🔹 কেৰালাত কৰ্মৰত পত্নীক লগ কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ঢাপলি
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ এজন চাহ জনগোষ্ঠীয় সংগঠনৰ নেতা । কেৰালাত কৰ্মৰত পত্নীক লগ কৰাৰ লগতে নিজেও কাম কৰাৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ঢাপলি মেলিছিল টিংখাং সমষ্টিৰ ২নং জামুগুৰি নিবাসী তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বামুণবাৰী আঞ্চলিক সমিতিৰ সভাপতি অমিৰ তিৰ্কী । কেৰালালৈ ৰে’লেৰে গৈ থকা অৱস্থাত আদবাটতে সন্ধানহীন হৈ পৰে যুৱকজন। ইয়াৰ পিছতে হুৱাদুৱা লাগিছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত । শনিবাৰে তেজপুৰত চাকৰিৰ ইন্টাৰভিউ দিবলৈ যাম বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু তেজপুৰলৈ নগৈ কেৰালালৈ গৈছিল যুৱকজন । কেৰালালৈ যোৱাৰ কথা ফোনযোগে অৱগত কৰে পৰিয়ালক । প্ৰায় ৫ বছৰ ধৰি কেৰালাত কৰ্মৰত পত্নীক লগ কৰাৰ কথা আৰু নিজেও কাম কৰাৰ কথা আছিল যুৱকজনৰ । ৰে’লত টিংখাঙৰে এজন যুৱকক লগ পাইছিল অমিৰ তিৰ্কীয়ে। ফোনযোগে যুৱকজনক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিছিল অমিৰ তিৰ্কীয়ে। ইয়াৰ পাছতে দেওবাৰৰ পৰা মোবাইল ফোন অফ হৈ পৰে । লগত যোৱা যুৱকজনে অন্ধপ্ৰদেশৰ বিজয়বাড়া জংচনৰ পৰা বিচাৰি পোৱা নাই বুলি কোৱাত এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোত । আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও অমিৰ তিৰ্কীক বিচাৰি যোগাযোগ কৰিছে বিভিন্ন ঠাইত । ইতিমধ্যে এই সন্দৰ্ভত বামুণবাৰী আৰক্ষী চকীত লিখিতভাৱে অৱগত কৰিছে পৰিয়ালৰ লোকে । কোনো লোকে সন্ধান পালে 7994038594 অথবা 7086375619 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।
প্ৰেৰক কৃষ্ণ গগৈ