নিয়মীয়া বাৰ্তা, ১২ মার্চঃ দুর্নীতি–নিয়মৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শূন্য সহনশীলতাৰ হুংকাৰ দি থাকিলেও বাস্তৱত যে চৰকাৰী প্রায়বোৰ বিভাগতে অনিয়ম চলি আছে, সেয়া সময়ে সময়ে দুর্নীতি নিবাৰক শাখাই বহু দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীক গ্রেপ্তাৰ কৰা ঘটনাই উদঙাই দিছে ৷ শেহতীয়াকৈ ৰাজ্যত ভুৱা নিযুক্তিৰ বেহা চলাৰ তথ্যও উন্মোচিত হৈছে ৷ লখিমপুৰত বুধবাৰে ভুৱা নিযুক্তি–পত্র লৈ জিলা উপায়ুক্তৰ কার্যালয়ত যোগদান কৰিবলৈ অহা যুৱক এজন ধৰা পৰে ৷ উপায়ুক্তৰ কার্যালয়ত পিয়ন পদত যোগদান কৰিবলৈ অহা পলাশবাৰীৰ বুবুল দাস নামৰ যুৱকজন ধৰা পৰে ৷ তেওঁ কার্যালয়ত দাখিল কৰা নিযুক্তি–পত্র চাই কার্যালয়ৰ কর্মচাৰীৰ সন্দেহ ওপজে আৰু ভুৱা বুলি নিশ্চিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে সন্ধিয়াৰ পূর্বে উপায়ুক্তৰ কার্যালয়ৰ পৰা বুবুল দাসক আটক কৰি সদৰ থানালৈ আনি সোধা– পোছা আৰম্ভ কৰে ৷ ধৃত বুবুলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, তেওঁ মির্জাৰ ধনমণি দাস নামৰ এজন লোকৰ পৰা চাৰে চাৰি লাখ টকাৰ বিনিময়ত নিযুক্তি–পত্রখন সংগ্রহ কৰাৰ কথা কয় ৷ উপায়ুক্তৰ কার্যালয়ত পিয়ন পদত ভুৱা নিযুক্তি–পত্রৰে যোগদান কৰিবলৈ আহি বুবুল দাস আৰক্ষীৰ জালত পৰা ঘটনাত জিলাখনত চাঞ্চল্য বিৰাজ কৰিছে ৷ আৰক্ষীয়ে এই ভুৱা নিযুক্তি চক্রৰ সবিশেষ উদ্ধাৰৰ বাবে বুবুলক সদৰ থানাত জেৰা চলাই আছে ৷
Prev Post
Next Post
You might also like