আহ্বান জনায়। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ আহি পুৰণিগুদাম সুতাৰ পঞ্চায়তত এক সংবাদ মেলৰ আয়োজন কৰি মন্ত্ৰী বিমল বৰাই কয় চামগুৰিৰ উপ নিৰ্বাচনত এক বীভৎস্যময় পৰিবেশ ,হত্যা হিংসা আদিৰ পৰিবেশ ৰচনাৰ কাৰণে কংগ্ৰেছ দলে চেষ্টা কৰিছে। আৰক্ষীয়ে নিৰ্বাচনৰ পৰিবেশ শান্তিপূৰ্ণ কৰি ৰাখিবৰ বাবে নিৰ্বাচনৰ পূৰ্বে দুৰ্ধষ অপৰাধীক জেললৈ প্ৰেৰণ কৰে। এনেধৰণৰ দুৰ্ধষ অপৰাধীক মোকলাই আনিবৰ বাবে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নিৰ্বাচন আয়োগলৈ এক পত্ৰ পেৰণ কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগলৈ এই তিনিজনৰ স্বাক্ষৰ সম্বলিত পত্ৰত উল্লেখ আছে যে আৰফান আলি, আৰিফুল ইছলাম আৰু আজিজুল হকক আৰক্ষীয়ে বিনা কাৰণত আটক কৰিছে বুলি উল্লেখ কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ পেৰণ কৰি এই তিনিজন কংগ্ৰেছ নেতৃত্বই দুধৰ্ষ অপৰাধী কেইজনক কংগ্ৰেছৰ কৰ্মী বুলি উল্লেখ কৰিছে। এই কেইজনৰ বিৰুদ্ধে নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে বুলি উল্লেখ কৰি আৰফাল আলি বহু কেইটা গোছৰৰ লগতে গৰু চুৰিৰ লগত জড়িত ইফালে বাকী দুজনো বিভিন্ন অপৰাধৰ লগত জড়িত হৈ আছে আৰু তেওঁ লোকৰ বিৰুদ্ধে সৰ্বাধিক খাটোৱাল থানাত গোচৰ ৰুজু হৈ আছে। পূৰ্বতে যিদৰে ৰকিবুল হুছেইনে বিভৎস্যময়, আতংকময়, ভয় ভাবুকিৰে নিৰ্বাচন পাৰ কৰিছিল এতিয়া তেনেধৰণৰ এক পৰিবেশৰ মাজেৰে ভোটাৰক ভয় খোৱাবলৈ এনেদৰে অপৰাধীক মোকোলাই আনি আতংক সৃষ্টি কৰিব বিচাৰিছে। বিশেষকৈ আৰফান আলিৰ নামত খাটোৱাল আৰু চামগুৰি আৰক্ষী থানাত ছয়টাকৈ গোচৰ ৰুজু হৈ আছে।এনেক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ তিনিগৰাকী বিষয়ববীয়াই আৰফান আলিক আৰক্ষীয়ে পক্ষপাত মূলক ভাৱে আবদ্ধ কৰিছে বুলি উল্লেখ কৰি মূখ্য নিৰ্বাচনী আয়োগলৈ পত্ৰ পেৰণ কৰাটোয়ে এতিয়া চামগুৰিত নিৰ্বাচনত জয়লাভ কৰিবলৈ যে অপৰাধীৰ প্ৰয়োজন সেইটো নিশ্চিত কৰিলে বুলি উল্লেখ কৰে। সংবাদ মেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰি নিৰ্বাচন কেন্দ্ৰীক মন্তব্য আগবঢ়ায়। সংবাদ মেলখনত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা