নগৰবেৰাত JJMৰ বহুৱালি, পালমৰা কামৰে ঠিকাদাৰে সামৰিছে দায়িত্ব
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ কামৰূপৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা চেনীমাৰা পানী যোগান কেন্দ্ৰৰ সন্মুখত স্থানীয় ৰাইজে পানী বিচাৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। বিগত দুবছৰে জলসংকটত ভুগিছে গঞাই, চৰকাৰে হাতত লৈছিল জলজীৱনৰ আঁচনি, পিছে পানী যোগানৰ পাইপ’ৰ অৱস্থাহে তথৈবচ। দুডালকৈ লো’ৰ পাইপ’ জোৰা দিছে চাইকেলৰ টিউৱেৰে, ফলত টেপ’ৰ পৰিবৰ্ত্তে পাইপৰ জইনেৰেহে পানী ওলাই ডোঙা বান্ধে ৰাস্তাত। পাইপেৰে নোলায় পানী, পিছে ৰাস্তাৰ চাইদ বাম’ পৰ্যন্ত বিনষ্ট হৈছে পানীৰ পাইপৰ বাবেই, পানী নাপাই ৰাইজে হাতে-হাতে বাল্টি, কলহ লৈ সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আঁচনিৰ ঠিকাদাৰ দুজনকৈ ক্ৰমে জনৈক কল্যাণ শৰ্মা আৰু চান্দমামুদ আলী। পিছে এজনৰো নাই হেনো দেখাদেখি, তেন্তে? কোনে কৰিলে ৰাইজৰ এই আহুকলীয়া পৰিবেশ? লো’ৰ পাইপ কোনে জোৰা দিলে চাইকেলৰ টিউৱেৰে? সংশ্লিষ্ট বিভাগক তদন্তৰ দিহা কৰা আৰু গাঁওখনত খোৱা পানী টুপি যোগানৰ দিহা কৰিবলৈ দাবী জনাইছে গাঁওবাসীয়ে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস