কিংবদন্তি তবলা বাদক জাকিৰ হুছেইনৰ দেহাৱসান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ ডিচেম্বৰঃ কিংবদন্তি তবলাবাদক, সংগীত প্রযোজক জাকিৰ হুছেইনৰ পৰলোকপ্রাপ্তি ঘটিছে৷ ৭৩ বছৰীয়া সংগীত সাধক জাকিৰ হুছেইন হৃদৰোগজনিত কাৰণত আমেৰিকাৰ ছান ফ্রান্সিস্কো হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে৷ তবলাবাদনৰ জৰিয়তে দেশ–বিদেশত খ্যাতি অর্জন কৰাৰ লগতে এগৰাকী সংগীত পৰিচালক আৰু প্রযোজক হিচাপে পৰিচিত সংগীত শিল্পী জাকিৰ হুছেইন ছানফ্রান্সিস্কো হাস্পতালৰ আইচিইউত ভর্তি হৈ থকাৰ সময়তে দেহাৱসান ঘটে৷ তবলাবাদনেৰে সংগীত জগতত এক সুকীয়া স্থান লাভ কৰা দেশৰ তিনি সর্বোচ্চ অসামৰিক সন্মান পদ্মশ্রী, পদ্মভূষণ, পদ্মবিভূষণকে ধৰি দেশৰ লগতে আন্তঃৰাষ্ট্রীয় সন্মানেৰে বিভূষিত তবলাবাদক জাকিৰ হুছেইনৰ বিয়োগৰ বার্তা বিয়পি পৰাৰ লগে লগে শোকত ম্রিয়মাণ হৈ পৰে দেশবাসী৷ ৫১সংখ্যক গ্রেমী বঁটা লাভ কৰি আন্তর্জাতিক পর্যায়ত কিংবদন্তি শিল্পী হিচাপে স্বীকৃতি লাভ কৰা জাকিৰ হুছেইন কিংবদন্তি তবলাবাদক আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্র৷ ১৯৫১ চনৰ ৯ মার্চত মুম্বাইত জন্মগ্রহণ কৰা জাকিৰ হুছেইনে মহিমৰ ছেইণ্ট মাইকেল হাইস্কুলত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত মুম্বাইৰ ছেইণ্ট জেভিয়ার্ছ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে৷ শৈশৱকালতে প্রতিভাৰ পৰিচয় দিয়া জাকিৰ হুছেইনে পিতৃৰ পৰাই তবলাবাদনৰ শিক্ষাগ্রহণ কৰাৰ সমান্তৰালকৈ শাস্ত্রীয় পার্কুছন শিকিবলৈ লয়৷ ৩ বছৰ বয়সতে বিভিন্ন বাদ্যযন্ত্র আয়ত্ত কৰি লৈ ১২ বছৰ বয়সৰ পৰাই কনচার্টত অংশগ্রহণ কৰে৷ কেইবাগৰাকীও পশ্চিমীয়া সংগীতজ্ঞৰে মিলিত হৈ ভাৰতীয় শাস্ত্রীয় সংগীতক আন্তর্জাতিক পর্যায়ত প্রতিষ্ঠা কৰাৰ ক্ষেত্রত অভূতপূর্ব বৰঙণি আগবঢ়োৱা জাকিৰ হুছেইনে কিংবদন্তি বিটলছৰ সৈতে মিলিত হৈ ভাৰতীয় আৰু পশ্চিমীয়া সংগীতৰ মিশ্রিত ধাৰাৰে বিশ্ববাসীক আকর্ষিত কৰিছিল৷ শাস্ত্রীয় আৰু ফিউজন সংগীতৰ উদ্ভাৱনৰ অসাধাৰণ দক্ষতাৰে জাকিৰ হুছেইনে বিশ্বজুৰি কিংবদন্তি শিল্পী হিচাপে প্রতিষ্ঠা লাভ কৰিছিল৷ তেওঁ ৬৬সংখ্যক গ্রেমী বঁটাত প্রথম ভাৰতীয় সংগীত শিল্পী হিচাপে একেনিশাই তিনিটা গ্রেমী বঁটা লাভ কৰি ইতিহাস গঢ়ে৷ ভাৰত চৰকাৰৰ সংগীত নাটক একাডমী বঁটা, সংগীত নাটক ফেল’শ্বিপ আদি সন্মানেৰে বিভূষিত জাকিৰ হুছেইন৷ আন্তর্জাতিক সংগীত জগতত ভাৰতীয় শাস্ত্রীয় সংগীতক সুকীয়া স্থান প্রতিষ্ঠাৰ ক্ষেত্রত বৰঙণি আগবঢ়োৱা তবলাবাদক জাকিৰ হুছেইনক লৈ অনেক গ্রন্থ ৰচিত হৈছে৷ সংগীত জগতত অভাৱনীয় বৰঙণি আগবঢ়োৱাৰ বাবে মুম্বাই বিশ্ববিদ্যালয়ে সন্মানীয় এলএলডিৰে বিভূষিত কৰিছিল৷ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়োৱা জাকিৰ হুছেইনে কথক নৃত্যশিল্পী তথা শিক্ষক এণ্ট’নীয়া মীনেক’লাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ দুগৰাকী কন্যা সন্তানৰ পিতৃ জাকিৰ হুছেইনে কথাছবিতো সংগীত পৰিচালনা কৰিছিল৷ জাকিৰ হুছেইনৰ বিয়োগত দেশৰ লগতে বিদেশৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যু সংগীত বিশ্বৰ বাবে এক অপূৰণীয় ক্ষতি৷