হোলীৰ আনন্দত শেনচকু মহানগৰ আৰক্ষীৰ; ঠায়ে ঠায়ে চলালে তালাচী
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ হোলীৰ আনন্দ নহয় । মহনগৰীৰ একাংশ লোকৰ বাবে হোলী হ’ল দুখজনক । কাৰণ হোলীৰ দিনাই মহানগৰীৰ ঠায়ে ঠায়ে যান-বাহন আৰক্ষীয়ে তালাচী চলাই হোলীৰ আনন্দ ম্লান কৰিলে ।
চৌদিশে হোলীৰ আনন্দোল্লাসৰ মাজতে যুৱক-যুৱতীৰ আনন্দত বিধি পথালি দিলে মহানগৰ যানবাহন আৰক্ষীয়ে ।
যানবাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ল মহানগৰ আৰক্ষী । যাৰ বাবে যান বাহন আইন উলংঘা কৰি পথত হোলীৰ আনন্দ লোৱা একাংশ যুৱক-যুৱতী ৰোষত পৰিল মহানগৰ আৰক্ষীৰ ।মহানগৰীৰ বিভিন্ন ঠাইত হোলীৰ আনন্দৰ সুযোগ লৈ হেলমেট আৰু যাৱতীয় নথিপত্ৰৰ অবিহনে একাংশই উন্মুক্তভাৱে পথত বাইক চলোৱাৰ বাবেই ভৰিবলগীয়া হ’ল সহস্ৰাধিক ধন ।
উল্লেখ্য যে হোলীৰ প্ৰথম দিনটোত মহানগীৰত হোলীৰ আনন্দ ম্লান পৰা দেখা গৈছিল যদিও মঙলবাৰে দ্বিতীয় দিনা সকলো শ্ৰেণীৰ লোককে আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা গৈছে।