নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ বিনিময়ত জনজাতীয় মহিলাৰ মাটি দালালৰ নামত নামজাৰি

🔹 মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজব কাণ্ড

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ : মানকাচৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল, চক্র বিষয়াক মেনেজ কৰি অন্য লোকৰ মাটি নিজৰ নিজৰ নামত জালিয়াতিৰে নামজাৰি কৰিলে মাটিৰ দালালে। মানকাচৰৰ গোপালপুৰ গাঁৱৰ অহেলা কোচ আৰু মিজুৰাম কোচৰ 13 বিঘা 4 কঠা 15 লেচা মাটি লাট মণ্ডল, চক্র বিষয়াই বাঘাপাৰা গাঁৱৰ জহিৰুল ইছলাম, মকবুল হোচেনৰ নামত লোক দুজনে ভুৱা দলিল ভিত্তিত ৰেকৰ্ড সংশোধন কৰি 13 বিঘা 4 কঠা 15 লেচা মাটিত নাম অন্তৰ্ভুক্ত কৰি নামজাৰি কৰাৰ তথ্য পোহৰলৈ আহিছে। যোৱা সপ্তাহত মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জনৈক বৰুৱাৰ নেতৃত্বত লাট মণ্ডল, আৰক্ষী, চি আৰ পি এফ লগত লৈ গোপালপুৰ গাঁৱৰ জনজাতি মহিলা অহেলা কোচ আৰু তেওঁৰ স্বামী মিজুৰাম কোচৰ মাটি দালালক জোখ-মাপ কৰি চমজাই দিবলৈ যায়। চক্ৰ বিষয়া জনৈক বৰুৱাই মেনেজ হৈ মাটিৰ দালালৰ পক্ষত অৱস্থান কৰি জনজাতি লোকৰ 13 বিঘা 4 কঠা 15 লেচা মাটিৰ পৰা আধা অংশ ভুৱা নথি-পত্ৰৰে নামজাৰি কৰা জহিৰুল ইছলাম আৰু মকবুল হোচেনক দিবই লাগিব বুলি হেঁচা প্ৰয়োগ কৰে বুলি অভিযোগ কৰে। লক্ষণীয় যে জনজাতি লোকৰ মাটিখিনিত মাটিৰ দালালে ভুৱা নথি-পত্ৰ দি নামজাৰি কৰাৰ পিছৰ পৰাই বাঘাপাৰা গাঁৱৰ জহিৰুল ইছলাম আৰু মকবুল হোচেন জনজাতি পৰিয়ালটোক ভয়-ভাবুকি দি আহিছে বুলি ভুক্তভোগী পৰিয়ালটোৱে সদৰী কৰে। এই ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like