ক্ষমতা : সাহিত্য সভাৰ সভাপতি নির্বাচন প্রক্রিয়াত লেতেৰা ৰাজনীতি
বিশেষ বাৰ্তা,ডিব্ৰুগড়, ৮ নৱেম্বৰঃ ‘অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে পৰিচয় দিবলৈকো লাজ পোৱা হৈছোঁ।’ অসম সাহিত্য সভাত সৃষ্টি হোৱা পদবীকেন্দ্ৰিক বিতৰ্কক লৈ আজি এনেদৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিলে প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই। আজি সংবাদ মাধ্যমৰ আগত মিতভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়াই ক্ষোভ প্ৰকাশ কৰি কয় যে, মোক কোনোবাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’লে মই লাজ পোৱা নিচিনা হয়। মোক যেন সাহিত্য সভাৰ মানুহ বুলি ক’লে গাত যেন আহি চেকাটো লাগেহি, এই ভয় হয়। মোৰ যি খন ৰাইটিং পেড, তাত মই প্ৰাক্তন সভাপতি বুলি শব্দটো ৰখা নাই। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বা সাহিত্য সভাৰ মানুহ বুলি ক’বলৈ লাজ লগা কথা হ’ল এতিয়া। আনহাতে সাহিত্য সভাৰ মজিয়াত সংঘটিত হৈ থকা কাম-কাজক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰি ড০ শইকীয়াই আৰু কয় যে, সভাপতি হ’বলৈ প্ৰকৃত এজন সাহিত্যিক হ’ব লাগে। অ- সাহিত্যিক এজনক সাহিত্য সভাৰ দায়িত্ব দিলে সেইখন সাহিত্য সভা হৈ নাথাকে। সাহিত্য সভাক প্ৰকৃত সাহিত্য সভা হৈ থকাটো মনে প্ৰাণে কামনা কৰোঁ। এতিয়া মই শুনিছো যে সভাপতি কৰবাতে থাকে, সম্পাদকে চলাবলৈ যত্ন কৰে। আগৰ পৰাই কিন্তু সাহিত্য সভাত সভাপতিৰ যিটো ৰায় সেইটো শেষ ৰায় হৈ আহিছে। কিন্তু সাহিত্য সভাৰ বৰ্তমান অৱস্থাটোৰ প্ৰতি মই বৰ দুঃখিত। হোমেন বৰগোহাঞিৰ দিনলৈকে সাহিত্য সভা ঠিক আছিল বুলি উল্লেখ প্ৰথিতযশা সাহিত্যিকজনে কয়, একবিংশ শতিকাৰ পৰা সাহিত্য সভাৰ ক্ৰমে অৱনমন হৈছে। সাহিত্য সভাই নতুন লেখকসকলক সাহিত্যৰ লগত সংযুক্ত কৰিব লাগে। যি সকলৰ বয়স হৈছে তেওঁলোকক সভ্য কৰি ল’ব লাগে। বয়স বৃদ্ধি হ’লেই যে মানুহৰ জ্ঞান বৃদ্ধি হ’ব এনে কোনো কথা নাই। ইফালে বৰ্তমানৰ সভাপতি সূৰ্য হাজৰিকা অলপতে ড০ নগেন শইকীয়াক সাক্ষাৎ কৰিবলৈ অহাৰ সময়ত ড০ শইকীয়াই কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱাৰ কথা জানিবলৈ দি কয়, এইখন সাহিত্য সভা হৈ থাকিবলৈ দিয়া, এইখন যাতে অ-সাহিত্যিকৰ অনুষ্ঠান হৈ নুঠে। সেইকাৰণে মই ভাবো সাহিত্য সভা যদি সম্পূর্ণ সলনি নকৰে, তেতিয়া আৰু সাহিত্য সভা, সাহিত্য সভা হৈ নাথাকে। সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটোত ক্ষমতাৰ বাবেই যিদৰে লেতেৰা ৰাজনীতি কৰিছে, ই জাতীয় অনুষ্ঠানটোক চৰম আঘাত সানিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰথিতযশা সাহিত্যিকজনে। আনহাতে প্ৰকৃত সাহিত্যিক তথা সাহিত্যৰ সাধকসকলে কেতিয়াও সাহিত্য সভাৰ সভাপতি হম বুলি নিজে নকয় বা আগবাঢ়ি নাহে। তেওঁলোকক মৰ্যদা আমি নিজেই দিব লাগিব বুলি উল্লেখ কৰে। কিন্তু এতিয়া অ-সাহিত্যিক সকলেহে সভাৰ সভাপতি হ’বলৈ হেতা উপৰা লগাতো চৰম দুৰ্ভাগ্য জনক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়াই। ড° শইকীয়াই লগতে কয় যে সেইকাৰণে মই ভাবো সাহিত্য সভা যদি সম্পূর্ণ সলনি নকৰে, তেতিয়া আৰু সাহিত্য সভা, সাহিত্য সভা হৈ নাথাকে।সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াটোত ক্ষমতাৰ বাবেই যিদৰে লেটেৰা ৰাজনীতি কৰিছে ই জাতীয় অনুষ্ঠানটোক চৰম আঘাত সানিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰথিতযশা সাহিত্যিক গৰাকীয়ে। আনহাতে প্ৰকৃত সাহিত্যিক তথা সাহিত্যৰ সাধক সকলে কেতিয়াও সাহিত্য সভাৰ সভাপতি হম বুলি নিজে নকয়, বা আগবাঢ়ি নাহে। তেওঁ লোকক মৰ্যদা আমি নিজেই দিব লাগিব বুলি কয়। কিন্তু এতিয়া অ-সাহিত্যিক সকলেহে সভাৰ সভাপতি হ’বলৈ হেতা উপৰা লগাতো চৰম দুৰ্ভাগ্যজনক বুলিও সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে। আনহাতেদি শেহতীয়াকৈ অসমীয়া ভাষাৰ ইতিহাস সন্দৰ্ভত জনপ্ৰিয় গায়ক জুবিন গাৰ্গকে ধৰি বিভিন্ন জনে বিৰ্তক সৃষ্টি কৰাৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াই।অসমীয়া ভাষাৰ ইতিহাস, ই কিমান পুৰণি ইত্যাদি প্ৰসংগত চৰ্চা চলি থকা সময়তে সাহিত্যিক ড° নগেন শইকীয়াই ভাষাটোৰ ইতিবৃত্ত সম্পর্কে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। তেওঁ কয়- মই স্পষ্টকৈ কৈছো বাংলা ভাষাৰ পৰা অসমীয়া ভাষা অহা নাই।সাঁচি গছ অসমতেই পোৱা যায় অসমৰ বাহিৰে এই গছ ক’তো নাই, সাঁচি পাতত অসমীয়া লিপি লেখাটোৱেও প্ৰমাণ কৰে ইয়াৰ ইতিবৃত্ত কিমান পুৰণি। ভাস্কৰ বৰ্মণৰ পূৰ্বৰে পৰা অসমত অসমীয়া ভাষাৰ প্ৰচলনৰ সন্দৰ্ভত ইতিহাস সাক্ষী আছে বুলিও সদৰী কৰি ভালেমান যুক্তি আৰু তথ্যৰে ড° নগেন শইকীয়াই অসমীয়া ভাষাৰ ইতিহাস সম্পর্কে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। লেখিকা সংস্থা অসমে প্ৰথিতযশা সাহিত্যিকগৰাকীলৈ ভাষা গৌৰৱ বঁটা প্ৰদান অনুষ্ঠানত এইদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
প্ৰেৰক বিভাস দুৱৰা