ৰাসক্রীড়াত শ্রীকৃষ্ণতত্ত্ব
ভাগৱত পুৰাণৰ অনুবাদেৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমীয়া সমাজক আধ্যাত্মিকতাৰ মার্গদর্শন কৰাইছিল৷ ইয়াৰ পৰৱর্তী সময়ত বৈষ্ণৱ কবিসকলে অন্য বৈষ্ণৱ সাহিত্য অনুবাদ কৰি অসমীয়া সাহিত্যক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰালে৷ ভাগৱত–পুৰাণৰ যিবোৰ অধ্যায় মহাপুৰুষজনাই অনুবাদ কৰিলে তাৰ ভিতৰত অন্যতম হৈছে ৰাসক্রীড়া আখ্যান৷ এই অধ্যায়টোৰ কাব্য–সাহিত্য হিচাপে এক সুকীয়া স্থান আছে৷ মূল ভাগৱত আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অনুবাদ কৰা আদি দশমৰ পঞ্চম অধ্যায়ত ৰাসলীলাক ‘কামজয় নামে ইটো কেশৱৰ কেলি’ বুলি উল্লেখ কৰিছে৷ ভাগৱতৰ ব্যাখ্যাকাৰসকলে কৈছে যে গোপীসকলে নিজৰ অহংকাৰ সম্পূর্ণৰূপে পৰিহাৰ কৰি নিজকে কৃষ্ণৰ ওচৰত সমর্পণ কৰা বাবেহে ভগৱন্তৰ অনুগ্রহ লাভ কৰিবলৈ সক্ষম হৈছে৷ মহাপুৰুষজনাৰ সৃষ্টিকর্মত ভাগৱত–পুৰাণৰ কৃষ্ণৰ চৰিত্রই আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈছে৷ মহাপুৰুষজনাই ভাগৱত অনুবাদ কৰাৰ সময়তো কৃষ্ণক সর্বাধিক গুৰুত্ব প্রদান কৰিছে৷ শ্রীকৃষ্ণক তেওঁ কল্পতৰুসদৃশ বুলি উল্লেখ কৰা দেখা যায়৷ ভক্তসকলে কৃষ্ণৰ পৰা যি বিচাৰে তাকেই একান্ত ভক্তিৰ বলত লাভ কৰিব পাৰে৷ গোপীসকল আছিল ভগৱান শ্রীকৃষ্ণৰ একান্ত ভক্ত৷ তেওঁক স্বামীৰূপে পাবলৈ গোপীসৱে নিজৰ ঘৰ–দুৱাৰ এৰি সামাজিক গঞ্জনা আওকাণ কৰি কৃষ্ণৰ ওচৰলৈ ঢাপলি মেলে৷ ইয়াৰ লগে লগে তেওঁলোকৰ সকলো অহংকাৰ মষিমূৰ হয় আৰু মন–প্রাণ ভাগৱত ভক্তিত বিলীন হৈ পৰে৷ এয়াই ৰাসলীলা৷ লক্ষ্মীনাথ বেজবৰুৱাই ৰাসলীলা তত্ত্বৰ ব্যাখ্যাত পুংখানুপুংখ বিশ্লেষণেৰে ভক্ত আৰু ভগৱানৰ মিলনৰ স্বৰূপ ব্যাখ্যা কৰিছে৷ বেজবৰুৱাই বিভিন্ন শাস্ত্র অধ্যয়নৰ সমান্তৰালভাৱে বেদ–বেদাংগ, পুৰাণৰ উপৰি ভাৰতীয় প্রান্তীয় সাহিত্যত থকা আধ্যাত্মিক গ্রন্থসমূহ অধ্যয়ন কৰি কৃষ্ণতত্ত্বৰ বিষয়ে সুন্দৰ বিশ্লেষণ আগবঢ়াইছে৷
অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী প্রসিদ্ধ বিশ্লেষক লক্ষ্মীনাথ বেজবৰুৱাই গোপী আৰু কৃষ্ণৰ লীলাৰ মাহাত্ম্য সাধাৰণ পাঠকৰ গ্রহণযোগ্য ৰূপত আৰু চিত্তাকর্ষকভাৱে উপস্থাপন কৰিছে৷ তেওঁ নিজৰ বিশ্লেষণত ভগৱান শ্রীকৃষ্ণৰ প্রতি থকা পৰম্পৰাগত ধ্যান–ধাৰণাক প্রাধান্য দিয়া দেখা গৈছে৷ উল্লেখ্য যে ভাগৱত, বিষ্ণুপুৰাণ, হৰিবংশ, মহাভাৰত, গীতা আদিৰ উপৰি বেদ–উপনিষদতো কৃষ্ণক এই বিশ্বব্রহ্মাণ্ডৰ সর্বময়কর্তা, সর্বনিয়ন্তা আৰু সকলো গুণৰ অধিকাৰী বুলি প্রতিষ্ঠা কৰা হৈছে৷ তেওঁ সর্বশক্তিমান যদিও ভক্তসকলে আধ্যাত্মিকতা আৰু ভক্তিৰ বলত তেওঁক হূদয়ত স্থাপন কৰিব পাৰে৷ সমগ্র বিশ্বব্রহ্মাণ্ড তেওঁৰ দ্বাৰা নিয়ন্ত্রিত হোৱা সত্ত্বেও ভগৱান ভক্তৰ অধীন৷ যাৰ বাবে তেওঁৰ নাম ল’লে অথবা ভক্তিভাৱে আৰাধনা কৰিলে ভক্তৰ ওচৰত উপস্থিত হয়৷ এইগৰাকী ভগৱন্তপুৰুষক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধর্মৰ মাজত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ ৰাসলীলা হৈছে শ্রীকৃষ্ণ আৰু তেওঁৰ উপাসকসকলৰ মাজৰ এক এৰাব নোৱাৰা বান্ধোন৷ ই ভগৱন্তৰ সৈতে এক পৰিশোধিত সত্তাৰ মিলনকে সূচায়৷ যেতিয়া জীৱই মানুহৰ কায়িক সত্তা অতিক্রম কৰি অতিন্দ্রীয় প্রেমত নিমজ্জিত হয়, তেতিয়াই ভৱানৰ সৈতে জীৱকুলৰ মিলন সম্ভৱ হৈ পৰে৷কৃষ্ণক প্রাধান্য দিয়া বাবেই মহাপুৰুষজনাই তেওঁৰ সৃষ্টিকর্মত অন্য দেৱ–দেৱীক স্থান দিয়া নাই৷ শংকৰদেৱৰ প্রচাৰিত নৱবৈষ্ণৱ ধর্মৰ মূল তত্ত্বই হৈছে একেশ্বৰ বাদ৷ সেইবাবে এই ধর্মত শ্রীকৃষ্ণকে একমাত্র দেৱতাৰূপে গণ্য কৰা হয়৷ কৃষ্ণক পূজা–সেৱা কৰিলেই সকলো দেৱ–দেৱী সন্তুষ্ট হয় বুলি নৱবৈষ্ণৱ ধর্মৰ বিভিন্ন তত্ত্ব বিশ্লেষণ কৰিলে সেই কথা পৰিস্ফুট হৈ পৰে৷