জানক আজিৰ দিনটোৰ ৰাশিফল
আজি ২২ নৱেম্বৰ, আঘোণ মাহৰ ৬ তাৰিখ
মেষ : পিচবেলা কোনো ক্ষেত্রত নিৰাশ হব পাৰে। প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক। দাম্পত্যত মধ্যম। শৰীৰ ভাল হলেও উদ্বেগ এৰাব নোৱাৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৯
বৃষ : উৎকণ্ঠাৰে কটাব লগা হব পাৰে। কৰ্মতো মন চঞ্চল হব পাৰে। কোনো খবৰত বৰ সুখী নহব। আর্থিকতো চিন্তা। প্রেমত শুভ। শুভ ৰং মুগা। শুভ সংখ্যা ৫
মিথুন : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সৌভাগ্য দেখিব। আনহাতে বুজন পৰিমানৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল। বিদ্যাতো চিন্তা কম যদিও ব্যস্ততা থাকিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ২
কর্কট : কাৰ্যকৰী সংযোগত অনুকূল। আর্থিকতো আশাপ্রদ। কিন্তু সাময়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনো সমস্যাৰ সম্মুখীন হলেও দুশ্চিন্তা নকৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩
সিংহ : অধীৰ আগ্রহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। আবেলি কিছু উন্নত। শুভ ৰংকমলা, শুভ সংখ্যা ৬
কন্যাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হব পানে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান। ব্যৱসায়ত মধ্যম ফল পাব। শুভ ৰং ক্ৰীম, শুভ সংখ্যা ২
তুলাঃ কর্মতৎপৰতা বৃদ্ধি পাব। তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্রশংসিত হব। আর্থিকত খুব বেয়া নহব, দাম্পত্যত মধ্যম। বিদ্যাত উন্নতি। শুভ ৰং নীলা। শুভ সংখ্যা ৭
বৃশ্চিক : পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা থাকিব। অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হব। আর্থিক দিশত শুভ। শুভ ৰং বগা। শুভ সংখ্য্যা ৯
ধনু : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পতাত তেনে আভাস আছে। শৰীৰ মধ্যম। পৰাপক্ষত স্পষ্টভাষী হবলৈ যত্ন কৰক। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪
মকৰঃ মনত ফৰকাল নাৰাখিব। কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে। ঘৰুৱা কথাত সামান্য উদাসীনতা। ভ্রমণত কষ্ট। শুভ ৰং কলা, শুভ সংখ্যা ৮
কুম্ভ : নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। বিয়া বাৰুৰ কথা-বতৰাত আগুৱাব। সুকুমাৰ কলা শিল্পত অনুকূল। শুভ ৰং ৰঙা, শুভ সংখ্যা ১
মীন : কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক কিছু হলেও কৃতকার্য হবই। ভ্রমণৰ সম্ভাৱনা আছে।
শুভ ৰং কমলা, শুভ সংখ্যা ৫