নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভূমিত নগাৰ আগ্ৰাসন : নিশাৰ ভিতৰতে অসমৰ ভূমিত গাঁও নিৰ্মাণ

নিয়মীয়া বাৰ্তা,  ২৪ নৱেম্বৰ : অসমৰ ভূমি প্ৰতিবেশী ৰাজ্যৰ দ্বাৰা আগ্ৰাসনৰ প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি অব্যাহত আছে। অসমৰ সীমান্ত এলেকাত থকা ভূমি দখল কৰি উক্ত অঞ্চলত অবৈধভাৱে গাঁও স্থাপন কৰি উক্ত ভূমিৰ অধিকাৰ একপ্ৰকাৰ সৰ্ব কৰি পেলাইছে প্ৰতিবেশী ৰাজ্যসমূহে। বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সীমান্ত এলেকাত মেঘালয় আৰু নাগালেণ্ড চৰকাৰৰ ছত্ৰছায়াত উক্ত ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে অসমৰ ভূমি দখল কৰি আহিছে। উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ দিখাংচি অঞ্চলত দীৰ্ঘদিন ধৰি নগাই অসমৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইফালে, নগা দুৰ্বৃত্তই অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অসমৰ ভূমিত প্ৰৱেশ কৰি এফালৰ পৰা হাবি-জংঘল কাটি নিশাটোৰ ভিতৰতে ঘৰ-দুৱাৰ বনাই গাঁও স্থাপন কৰি আহিছে যদিও নগা দুৰ্বৃত্তক বাধা দিয়াৰ ক্ষেত্ৰত সীমান্ত পহৰা চকীত নাই পৰ্যাপ্ত সুৰক্ষা কৰ্মী। এই অভিযোগ উত্থাপন কৰি সীমান্তৰ এগৰাকী গাঁওবুঢ়াই জনোৱা মতে, দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ লৈ সীমান্তত বসবাস কৰা গাঁওসমূহত প্ৰৱেশ কৰি গৰু, ছাগলী, কুকুৰ, হাঁহ-কুকুৰা আদি ডাবি-ধমকিৰে কাঢ়ি লৈ যায়। উল্লেখযোগ্য যে সীমান্ত এলেকাসমূহত এনেবোৰ বিক্ষিপ্ত ঘটনা প্ৰতিনিয়ত অব্যাহত থকাৰ বিষয় সন্দৰ্ভত আৰক্ষী প্ৰশাসনক স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছে যদিও আজিপৰ্যন্ত এনে পৰিস্থিতি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সফল হ’ব পৰা নাই। ফলস্বৰূপে সীমান্ত এলেকাৰ গঞা ৰাইজে প্ৰায়ে অনাকাংক্ষিত ঘটনাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ থাকিবলগীয়া হয়। এনে পৰিপ্ৰেক্ষিতত সীমান্তৰ পহৰা চকীত পৰ্যাপ্ত সুৰক্ষা কৰ্মী নথকাৰ ফলত সীমান্তবাসীয়ে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয়। এইক্ষেত্ৰত অসম চৰকাৰে শীঘ্ৰে সীমা সমস্যা সমাধান কৰি সীমান্তবাসীৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like