ওদালবাক্ৰাৰ ৰাস মহোৎসৱত দিহানাম প্ৰতিযোগিতা উদ্বোধন মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ গুৱাহাটীস্থিত ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত প্ৰথম বৰ্ষৰ বাবে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হয়। গুৱাহাটীস্থিত ওদালবাক্ৰা বিষ্ণু ৰাভা উদ্যানত যোৱা ১৪ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে যোৱা ১৭ নৱেম্বৰত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিহানাম প্ৰতিযোগিতা উদ্ধোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীয়ে। তেখেতে দিহানাম প্ৰতিযোগিতা উদ্ধোধন কৰি ভাষণ প্ৰসংগত কয় যে যুগ প্ৰৱৰ্ত্তক শ্ৰীকৃষ্ণ হৈছে পৰম ব্ৰহ্মৰ পূৰ্ণ ৰূপ। মনুষ্য ৰূপে পাপী আৰু তাপীক উদ্ধাৰ কৰিবলৈ অথবা মানৱ সমাজখনক ধৰ্ম সংস্থাপন কৰিবলৈ এই নৰলোক অথাৎ আমাৰ পৃথিৱীত আজি অৱতাৰ গ্ৰহণ কৰিছিল।কংসৰ কাৰাগাৰত জন্ম গ্ৰহণ কৰি যমুনাপাৰ হৈ নন্দগ্ৰামলৈ যোৱাৰ সময়ৰে পৰা ব্ৰজ-বৃন্দাবন-গোকুল আদিত যি লীলা মাহাত্মৰে তেওঁ মানৱ সমাজক আকৰ্ষিত কৰি ভক্তি ভাবৰ সঞ্চাৰ ঘটাইছিল। সেই সকলো কথাই পুৰাণ-মহাভাৰত আদি মহান শাস্ত্ৰ সমুহত বিস্তৰ ৰূপে বৰ্ণনা কৰা হৈছে। সেই অপূৰ্ব লীলা খেলাই যুগে যুগে মানৱ জাতিক আকৃষ্ট আপ্লুত আৰু ভগবৎ প্ৰেমত উদ্বেলিত কৰি আহিছে বুলি কয়। দিহানাম প্ৰতিযোগিতা উদ্ধোধন কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত আৰু কয় যে আধ্যাত্মিকতাৰ ক্ষেত্ৰত ধৰ্ম শ্ৰেষ্ঠ ভাৰত বৰ্ষ আজি আমাৰ বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে। লগতে সত্য ত্ৰেতা দ্বাপৰৰ পিছত আমিও আজি কলিযুগৰ জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে পৰিগণিত হৈছোঁ। কলিযুগত আমাৰ মুক্তি বা মোক্ষ প্ৰাপ্তিৰ উপায় হ’ল ভগবৎ ভক্তি অথাৎ তপ, জপ, যজ্ঞ অথবা পূজা ব্যতিৰেকে এক শৰণ হৰিনাম ধৰ্ম বুলি কয়। তেখেতে ভাষণ প্ৰসংগত দিহানামৰ অৰ্থ বা তাৎপৰ্য্য বা দিহানাম কি তাক নামতী সকলে বুজি পাবলৈ যত্ন কৰিব লাগিব বুলি কয় আৰু দিহানাম সম্পৰ্কে বিস্তাৰিতভাৱে ভাষণ প্ৰসংগত উল্লেখ কৰে। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতা উদোধনী সভাত মতিৰাম নাথে আতধৰা সভাত উপস্থিত আছিল উদযাপন সমিতিৰ সভাপতি অনন্ত ৰাভা, কাৰ্যকৰী সভাপতি বিষ্ণু ডেকা, দীপক দত্ত, চিত্তৰঞ্জন ডেকা, সুভাষ ৰাভা, জিন্তুু ৰাভা, দেৱেন্দ্ৰ চন্দ্ৰ কলিতা, দিহানাম প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছিল ডালিমী কোৱঁৰ, ভূৱন গন্ধীয়া, ভৰত চন্দ্ৰ দেউৰী, নৰহৰি বৰ্মন, ৰবীন্দ্ৰ চন্দ্ৰ দে আৰু বনমালী কলিতা আদি।