নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ নেতাই ধুবুনী প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : ধুবুৰীৰ নেতাই ধুবুনী প্ৰেছ ক্লাবৰ উদ্যোগত অহা ১৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আয়োজন কৰা হৈছে। ধুবুৰীৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী উদ্যানত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ প্ৰেছ ক্লাবৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ ঘটিব। ১৬ নৱেম্বৰৰ পুৱা ৯ বজাত নেতাই ধুবুনী প্ৰেছ ক্লাবৰ সভাপতি প্ৰণৱাশিস ৰায়ৰ পতাকা উত্তোলনৰ পিছত অনুষ্ঠিত হ’ব বন্তি প্ৰজ্বলন কাৰ্যসূচী। নেতাই ধুবুনী প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা তপন কুমাৰ দে’ আৰু বিশিষ্ট অধিবক্তা তথা ক্লাবৰ আইনী উপদেষ্টা মাছুদ আখতাৰ জামানে শুভাৰম্ভ কৰা সেই কাৰ্যসূচীৰ পিছত পুৱা ৯.২০ বজাত অনুষ্ঠিত হ’ব স্মৃতি তৰ্পণ কাৰ্যসূচী। ধুবুৰী শাখা সাহিত্য সভাৰ সভাপতি উদয়ন চক্ৰৱৰ্তীয়ে সেই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। পুৱা ৯.৩০ বজাত ধুবুৰীৰ বিশিষ্ট সমাজসেৱক উত্তম কুমাৰ প্ৰসাদৰ নেতৃত্বত অনুষ্ঠিত হ’ব বৃক্ষৰোপণ কাৰ্যসূচী। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া চাফাই অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ধুবুৰী পৌৰসভাৰ অধ্যক্ষ তথা বিশিষ্ট চিকিৎসক ডাঃ দেৱময় সান্ন্যালে। পুৱা ১১ বজাত ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) প্ৰাক্তন অধ্যক্ষ ড০ ধ্ৰুৱ চক্ৰৱৰ্তীৰ সঞ্চালনাত তথা মূল বিচাৰকৰূপে ধুবুৰী চহৰৰ স্থানীয় উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব। দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতা। ১৬ নৱেম্বৰৰ বিয়লি ৩ বজাৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল কাৰ্যসূচী মুকলি সভা আৰম্ভ হ’ব। ধুবুৰী জিলাৰ আয়ুক্ত দিৱাকৰ নাথে শুভ উদ্বোধন কৰিবলগীয়া সেই বিশেষ আলোচনা-চক্ৰখনত উপস্থিত থাকিব গুৱাহাটীৰ পৰা আমন্ত্ৰিত তথা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ গগৈ। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক তথা ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ উপেন্দ্ৰজিৎ শৰ্মাৰ সঞ্চালনাত সভাখন অনুষ্ঠিত হ’ব। সভাখনত অসম তথা ধুবুৰীৰ আন কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিক, গণ্যমান্য ব্যক্তিও বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব। ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন সমিতিৰ আহ্বায়ক তথা নেতাই ধুবুনী প্ৰেছ ক্লাবৰ উপ-সভাপতি, জ্যেষ্ঠ সাংবাদিক ৰাজীৱ চৌধুৰীয়ে এয়া সদৰী কৰিছে। উল্লেখ্য যে মুকলি সভাখনতে নেতাই ধুবুনী প্ৰেছ ক্লাবৰ প্ৰথম বাৰ্ষিক মুখপত্ৰ “ধুবুনী” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। মুকলি সভাখনৰ পিছত ধুবুৰীৰ স্থানীয় বাতৰিকাকতৰ হ’কাৰসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ পিছত অনুষ্ঠিত হ’ব বঁটা বিতৰণী অনুষ্ঠান। শেষত “অসম সংগীত” পৰিৱেশনেৰে নেতাই ধুবুনী প্ৰেছ ক্লাবৰ ১৬ নৱেম্বৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ সমাপন ঘটিব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like