ভাইবোৱাৰীয়েক ধৰ্ষণৰ অপচেষ্টা প্ৰধান শিক্ষকৰ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ কামৰূপ জিলাৰ ছমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীত এক লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ অভিযোগ মতে ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ১২৮৪নং চৌধুৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে নিজ ভাই বোৱাৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উত্থাপিত অভিযোগমতে শিক্ষক মীৰ হুছেইনে নিজৰ সৰু ভাই ঘৰত নথকাৰ সুযোগ লৈ নিশা প্ৰায় ৯ বজাত ভাই বোৱাৰী তথা এটি সন্তানৰ মাতৃৰ ঘৰত প্ৰবেশ কৰি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা কৰে। সেই সময়ত বোৱাৰী গৰাকী চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক লম্পট প্ৰধান শিক্ষক মীৰ হুছেইনৰ হাতৰ পৰা উদ্ধাৰ কৰে যদিও চৰিত্ৰহীন শিক্ষক গৰাকী পলায়ণ কৰে। ঘটনাৰ পিচতেই ভুক্তভোগী মহিলাগৰাকীয়ে জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পিচত মহিলাগৰাকীয়ে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ সহযোগত ভাৰতীয় আইন সংহতি U/s 329/74/75(1) (I)/75(2)(II) BNSS ধাৰা আৰু 399/24 নম্বৰত গোচৰ পঞ্জীয়ন কৰে। গোচৰ পঞ্জীয়ন হোৱাৰ পিচৰে পৰাই প্ৰধান শিক্ষক মীৰ হুছেইনে শাৰীৰিক অসুস্থততাৰ দোহাই দি বিদ্যালয়ৰ পৰা ছুটি লৈ আৰক্ষীৰ ভয়ত পলাই ফুৰিছে। অভিযোগ অনুসৰি প্ৰধান শিক্ষক মীৰ হুছেইন অকল দুচৰিত্ৰৰেই নহয় বৰং বিদ্যালয়ৰ নামত অহা মধ্যাহ্ন ভোজনৰ ধনৰ ক্ষেত্ৰতো ব্যাপক খেলি-মেলি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। প্ৰধান শিক্ষক গৰাকীয়ে মধ্যাহ্ন ভোজনৰ চাউল নিজৰ ঘৰত ৰাখি গৰিষ্ঠসংখ্যক চাউল মাছৰ আহাৰ হিচাপে ব্যৱহাৰ কৰাৰ গুৰুতৰো অভিযোগ উত্থাপন হৈছে। এতিয়া প্ৰশ্ন হয় এনে শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে? চৰিত্ৰহীন শিক্ষক মীৰ হুছেইনৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ ওচৰত ব্যৱস্থা লবলৈ ভুক্তভোগী মহিলাগৰাকীয়ে দাবী জনাইছে।
প্ৰেৰক জমিৰ আল হাছান