সেৰফানগুৰিৰ লোঙা নৈত সমূহীয়া মৎস্য ধৰা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্ৰতিবছৰে কাতি মাহৰ ১৫ তাৰিখ আৰু পহিলা নৱেম্বৰত লঙা নদীত জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে পুৱাৰে পৰাই জাল-জুলুকি, জাকৈ-শালৈ লৈ হেজাৰ হেজাৰ ৰাইজ লঙা নদীলৈ আহি সমূহীয়া মৎস্য চিকাৰত নামি মৎস্য চিকাৰৰ আনন্দ লয়৷ পুঠি-খলিহনা, ৰৌ-বৰালি সৰু-বৰ যি মাছেই নাপাওঁক কথা নাই৷ সকলোৱে সমূহীয়া মৎস্য চিকাৰৰ আমেজ লয়৷ আজি সেই নৱেম্বৰ দিনটোত বৃহত্তৰ ৰামফলবিল-ছেৰফাংগুৰি অঞ্চলৰ উপৰি কোকৰাঝাৰ চহৰ,গোসাইগাঁৱ, বগৰীবাৰী, ভাওৰাগুৰি, বিলাসীপাৰা, তামাৰহাট আদি বিভিন্ন অঞ্চলৰ পৰা বড়ো, কোচ-ৰাজবংশী, বঙালী, মুছলমান, আদিৱাসী বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে একেলগে লোঙা নদীত সমূহীয়া মৎস্য চিকাৰৰ জৰিয়তে দাঙি ধৰিছে মিলা-প্ৰীতি, ভাতৃত্ববোধ,ঐক্যতা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ জৰিয়তে এখন সমাজ গঢ়াৰ৷ দলে দলে মাছ ধৰিব এই পদক্ষেপ। অইন বছৰৰ তুলুনাত মাছ কম হৈছে বুলি প্ৰকাশ কৰে মাছমৰীয়া সকল।
প্ৰেৰক কৃষ্ণ বৰ্মন