ইটাভাতাৰ পুখুৰীত পৰি পোৱালিসহ ছটাকৈ হাতী আবদ্ধ
বিশেষ বাৰ্তাঃ ২১ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা ছটাকৈ হাতী আজি এটা পুখুৰীত পৰি দীৰ্ঘসময় ধৰি আৱদ্ধ হৈ থকাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৰিয়নিৰ নকছাৰি অঞ্চলৰ দিহিঙীয়া গাঁৱ আৰু দিহিঙীয়াপাৰ চাহ বাগিচাৰ সমীপত এই ঘটনা সংঘটিত হৈছে। ইটাভাটালৈ মাটি নিবৰ বাবে জধে-মধে খন্দা পুখুৰীত পোৱালিসহ হাতীকেইটা পৰি আৱদ্ধ হৈ পৰে। উল্লেখযোগ্য যে কালি সন্ধিয়া প্ৰায় ৬ বজাত অভয়াৰণ্যখনৰ পৰা ভেলেউগুৰি চামতল হৈ প্ৰায় ৩০-৩৫জনীয়া এটা হাতীৰ বৃহৎ পালে দিহিঙীয়াপাৰ চাহ বাগিচাত প্ৰৱেশ কৰে। তাৰ কিছু সময়ৰ পিছতেই হাতীৰ পালটো দিহিঙীয়া গাঁৱৰ পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা ধাননি মহতিয়াই নিয়ে। বিগত তিনিদিন ধৰি হাতীৰ পালটোৱে এই স্থানত ধাননি পথাৰ তহিলং কৰিছে। ইফালে, হাতীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। স্থানীয় লোকে বন বিভাগক খৱৰ দিয়াত কিছু পলমকৈ বন বিভাগৰ লোক উপস্থিত হয় যদিও তেওঁলোকে হাতীপাল ধাননি পথাৰৰ পৰা আঁতৰাই পঠিওৱাৰ বিপৰীতে পথৰ ওপৰতে অৱস্থান লৈ থাকে। পিছত স্থানীয় লোকৰ হেঁচাত বন বিভাগৰ লোকে ধাননি পথাৰৰ মাজত প্ৰৱেশ কৰি শূন্যলৈ কেবাজাঁই গুলী ফুটাই নিশা প্ৰায় ১২ মান বজাত হাতীৰ পালটোক ধাননি পথাৰৰ মাজৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হয়। কিন্তু কিছু সময়ৰ পিছতেই হাতী পুনৰ পথাৰত প্ৰৱেশ কৰে । বন বিভাগে পুনৰ খেদি পঠিয়াবলৈ চেষ্টা কৰে । তাৰ মাজতে ছটাকৈ হাতী কেনেবাকৈ ওচৰৰে এটা দ পুখুৰীত পৰি যায় । সন্দেহ কৰা মতে, নিশা প্ৰায় ২ মান বজাত হাতীকেইটা পুখুৰীটোত পৰে। কিন্তু কি পৰিস্থিতিত হাতীকেইটা পুখুৰীটোত পৰে সেয়া জানিব পৰা নগ’লেও মানুহৰ খেদাখেদিৰ ফলতেও হাতীকেইটা পুখুৰীটোত পৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে, হাতীকেইটাই চিঞৰত গগন ফালে। কিন্তু সেই বিষয়ে কোনো অৱগত হোৱা নাছিল। পিছত পুৱতিনিশা হাতীপালটোৰ আনকেইটা হাতী আঁতৰি যোৱাৰ পিছতহে পুখুৰীৰ পানীত হাতী আৱদ্ধ হৈ থকাৰ বিষয়ে অঞ্চলটোৰ ৰাইজৰ লগতে বন বিভাগৰ লোক অৱগত হয়। হাতীকেইটাই পানীৰ পৰা উঠিবলৈ আপ্ৰাণ চেষ্টা কৰে যদিও সফল নহ’ল। অৱশ্যে প্ৰায় ৬ মান বজাত দুটা হাতী কোনোমতে পুখুৰীৰ পৰা পাৰলৈ উঠিবলৈ সক্ষম হয় যদিও এটা পোৱালিসহ চাৰিটা হাতী আৱদ্ধ হৈ পৰে। বন বিভাগৰ লোকে হাতীকেইটা উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলাইয়ো সফল নহ’ল। অৱশেষত প্ৰায় ছঘন্টাৰ অন্তত হাতীকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পুৱা প্ৰায় ৮ মান বজাত এক্সকেভেটৰৰ সহায়ত পুখুৰীটোৰ পাৰ খহাই দিয়াৰ পিছত বহু চেষ্টাৰ মুৰত হাতীকেইটা পাৰলৈ উঠি আহে। ইয়াৰ পিছতেই পোৱালি হাতীটোৱে দৌৰি দৌৰি গৈ মাকৰ গাখীৰ খোৱা দৃশ্যই উপস্থিত সকলোৰে মন মুহি নিয়ে। প্ৰায় ছঘন্টা পানীত যুঁজি যুঁজি পোৱালি হাতীটো ভোকে ভাগৰে ভাগৰি গৈছিল। মন কৰিবলগীয়া যে, বৃহত্তৰ ভেলেউগুৰি অঞ্চলৰ লগতে দিহিঙীয়াপাৰ চাহ বাগিচাৰ সমীপত আৰু দিহিঙীয়া গাঁৱৰ সমীপত থকা ইটা ভাটা সমূহত ইটা প্ৰস্তুত কৰিবৰ বাবে ভাটাসমূহৰ আশে পাশে এক্সকেভেটৰৰ সহায়ত মাটি খান্দি দ দ পুখুৰীসদৃশ গাঁতৰ সৃষ্টি কৰিছে। জধে-মধে খন্দা এই গাঁতসমূহত পানী জমা হৈ বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছে। আনকি বাঁহনিৰ মাজতো এইদৰে মাটি খান্দি বৃহৎ পুখুৰীৰ সৃষ্টি কৰিছে। এনে গাঁতত পৰি ইতিমধ্যেই একাধিক ব্যক্তি মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে। এনে পুখুৰীসমূহত কোনো বেৰিকেড নথকাৰ বাবে সহজতে যিকোনো জীৱ জন্তু পানীত সোমাই পৰাৰ আশংকা আছে। সংশ্লিষ্ট সকলো ইটাভাটাৰ গৰাকীকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ স্থানীয় সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। স্থানীয় প্ৰশাসনকো এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে। ইফালে, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অংশুমান ভূঞাই জানিবলৈ দিয়া মতে, যোৱা নিশা হাতীকেইটা পুখুৰীটোত আৱদ্ধ হৈ পৰাৰ পিছত বন বিভাগে জানিব পাৰি উদ্ধাৰৰ বাবে চেষ্টা চলায়। পুৱা ইটাভাটাৰ কেইবাজনো গৰাকীক ফোন যোগে যোগাযোগ কৰা হয় যদিও অধিকাংশই সহযোগ নকৰে বুলিও তেওঁ কয় । তাৰ মাজৰে এজনে অৱশ্যে এক্সকেভেটৰ আনি পুখুৰীৰ পাৰ খন্দাত সহায় কৰে আৰু তাৰ বাবেই হাতীকেইটা উদ্ধাৰ কৰাতো সহজ হয় বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। এই ঘটনাত কোনো হাতী আহত হোৱা নাই বুলিও বন বিষয়াজনে জানিবলৈ দিছে। ইফালে, বন বিভাগৰ সূত্ৰমতে হাতীকেইটাই খেলিবৰ বাবেহে পানীত নামিছিল। কিন্তু পিছত পানীৰ পৰা উঠিব নোৱাৰা হয় বুলি সন্দেহ কৰা হৈছে। বাতৰি লিখাৰ পৰলৈকে হাতীপালটো অভয়াৰণ্যখনলৈ উভতি যোৱাৰ বিপৰীতে দিছৈ চাহ বাগিচাৰ এডোখৰ হাবিতলীয়া ঠাইত অৱস্থান কৰি আছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া