নিয়মীয়া বাৰ্তা, ১২ মার্চঃ অসমৰ ভূমিত ক্রমাগতভাৱে চুবুৰীয়া মেঘালয়ে চলাই অহা আগ্রাসনক লৈ বুধবাৰে বিধানসভাত সৰৱ হৈ পৰিল অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা ৷ বিধানসভাৰ শূন্যকালীন ঘণ্টাত বিষয়টো উত্থাপন কৰি বিধায়কগৰাকীয়ে আক্ষেপেৰে কয় যে সীমান্ত এলেকাত মেঘালয় চৰকাৰে বাট–পথ উন্নয়নৰ লগতে চিকিৎসালয় আৰু বিদ্যালয় নির্মাণেৰে ব্যাপক কাম–কাজ অব্যাহত ৰাখিছে ৷ ইয়াৰ বিপৰীতে অসম চৰকাৰৰ সীমান্ত উন্নয়ন বিভাগে এইক্ষেত্রত বহু পিছপৰি ৰৈছে ৷ আনকি পথ উন্নয়নৰ ক্ষেত্রত বন বিভাগে দি অহা বাধাৰ বাবে বহু কাম পিছপৰি ৰৈছে ৷ যাৰ বাবে অসমৰে বহু গাঁৱৰ লোকে চুবুৰীয়া মেঘালয়ৰ বাসিন্দা বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিছে ৷ এই বিষয়টো যথেষ্ট স্পর্শকাতৰ ৷ অসম চৰকাৰৰ শিথিল কাম–কাজৰ সুযোগ লৈয়ে অসমৰ কামৰূপ জিলাৰ লাম্পিত স্থাপন কৰিব খোজা সীমান্ত আৰক্ষী চকী নির্মাণত শেহতীয়াকৈ মেঘালয় আৰক্ষীয়ে বাধা দিছে ৷
বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এনে অভিযোগৰ বিপৰীতে সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে মেঘালয়ৰ এনে আগ্রাসনৰ বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰিছে ৷ সেয়েহে এতিয়া সীমান্তত অসম আৰক্ষীয়ে চোকা নজৰ দি আছে ৷ তদুপৰি লাম্পিত যি আৰক্ষী চকী নির্মাণত মেঘালয়ে বাধা দিছিল, তাক ইতিমধ্যে আলোচনাৰ জৰিয়তে বিষয়টো সমাধান কৰা হৈছে ৷ কামৰূপ জিলা প্রশাসনৰ এটা দলে মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ প্রশাসনৰ লগত এই বিষয়টো আলোচনা কৰি উক্ত ভূমিখণ্ড যে অসমৰ, তাক মেপৰ জৰিয়তে দেখুৱাই দিয়াত মেঘালয় প্রশাসনে উক্ত অঞ্চলৰ পৰা আঁতৰি গৈছে ৷ সীমান্তৰ বিষয়টো সন্দর্ভত অচিৰেই অসম আৰু মেঘালয়ৰ চৰকাৰ দুখনে আলোচনাত বহিব ৷