চিপ লোৱা অৱস্থাত উদ্ধাৰ আইনৰ স্নাতক ডিগ্ৰীধাৰী বোৱাৰীৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বজালী জিলা সদৰ পাঠশালাত এগৰাকী বোৱাৰীৰ মৃতদেহ শোৱনী কোঠাত চিপ লোৱ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই নগৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পাঠশালা নগৰৰ পশ্চিম পট্টিৰ তিনি নং ৱাৰ্ড নিবাসী আইনৰ স্নাতক ডিগ্ৰীধাৰী মনালিছা চৌধুৰী ওৰফে মনালিছা ভট্ট নামৰ ২৮ বছৰীয়া বোৱাৰী গৰাকী কালি পুৱাৰ ভাগত নিজৰ শোৱনি কোঠাতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে৷ সেইসময়ত মনালিছাৰ স্বামী আৰু দুৱছৰীয়া পুত্ৰ সন্তানটি অইন এটি কোঠাত শুই থকা বুলি পৰিয়ালসুত্ৰে জানিব পৰা গৈছে৷ উল্লেখ্য যে ২০২২ চনত পাঠশালাৰ বিভুতি চৌধুৰী আৰু প্ৰাক্তন ৱাৰ্ড কমিচনাৰ জুনু চৌধুৰী পুত্ৰ অংকুৰ চৌধুৰীৰ সতে বিবাহপাহত আবদ্ধ হৈছিল নলবাৰীৰ নদ্দীৰ নিৱাসী আইনৰ স্নাতক ডিগ্ৰীধাৰী মনালিছা৷ পাঠশালাৰ শ্ৰীৰাম একাডেমি নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত কৰ্মৰত অংকুৰ দেৱ চৌধুৰীৰ পত্নী মনালিছাই যোৱা নিশা নিজ মাতৃ মইনাবালা দেৱীৰ সৈতে ফোনত সম্পুৰ্ণ সাধাৰণভাৱে কথা বতৰা পাতিছিল বুলি বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালে জানিবলৈ দি পুৱাই জিয়ৰীৰ এই মৰ্মান্তিক খবৰে পৰিয়ালটোৰ পিতৃ মাতৃক হতবম্ব কৰি তোলে৷ খবৰ লাভ কৰাৰ পিছতে মনালিছাৰ পিতৃ-মাতৃ অংকুৰ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ জীয়াৰীক স্বামী অংকুৰে বিভিন্ন সময়ত শাৰীৰিক তথা মানসিক অতিশয্য চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ মাতৃগৰাকীয়ে অংকুৰৰ বাসগৃহৰ চোতালত চিঞৰি চিঞৰি কয়, “সিহঁতে মোৰ ছোৱালীক হত্যা কৰিছে৷” দীৰ্ঘদিন ধৰি স্বামী অংকুৰে টকা পইচা বিচাৰি মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰি মাতৃগৰাকীয়ে কয় যে স্বামীয়ে তেওলোকৰ জীয়াৰীক মাৰধৰ কৰাৰ কথা প্ৰায়ে ফোন যোগে অৱগত কৰিছিল৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী অংকুৰৰ ঘৰত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে৷ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ এয়া হত্যা নে আত্মহত্যা তাক লৈ সমগ্ৰ পাঠশালাতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰু যদি আত্মহত্যাই হয় তেন্তে দুগ্ধপোষ্য দুবছৰীয়া পুত্ৰ সন্তানটিক এৰি এগৰাকী মাতৃয়ে কিয় এনেদৰে জীৱনৰ চৰম সিদ্ধান্ত বাচি লব লগা হ’ল সেয়া হয়তো আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব৷ উল্লেখ্য যে মনালিছাৰ পিতৃ মাতৃয়ে স্বামী অংকুৰৰ বিৰুদ্ধে পাঠশালা আৰক্ষী থানাত এই সন্দৰ্ভত এটি অভিযোগ দাখিল কৰিব বুলি প্ৰকাশ কৰিছে৷ জানিব পৰা অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ পিছত বৰপেটাতে শৱদেহটি সৎকাৰৰ ব্যৱস্থা কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা