অসম সাহিত্য সভাৰ পৰৱর্তী সভাপতি কোন?
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে সভাপতিৰ নতুন পেনেল প্রস্তুত কৰাৰ লগে লগে চলি থকা বিতর্কৰ কিছু শাম কাটিছিল যদিও আগন্তুক সময়ত জাতীয় অনুষ্ঠানটোত কোনে নেতৃত্ব দিব, তাক লৈ এতিয়া চর্চা আৰম্ভ হৈছে৷ কিয়নো নতুন পেনেল প্রকাশৰ পাছতে তিনিগৰাকীকৈ বিশিষ্ট সাহিত্যিকে তেওঁলোকৰ নাম প্রত্যাহাৰ কৰিছে৷ যাৰ ফলত সভাপতিৰ পেনেলত বর্তমান দুগৰাকী সাহিত্যিক ক্রমে ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচামৰ নামহে অন্তর্ভুক্ত হৈ আছে৷ তৎসত্ত্বেও সংবিধান অনুসৰিয়েই সভাপতি নির্বাচনৰ প্রক্রিয়া সভাই আৰম্ভ কৰাৰ সময়তে সভাপতিৰ পেনেলৰ পৰা নাম প্রত্যাহাৰ কৰা বিশিষ্ট সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্রসাদ শর্মাই কেতবোৰ তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ সামাজিক মাধ্যমৰ জৰিয়তে সভাপতিৰ পদত নির্বাচন খেলিবলৈ অনিচ্ছুক বুলি ঘোষণা কৰা বিশিষ্ট সমালোচকগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত পুনৰ কয় যে প্রতিদ্বন্দ্বিতা কৰি অসম সাহিত্য সভাৰ সভাপতি তেওঁ হ’ব নোখোজে৷ এই প্রসংগতে ড০ শর্মাই কয়– প্রতিদ্বন্দ্বিতা কৰি মই অসম সাহিত্য সভাৰ সভাপতি হ’ব নোখোজোঁ৷ এই কথাটো বহু আগতে ড০ ভবেন্দ্র নাথ শইকীয়াই কৈ গৈছে৷ মই প্রতিদ্বন্দ্বিতা কৰিম বুলি কোৱা নাই৷ মোক নোসোধাকৈ তেওঁলোকে পেনেলত মোৰ নামটো কিয় ভৰাই দিছে? সভাপতি হ’বলৈ সন্মতি দিছোঁ৷ কিন্তু মোক নোসোধাকৈ এখন ৫জনীয়া পেনেলত মোৰ নামটো ভৰাই দিছে৷ মই নিজে নির্বাচনৰ মাজেৰে নাযাওঁ৷ নির্বাচন খেলি সাহিত্য সভাৰ সভাপতি হ’ম, সেইটো কিয় আশা কৰিম? সাহিত্য সভাৰ সভাপতি হ’বলৈ মই সন্মত৷ কিন্তু পেনেলত সোমাই প্রতিদ্বন্দ্বিতা কৰিবলৈ সন্মত নহয়৷ ৫জনীয়া পেনেলত নাম সোমোৱাৰ লগে লগে ৰাজনীতি হ’ল৷ পেনেল আহিল মানে মই প্রতিদ্বন্দ্বী হ’লোঁ৷ আৰু চাৰিজনে মোৰ লগত প্রতিদ্বন্দ্বিতা কৰিব৷ মই তেওঁলোকৰ লগত প্রতিদ্বন্দ্বিতা কৰিম৷ তেওঁলোকে মোক হৰুৱাব নে মই তেওঁলোকক হৰুৱাম, সেই ৰাজনীতিত মই নাই৷ এই ৫জনীয়া পেনেলৰ পৰা সভাপতি ৰাজনীতিৰ মাজেৰে হ’ব লাগিব৷ প্রতিদ্বন্দ্বিতা কৰি সভাৰ সভাপতি হ’ব নোখোজো৷ আনহাতে, সাহিত্য সভা এক জাতীয় অনুষ্ঠান বুলি উল্লেখ কৰি ড০ শর্মাই কয়– জাতিয়ে মোক সাহিত্য সভাৰ সভাপতি পাতিব লাগে৷ মই ৰাজনীতি নকৰোঁ৷ সভাপতিগৰাকী মনোনীত হ’ব লাগে৷ অৱশ্যে ড০ বসন্ত গোস্বামীয়ে সভাপতি পদৰ বাবে সন্মতি প্রকাশ কৰাৰ উপৰি সভাপতিৰ দায়িত্ব লাভ কৰিলে কিধৰণৰ পদক্ষেপ গ্রহণ কৰিব, তাৰ পৰিকল্পনাও কৰিছে বুলি সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰিছে৷ তেওঁ কয়– যদি কেনেবাকৈ ভগৱানে সহায় কৰে আৰু মই যদি সভাপতি হ’ব পাৰোঁ, তেতিয়াহ’লে বর্তমানৰ এই সংবিধানখনৰ যিখিনি অসুবিধা, সেয়া দূৰ কৰিবলৈ চেষ্টা কৰিম৷ কাৰণ মই আগতে নিজেই সংবিধান কৰা৷ গতিকে মোৰ অভিজ্ঞতাও আছে৷ সেইফালৰ পৰা এইখন সম্পূর্ণৰূপে সংশোধন কৰি সাংবিধানিক নিয়ম অনুসৰি বর্তমানৰ যিটো ব্যৱস্থা আছে, সেই ব্যৱস্থাটো আঁতৰাবলৈ মই যত্ন কৰিম৷ মই যদি সেই দায়িত্বটো পালন কৰিবলগীয়া হয়, অসম সাহিত্য সভাৰ বর্তমানৰ যিটো ৰূপ তাতকৈ বহু ওপৰলৈ যাব৷ ইতিমধ্যে মই পৰিকল্পনা আৰম্ভ কৰিছোঁ৷ আনহাতে, পেনেলৰ পৰা তিনিগৰাকীকৈ বিশিষ্ট সাহিত্যিকে নাম প্রত্যাহাৰ কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰিছে বর্তমানৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকায়ো৷ বর্তমানৰ সংবিধান অনুসৰিয়েই তেওঁলোকে সভাপতি পদৰ বাবে ৫জনীয়া তালিকা প্রস্তুত কৰিছে বুলিও ড০ হাজৰিকাই সদৰী কৰে৷ এই প্রসংগত তেওঁ কয়– সভাপতি হিচাপে মই প্রত্যেকজনকে যথেষ্টভাৱে গুৰুত্ব দিছোঁ৷ সভাপতি নির্বাচনৰ প্রক্রিয়াটোৰ বাবে আমি যিটো পর্যায়লৈ যাবলগীয়া হৈছে সেইখিনি সংবিধানত লিখি থোৱা আছে৷ আজিৰ পৰা দুবছৰ আগত নাৰায়ণপুৰ অধিৱেশনত দায়িত্ব লোৱাৰ পাছত এই সংবিধান হাতত তুলি লৈছিলোঁ৷ যোৰহাটত অনুষ্ঠিত প্রথম কার্যনির্বাহকত আমি সকলোৱে সংবিধানৰ নীতি–নিয়ম মানি চলিম বুলি শপতগ্রহণ কৰিবলগা হৈছিল৷ সেই সংবিধানৰ নীতি–নিয়ম মানি চলিম বুলি কোৱাৰ পাছত ৫জনীয়া পেনেল আমি কৰিবই লাগিব৷ অৱশ্যে আগন্তুক সময়ত সভাপতি বাছনিৰ এই প্রক্রিয়া সংশোধনৰ বাবে তেওঁ পৰামর্শ আগবঢ়াই যাব বুলি ড০ হাজৰিকাই সদৰী কৰে৷ তেওঁ কয় যে চাৰি বছৰৰ মূৰে মূৰে সংবিধান সংশোধন কৰিব পাৰিব৷ পৰৱর্তী যিখন সমিতি আহিব তেওঁলোকে সংবিধান সংশোধন কৰিব পাৰিব৷ আনহাতে কোনা সাহিত্যিকে ভোট বিচাৰি ভোটাৰৰ ঘৰে ঘৰে যাব নালাগে বুলি উল্লেখ কৰি ড০ হাজৰিকাই কয়– যিকেইগৰাকীক সভাপতিৰ বাবে বাছনি কৰা হয়, তেওঁলোক নিশ্চিতভাৱেই অসমৰ একো একোজন বৰেণ্য সাহিত্যিক হ’ব লাগে৷ এই সাহিত্যিকসকলক কম–বেছি পৰিমাণে সকলোৱে জানে৷ আমি পত্রৰ জৰিয়তে পেনেলৰ সাহিত্যিকসকলৰ জীৱনপঞ্জী বিচাৰিছোঁ৷ জীৱনপঞ্জী ভোটাৰসকলৰ ওচৰলৈ পঠিয়াই দিম৷ তেওঁলোকে ঘৰে ঘৰে গৈ ভোট বিচাৰিব নালাগে৷ সেই প্রথা আমি নাইকিয়া কৰিব বিচাৰিছোঁ৷ ইফালে, সাহিত্য সভাৰ বর্তমানৰ কার্যনির্বাহকৰ সদস্য তথা মুখপাত্র পংকজ কুমাৰ দত্তই সভাপতি নির্বাচন বিতর্ক সন্দর্ভত নিজৰ মত প্রকাশ কৰিছে৷ তেওঁ কয়– অসমৰ সমাজ জীৱনৰ এই শতবর্ষ গৰকা অনুষ্ঠানটো ভংগ কৰি দিব লাগে বুলি কোনো কোনোৱে কৈছে৷ এই অনুষ্ঠানটোৱে প্রাসংগিকতা হেৰুৱাইছে বুলিও বহু লোকে মত প্রকাশ কৰিছে৷ মোৰ মত এইক্ষেত্রত ভিন্ন৷ এশ বছৰীয়া ঐতিহ্যৰ এই জাতীয় অনুষ্ঠানটোৰ মৃত্যু কোনোপধ্যে মোৰ কাম্য নহয়৷ বৰঞ্চ নতুন প্রজন্মৰ ব্যাপক অংশগ্রহণ, বিশিষ্ট সাহিত্যকৰ অংশগ্রহণ, জনগোষ্ঠীয় সমাজৰ অংশগ্রহণ, গৱেষক পণ্ডিতৰ অংশগ্রহণ কাম্য৷ অসমৰ প্রায় সকলো প্রান্তত আনকি ভাৰত তথা পৃথিৱীৰ বিভিন্ন ঠাইত শাখা সাহিত্য সভা থকা এই জাতীয় অনুষ্ঠানটোৰ একত্রিত মানৱ শক্তি অসমীয়া জাতিৰ ঐতিহ্য আৰু ঐক্যৰ প্রতীক৷ তেওঁ লগতে কয় যে প্রকৃত সাহিত্যিকক অসম সাহিত্য সভাৰ সভাপতি বা আন পদত অধিষ্ঠিত কৰিব লাগে আৰু সভাত অসাহিত্যিকৰ ভিৰ হৈছে বুলি সমালোচনা হৈছে৷ এই সমালোচনাৰ ভিত্তি অস্বীকাৰ কৰিব নোৱাৰি৷ অসম সাহিত্য সভাৰ প্রতি অসমীয়া সমাজখনৰ বিভিন্ন স্তৰত অসন্তুষ্টি সৃষ্টি হোৱাৰ কাৰণ কি? নতুন প্রজন্ম অসম সাহিত্য সভাৰ প্রতি আকৃষ্ট হয় নে নহয়, এই কথাবোৰ সাহিত্য সভাৰ ভিতৰে–বাহিৰে চর্চাৰ বিষয়৷ এতিয়া কথাটো হ’ল অসম সাহিত্য সভাই ইচ্ছা কৰিলেই কোনো বিশিষ্ট সাহিত্যিকক সভাপতি পাতিব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল সভাৰ সংবিধানখন৷ সভাপতি হ’বলৈ হ’লে বিশিষ্ট লেখক বা সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ স্থায়ী সদস্য অর্থাৎ আজীৱন সভ্য হ’বই লাগিব৷ দুবছৰ পূর্বে সাহিত্য সভাৰ সংবিধানখন সংশোধন কৰা হৈছিল৷ সংবিধান অনুসৰিহে সভাৰ নির্বাচনী কাম পৰিচালনা কৰিব পৰা যাব৷ গতিকে সভাপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত কৰাৰ বিকল্প নাই৷ উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে ৫জনীয়া প্রস্তুত কৰিব বুলি সংবিধানত লিখা আছে৷ তেওঁ লগতে কয়– অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই স্পষ্টভাৱে কৈছে যে এই সংবিধানখনৰো সংশোধনীৰ প্রয়োজন আছে৷ কিন্তু সভাৰ পৰৱর্তী কার্যকালৰ সমিতিয়ে সংবিধান আসোঁৱাহমুক্ত কৰিব পাৰিব৷ এইক্ষেত্রত বর্তমান সমিতিৰ হাত–ভৰি বন্ধা৷