ৰাণাপ্ৰতাপ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেছৰ মনোনীত
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ অসমৰ সু সন্তান, অসম গৌৰৱ তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ৰাজনীতি বিজ্ঞান বিভাগ আৰু আইন বিভাগৰ সন্মানীয় বিশিষ্ট ভিজিটিং প্ৰফেছৰ পদৰ বাবে মনোনীত হৈছে। প্ৰতিৰক্ষা খণ্ডৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ পেছাদাৰী কৃতিত্বৰ স্বীকৃতি স্বৰূপে তেওঁ উক্ত পদত অধিষ্ঠিত হবলৈ সক্ষম হয়। ভিজিটিং প্ৰফেছৰ হিচাপে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতাক পাঠদান আৰু গৱেষণামূলক প্ৰচেষ্টাত অৰিহণা যোগাবলৈ, অধ্যাপক সদস্যসকলৰ সৈতে সহযোগিতা কৰিবলৈ, আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিভিন্ন উন্নয়নমূলক কৰ্মত জড়িত হ’বলৈ আমন্ত্ৰণ জনোৱা হ’ব।