পৰীক্ষিত বৈশ্যক ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ১৯ নবেম্বৰ : অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ উদ্যোগত কালি সন্ধিয়া সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পালন কৰা হ’ল বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিৰিণা গোষ্ঠী-অসমৰ নৱেম্বৰ মাহৰ সাহিত্য আলাপ বিৰিণা বৈভৱ, বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী সভাও অনুষ্ঠিত কৰা হয়। কালি সন্ধিয়া বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাথলীত গোষ্ঠীটোৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল বণিক্যৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট গল্পকাৰ অজিত ৰাজবংশীয়ে। ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট লেখিকা পাৰ্বতী পাটোৱাৰীয়ে। সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে সৰ্থেবাৰীস্থিত বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুদন ডেকাই। নটৰাজৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক গীতাৰ্থ ডেকাই। আদৰণি ভাষণ প্ৰদান কৰে বিৰিণা গোষ্ঠী-অসমৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। অনুষ্ঠানত বিৰিণা গোষ্ঠী-অসমৰ শৰৎ সংখ্যক ক্ষুদ্ৰ কাব্য আলোচনী “বীথিকা” উন্মোচন কৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনে। সভাখনত ভাষণ প্ৰদান কৰি দীপাংকৰ বৰ্মনে কয় যে সাহিত্য হৈছে সমাজৰ দাপোণ আৰু সাহিত্য সেৱক হৈছে সমাজৰ একোটা খুঁটা। বিশিষ্ট কবি-লেখিকা ললিতা দাসৰ “ককা-আইতা আৰু সোণালী শৈশৱ” কাব্যগ্ৰন্থখন উন্মোচন কৰি গ্ৰন্থখন সম্পৰ্কত আৰু ৰঘুনাথ চৌধাৰীৰ জীৱন-কৃতি আৰু সৃষ্টিৰাজিৰ বিষয়ে ভাষণ প্ৰদান কৰে বিশিষ্ট কবি-সাহিত্যিক ডঃ বিনয় কুমাৰ মজুমদাৰে। ভাষণ প্ৰদান কৰি নিজৰ স্বাভিমান বজাই ৰাখিব পাৰিলেহে এটা জাতি সুৰক্ষিতহৈ থাকিব বুলিও মন্তব্য প্ৰকাশ কৰে ডঃ বিনয় কুমাৰ মজুমদাৰে। পিজা, বৰ্গাৰ খোৱাৰ সমান্তৰালকৈ আমাৰ সান্দহগুৰি, টেকেলিপিঠা, ঘিলা পিঠা আদি আনক খুৱাব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে ডঃ বিনয় কুমাৰ মজুমদাৰে। উক্ত অনুষ্ঠানতে ৰঘুনাথ চৌধাৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিৰিণা গোষ্ঠী-অসমে প্ৰতি বছৰে প্ৰদান কৰি অহা ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি প্ৰদান কৰা হয় বৰক্ষেত্ৰীৰ প্ৰগতিশীল লেখক-সাহিত্যিক তথা চিন্তাশীল ব্যক্তি পৰীক্ষিত বৈশ্যক। বঁটা গ্ৰহণ কৰি পৰীক্ষিত বৈশ্যই আপ্লুত হোৱাৰ লগতে বিৰিণা গোষ্ঠী-অসমৰ এই পদক্ষেপৰ শলাগ লগায়। নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত ৰাজীৱ কুমাৰ দাসে গোষ্ঠীটোৰ হৈ এই বঁটা প্ৰদান কৰে। ৰাজীৱ কুমাৰ দাসে ভাষণ প্ৰদান কৰি বিৰিণা গোষ্ঠী-অসমৰ কৰ্যপন্থাক প্ৰশংসা কৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক পেন্সনাৰ তথা বিশিষ্ট সাহিত্যিক মৃণাল মল্ল পাটোৱাৰীয়ে বিহগী কবি ৰঘুনাথ চৌধাৰীৰ চাৰিটা কবিতা সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়। সভাত ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা, সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পাৰ্বতী পাটোৱাৰী আদিয়ে ভাষণ প্ৰদান কৰি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ সাহিত্য আৰু সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰে। সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ জামান উপস্থিত থাকি ৰঘুনাথ চৌধাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছাহজাহান আলী, কুশল চৌধুৰী , জিয়াউৰ ৰহমান, ৰূপাঞ্জলি চৌধুৰী, সুৰজিৎ পাঠক, নিজৰা বৰ্মন ডেকা, কুলদীপ পাঠক, প্ৰীতিমণি ভূঞা, নেকিবুৰ ৰহমান, নৱজিৎ নাথকে ধৰি কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰাৰ লগতে বৰষা ৰয়, শ্যামলিমা বণিক্য, শিখামণি বৰ্মনে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। ইয়াৰ উপৰি বিশিষ্ট অধিবক্তা আনোৱাৰ হুছেইন, সমাজসেৱক চহিদ আলী, আনোৱাৰ হুছেইন, যুৱ লেখক কল্প তালুকদাৰ, গোষ্ঠীটোৰ সহকাৰী সম্পাদক জয়ন্ত ডেকা, কোষাধ্যক্ষ বনজিৎ বৈশ্য, সদস্য জেহেৰুল ইছলাম, দেৱজিৎ নাথ, চানবৰ আলী, চাহনুৰ আলী, বচিৰুদ্দিন আহমেদ, মকিবুল ইছলাম, ধৰণী নাথকে ধৰি কেইবাগৰাকীও সদস্যই ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম সংগীত পৰিবেশন কৰাৰ পাছতেই অনুষ্ঠানৰ সামৰণি পৰে।
প্ৰেৰক নকুল তালুকদাৰ