নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ওলাইছে বিশ্বৰ ভিতৰতে ডাঙৰ আমপাত

🔹  নেচনেল বুক অৱ ৰেকৰ্ডৰ স্বীকৃতি
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ আমপাতখিলা ওলাইছে লখিমপুৰত। লখিমপুৰৰ কাকৈ গোহাঁই গাঁৱৰ দীপেন গোহাঁইৰ বাৰীৰ এজোপা আমগছত ওলাইছে বিশ্বৰ ভিতৰতে ডাঙৰ আমপাত। এই আমপাতখিলা উদ্ধাৰ কৰে দীপেন গোহাঁইৰ পুত্র গৌৰাংগ গোহাঁয়ে। লখিমপুৰৰ সংগম একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্র গৌৰাংগৰ অনুসন্ধিৎসু মনৰ বাবেই আমপাতখিলাই বিশ্ব ৰেকৰ্ড গঢ়ে। উল্লেখ্য যে বিগত ছমাহ মানৰ আগতে বাৰীৰ আমগছজোপাত অস্বাভাৱিকভাৱে দীঘল আমপাতখিলা দেখি গৌৰাংগই আনি ঘৰত সংৰক্ষণ কৰে। তেতিয়াৰ পৰা তেনেদৰে থকাৰ পাছত যোৱা মাহত তেওঁৰ জন্মদিনৰ দিনা আমপাতটো হাতত লৈ তেওঁ পিতৃক এই পৰ্যন্ত পৃথিৱীৰ ভিতৰতে দীঘল আমপাতৰ ৰেকৰ্ড চাবলৈ আহ্বান জনায়। সেই মতে তেওঁ ইন্টাৰনেটত অনুসন্ধান কৰি এই পৰ্যন্ত বিশ্বৰ ভিতৰত ৰেকৰ্ড হোৱা আমপাতখিলাৰ দৈৰ্ঘ্য ৫৬.৬ ছেণ্টিমিটাৰ বুলি জানিব পাৰে। তেতিয়া তেওঁ ইন্টাৰনেচনেল বুক অৱ ৰেকৰ্ডৰে যোগাযোগ কৰে আৰু ইন্টাৰনেচনেল বুক অৱ ৰেকৰ্ডে ৬১ ছেণ্টিমিটাৰ দীঘল আমপাতটো বিশ্বৰ ভিতৰতে সৰ্ব্বোচ্চ দীঘল আমপাত বুলি স্বীকৃতি দিয়ে। ইতিমধ্যে ইন্টাৰনেচনেল বুক অৱ ৰেকৰ্ডৰ তৰফৰ পৰা এই স্বীকৃতি দি গৌৰাংগক মেডেল, প্ৰমাণ-পত্ৰ আদি প্ৰদান কৰে। এই লৈ লখিমপুৰত এতিয়া উছাহৰ ধল বৈছে। সকলোৱে অনুসন্ধিৎসু মনৰ গৰাকী গৌৰাংগক শুভেচ্ছা জ্ঞাপন কৰিছে। কণমানি গৌৰাংগৰ বাবেই এখিলা আমপাতৰ দ্বাৰা লখিমপুৰ জিলা আকৌ এবাৰ বিশ্ব ৰেকৰ্ডত নাম অন্তর্ভুক্ত হ’ল।

 

প্ৰেৰক জীৱন গোস্বামী

You might also like