নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ৰাস মহোৎসৱ : কংসৰ ভাৱত বিধায়ক পদ্ম হাজৰিকাই মুগ্ধ কৰিলে ৰাইজক

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : শোণিতপুৰৰ বালিপৰাত ২৩ নৱেম্বৰৰ পৰা বালিপৰা-চাৰিদুৱাৰ উন্নয়ন সমিতি আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত ৰাস মহোৎসৱত  কংসৰ ভাৱত অভিনয় কৰি ৰাসপ্ৰেমী ৰাইজক মুগ্ধ কৰিলে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই । নিশা প্ৰায় দহ বজাৰ পৰা অনুষ্ঠিত ৰাস মহোৎসৱত কংসৰ সাজ-সজ্জাৰে সুসজ্জিত হৈ বিধায়ক হাজৰিকাই বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ মূল মঞ্চত সৰ্বাংগসুন্দৰ কংসৰ অভিনয় কৰি উপস্থিত সকলোকে আপ্লুত কৰে। উদাত্ত বচন, সু-অভিনয় প্ৰতিভাৰ উৎকৃষ্ট প্ৰতিফলন দেখা পোৱা যায় তেওঁৰ অভিনয়ত । বিধায়কগৰাকীৰ অভিনয় চাবলৈ বালিপৰা, চাৰিদুৱাৰ, লোক্ৰা, ৰঙাপৰা ইত্যাদি বিভিন্ন অঞ্চলৰ কেইবাশ লোকে ৰাসস্থলীত ভিৰ কৰা পৰিলক্ষিত হয় । আনকি তেওঁৰ অভিনয় চোৱাৰ লগতে উৎসাহ যোগাবলৈ অনুষ্ঠানস্থলীত বিধায়কগৰাকীৰ পত্নী, মাতৃ, পুত্ৰ, কন্যাও উপস্থিত থাকে। শোণিতপুৰ জিলা আয়ুুক্ত অংকুৰ ভৰালীয়ে শুভ উদ্বোধন কৰা ৰাস মহোৎসৱখনিত বিধায়ক পদ্ম হাজৰিকাক আয়োজক সমিতিয়ে গামোচা, চেলেং, সৰুদৈয়া জাপিৰে বিশেষ সম্বৰ্ধনাও জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয় যে ৰাস মহোৎসৱ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংশ। ৰাস মহোৎসৱৰ স্বকীয়তা আমি বজাই ৰাখিব লাগিব। অসমত সকলো জাতি-জনগোষ্ঠীয় লোকসকলে সমন্বয়ৰ মাজেদি বসবাস কৰি একতাৰ এনাজৰীডাল চিৰদিন সুদৃঢ় কৰি ৰাখিব লাগিব । অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী, চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষীৰোদ কমল হাজৰিকাকো আয়োজক সমিতিয়ে বিশেষ সম্বৰ্ধনা জনায়। অনুষ্ঠানত বিশিষ্ট সংগীতশিল্পী, শিৰোমণিখ্যাত মানস ভাগৱতীয়েও উপস্থিত থাকি হৰিনাম পৰিৱেশন কৰে। অনুষ্ঠানত ৰাস উদযাপন সমিতিৰ সভাপতি, সমাজকৰ্মী অৰুণ ভূঞা, কাৰ্যকৰী সভাপতি মহেশ শইকীয়া, মুখ্য সম্পাদক উত্তম পাতৰ, সাংস্কৃতিক সম্পাদক প্ৰশান্ত হাজৰিকা, ধ্ৰুৱজ্যোতি গগৈ, অধিবক্তা কমল গগৈ, উপ-সভাপতি দুলেন কোচ, চাৰিদুৱাৰ জিলা পৰিষদ সদস্য কৃষ্ণ কোচৰ লগতে সমূহ আয়োজক সমিতিৰ বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে । উল্লেখ্য যে এইবেলি বালিপৰাত প্ৰথমবাৰৰ বাবে মাজুলীৰ আৰ্হিৰে ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলীৰ পৰা আমন্ত্ৰিত প্ৰশিক্ষকে অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like