মনোহৰ বাৰ্মাৰ হিন্দী অনুবাদ গ্ৰন্থ ৰাধানাথ ফুকন ৰচনাৱলীলৈ সাহিত্য বঁটা-২০২৪
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ বিগত বছৰবোৰৰ দৰে এইবেলিও’ কবি-সাহিত্যিক, গীতিকাৰ কৈলাশ নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম ‘সাহিত্য বঁটা-২০২৪’ প্ৰদান কৰিব হিন্দী সাহিত্যিক মনোহৰ বাৰ্মাৰ হিন্দী অনুবাদ গ্ৰন্থ ”ৰাধা নাথ ফুকন ৰচনাৱলী”লৈ। উক্ত বঁটাৰ বাবে ‘ভাৰতীয় জীৱনবোধ আৰু ভাৰতীয় ঐতিহ্যমুলক’ বিষয়ক মৌলিক আধাৰ অথবা অনুদিত গ্ৰন্থৰ বাবে নিৰ্বাচিত কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতি দুবছৰৰ মুৰে মুৰে প্ৰদান কৰি অহা এই বঁটা বিগত ২০১২ চনৰ পৰা আৰম্ভ কৰি যোৱা ২০২২ চনলৈ ষষ্ঠতম বঁটা নিয়মিতভাৱে প্ৰদান কৰি অহাৰ দৰেই উক্ত বঁটাত এক লাখ টকাৰ চেক, প্ৰশস্তিপত্ৰ, অংগবস্ত্ৰ, স্মাৰক, কিতাপৰ টোপোলা আদিৰে বঁটাপ্ৰাপকক সন্মানিত কৰা হয়। উল্লেখযোগ্য যে উক্ত বঁটা ইতিমধ্যে ‘দ্য মহাভাৰত: এনচাইক্লোপেডিয়া ইণ্ডিয়ান থটচ্ এণ্ড কালচাৰ’ ( ২০১২), ‘ ইণ্ডিয়া থ্ৰ দ্য এজেছ অৱ দ্য স্মৃতিজ’ ( ২০১৪) , ‘ এই জয় ৰঘুৰ নন্দন’ (২০১৬), ‘ দ্য ভক্তিৰত্নাকৰ অৱ শ্ৰীমন্ত শংকৰদেৱ’ (২০১৮), ‘ পাণিনীয় অষ্টাধ্যায়ী’ (২০২০), আৰু কৃষ্ণকান্ত সন্দিকৈ: লাইফ এণ্ড ৱৰ্কচ্'(২০২২) গ্ৰন্থৰ বাবে ক্ৰমে ড: অপূৰ্ব বৰঠাকুৰীয়া, ড: হৰিনাথ শৰ্মা দলৈ, শ্ৰী প্ৰদীপ শইকীয়া, ড: অশোক কুমাৰ গোস্বামী, ড: মহেশ্বৰ হাজৰিকা, আলু ড: মালিনী গোস্বামীক উক্ত বঁটাৰে সন্মানিত কৰা হৈছে। উক্ত বঁটা প্ৰয়াত কবি-সাহিত্যিক, গীতিকাৰ কৈলাশ নাথ শৰ্মাৰ ওপজা দিনত অহা ১৪ নৱেম্বৰৰ দিনা এক বিশেষ আড়ন্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হ’ব বুলি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীৰ সভাপতিত্বত অসম সাহিত্য সভাৰ গুৱাহাটীস্থ ৰাধাগোবিন্দ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এখন সভাত অনুমোদন দিয়াৰ লগতে এই কথা ঘোষণা কৰা হয়।
প্ৰেৰক ৰমেন ভৰালী