সুকন্যা : বিশিষ্ট শিল্পী ড০ অণিমা চৌধুৰীৰে সাক্ষাৎকাৰ
📌 অসমৰ বাৰেৰহণীয়া লোকসংগীত একক আৰু অনন্য
সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা
ফোনঃঃ ৯৯৫৪৫–৯০১৩৩
ফটোঃ দিব্যজ্যোতি ৰাভা
‘দিখৌ নৈৰ পাৰৰে/কঁহুৱাই বিনাই/নাই আজি সেই দিন নাই…’, ‘এ প্রাণ গোপাল…’ আজিও শ্রোতাৰ মুখে মুখে উচ্চাৰিত এনে কেইবাটাও অতি জনপ্রিয় গীতৰ চিনাকি শিল্পী তেওঁ৷ যাৰ নামেই পৰিচয়৷ তেওঁ ড০ অণিমা চৌধুৰী৷ ১৯৫৩ চনৰ ২৮ ফেব্রুৱাৰী তেওঁৰ জন্মদিন৷ জন্ম স্থান নলবাৰী জিলাৰ পকোৱা৷ পিতৃ প্রয়াত দণ্ডীৰাম চৌধুৰী৷ মাতৃ প্রয়াত হেমলতা চৌধুৰী৷ সাতগৰাকী ককাই–ভনীৰ মাজত অণিমা চৌধুৰী পঞ্চম সন্তান৷ আন ভাতৃ–ভগ্নীসকল ক্রমে ড০ দিলীপ কুমাৰ চৌধুৰী, প্রবীণ কুমাৰ চৌধুৰী, বিজয়লক্ষ্মী অধিকাৰী, ড০ সত্যেন্দ্র কুমাৰ চৌধুৰী, ড০ মিনতি চৌধুৰী আৰু মৃণাল কুমাৰ চৌধুৰী৷ ড০ অণিমা চৌধুৰীৰ স্বামী কমল চৌধুৰী অসম চৰকাৰৰ উদ্যোগ বিভাগৰ অৱসৰপ্রাপ্ত যুটীয়া সঞ্চালক৷ তেওঁৰ কন্যা অপৰাজিতা চৌধুৰী আৰু পুত্র প্রীতম চৌধুৰী৷ সম্প্রতি গুৱাহাটীৰ গড়চুকত বসতি কৰা ড০ চৌধুৰীয়ে প্রায় প্রতিদিনে পুৱাৰ ভাগত ৰেডিঅ’ৰ অনুষ্ঠান শুনে৷ অৱসৰৰ সময়ত গান শুনে, চিনেমা চায়, ফুলৰ পৰিচর্যা কৰে৷ ছয়গাঁও কলেজৰ পৰা বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্রহণ কৰা অণিমা চৌধুৰীৰ অসমৰ সংগীতৰ ক্ষেত্রত আছে ৰাজ্যজুৰি খ্যাতি৷ সংগীতৰ ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড০ চৌধুৰীলৈ আইদেউ সন্দিকৈ শিল্পী বঁটা, এনাজৰী বঁটা, ভবেন বৰুৱা–মহানন্দ শর্মা সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা, মহীয়সী আৰু গৰীয়সী বঁটা, অসমৰ প্রাচীনতম সর্ববৃহৎ ৰাজহুৱা শ্রীশ্রী মহাবিষ্ণু যজ্ঞ শতবার্ষিকী যজ্ঞ মহোৎসৱ জীৱনজোৰা সাধনা বঁটা, কিৰণ লস্কৰ সোঁৱৰণী হংসধ্বনি সংগীত ৰত্ন বঁটা, সুৰধ্বনি শিল্পী বঁটা, শিল্পীপ্রাণ বঁটা আদিকে ধৰি ভালেমান বঁটা–সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ বয়সৰ জোখাৰে ভালেখিনি আগবাঢ়িছে যদিও সংগীতক লৈ আজিও সমানেই সক্রিয়, তৎপৰ৷ এইগৰাকী স্বনামধন্য দৰদী শিল্পী অণিমা চৌধুৰীৰ সৈতে আজি এক আছুতীয়া কথোপকথন–
অণিমা চৌধুৰী৷ আপোনাৰ নামেই চিনাকি৷ এগৰাকী যশস্বী কণ্ঠশিল্পী হিচাপে ৰাজ্যজুৰি আপোনাৰ পৰিচিতি৷ সংগীতৰ সৈতে আপুনি বাৰু প্রথমে কেনেদৰে যুক্ত হৈ পৰে? আৰম্ভণিৰ পৰা সংগীত জগতত প্রতিষ্ঠিত হোৱাৰ সুদীর্ঘ জয়যাত্রা সম্পর্কত অলপ বহলাই ক’ব নেকি?
মোৰ সংগীত জীৱনৰ পাতনিৰ বিষয়ে ক’বলৈ হ’লে একেবাৰে শৈশৱলৈ উভতি যাব লাগিব৷ জিলা কাৰাগাৰৰ বিষয়া হিচাপে মোৰ দেউতা প্রয়াত দণ্ডীৰাম চৌধুৰী তেতিয়া নগাঁৱত৷ দেউতাৰ চাকৰিসূত্রে পৰিয়ালসহ আমিও নগাঁৱৰ ফৌজদাৰীপট্টিত৷ তাতেই মই স্থানীয় বিদ্যালয়ত প্রথম শ্রেণীত নামভর্তি হৈছিলোঁ৷ সমান্তৰালভাৱে নগাঁৱৰ সেই সময়ৰ সংগীতৰ বিখ্যাত সাধক সুশীল বেনার্জীৰ সংগীতৰ বিদ্যালয়তো নামভর্তি হৈছিলোঁ৷ আচলতে সংগীতৰ প্রতি সৰুৰে পৰাই থকা গভীৰ আন্তৰিকতা–ধাউতি দেখিয়েই দেউতাই মোক সংগীতৰ বিদ্যালয়ত নামভর্তি কৰাই দিছিল৷ সংগীতৰ শিক্ষাৰ সেয়া আছিল মোৰ প্রথম ঢ়াপ৷ লগতে আৰম্ভণি৷ সুশীল বেনার্জীৰ ওচৰত মই শাস্ত্রীয় সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত মই তেতিয়া দ্বিতীয় শ্রেণীত৷ ফৌজদাৰী পট্টিৰ ‘পুলিচ ৰিজার্ভ’ৰ দুর্গা পূজাৰ সাংস্কৃতিক মঞ্চ৷ আৰু তাতেই মই জীৱনৰ প্রথম মঞ্চত উঠি গান পৰিৱেশন কৰিছিলোঁ৷ সেয়া পঞ্চাশৰ দশকৰ কথা৷ ‘ৰাম নাম ৰস…’ শীর্ষক ভজন পৰিৱেশন কৰিছিলোঁ ফৌজদাৰী পট্টিৰ দুর্গা পূজাৰ মঞ্চত৷ সেই সময়তে মঞ্চত প্রথম গীত পৰিৱেশন কৰাৰ স্মৃতি ৰোমন্থন কৰি মই আজি যথেষ্ট আৱেগিক হৈ পৰিছোঁ৷ বহুত ভাল লাগিছে৷ আৰু তাৎপর্যপূর্ণ কথাটো হ’ল সেই গান শুনি বহু লোকে মোক প্রশংসা কৰি আগলৈ আৰু ভালকৈ সংগীত পৰিৱেশন কৰিবলৈ উৎসাহিত কৰিছিল৷ দেউতাৰ আগতো বহুগৰাকী লোকে মোৰ সংগীতৰ উচ্চ প্রশংসা কৰি গানৰ ধাৰাবাহিকতা ধৰি ৰাখিবলৈ পৰামর্শ প্রদান কৰিছিল৷ অৱশ্যে দেউতা নিজেও সংগীতৰ অনুৰক্ত আছিল৷ গতিকে দেউতাৰ পৰা সমুচিত সঁহাৰিয়েই লাভ কৰিছিলোঁ৷ ইয়াৰ পিছত নগাঁৱত অনুষ্ঠিত হৈছিল ‘অসম সংগীত সন্মিলন’৷ সঠিক চন–তাৰিখ মোৰ মনত পৰা নাই৷ তাত সেই সময়ৰ বিখ্যাত শাস্ত্রীয় সংগীত শিল্পীৰ যুটি ক্রমে কলকাতাৰ এ কানন আৰু মালবিকা কানন উপস্থিত আছিল আৰু শাস্ত্রীয় সংগীত পৰিৱেশন কৰিছিল৷ তাত প্রতিযোগিতাৰ কনিষ্ঠ শাখাত মই বনগীত পৰিৱেশন কৰিছিলোঁ৷ আৰু মই প্রথম পুৰস্কাৰ লাভ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত নগাঁৱৰে নেহেৰুবালিত ভোগালী বিহু উপলক্ষে অনুষ্ঠিত হৈছিল সংগীত প্রতিযোগিতা৷ প্রতিযোগিতাৰ ‘খ’ শাখাত শ্রেষ্ঠ প্রতিযোগী হৈছিলোঁ মই৷ তাত মই ‘খেয়াল’ পৰিৱেশন কৰিছিলোঁ৷ মোৰ ‘খেয়াল’ পৰিৱেশনত সন্তুষ্ট হৈ অসমৰ প্রথিতযশা সংগীত শিল্পী পাৰবিন চুলতানাৰ পিতৃ ইক্রামূল মজিদে সেই সময়তে ১০ টকা পুৰস্কাৰ আগবঢ়াইছিল৷ তেতিয়া ১০ টকাৰ বহু মূল্য৷ সেই সময়ত মই চতুর্থ শ্রেণীত পঢ়ি আছিলোঁ৷ এনেদৰে সংগীতৰ জগতখনত মই লাহে লাহে আগবাঢ়ি গৈ আছিলোঁ৷ এই মুহূর্তত মোৰ আৰু এটা কথা মনত পৰিছে৷ এবাৰ আমাৰ দেউতাৰ সহকর্মী প্রফুল্ল নন্দীৰ ঘৰত অনুষ্ঠিত হৈছিল এক সুমধুৰ সংগীতৰ ‘জলসা’৷ অৱশ্যে তাত কেৱল পৰিয়ালৰ লোকখিনিহে উপস্থিত আছিল৷ কিন্তু সেই ‘জলসা’ত উপস্থিত আছিল পাৰবিন চুলতানা, তেওঁৰ পিতৃ ইক্রামূল মজিদ আৰু খগেন মহন্ত৷ আৰু তাতো মই সংগীত পৰিৱেশন কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত আমাৰ দেউতাৰ বদলি হয়৷ আমি পৰিয়ালটো গুৱাহাটীলৈ আহিবলগীয়া হয়৷ গুৱাহাটীলৈ আহি পাৰবিন চুলতানাৰ পিতৃৰ পৰামর্শক্রমে মই সংগীতৰ সাধক হীৰেন শর্মাৰ ওচৰত সংগীতৰ শিক্ষা লৈছিলোঁ৷ তেতিয়া মই পঞ্চম শ্রেণীৰ ছাত্রী৷ আৰু তেতিয়াই ‘পশ্চিম গুৱাহাটী সন্মিলনী’ত প্রথম গীত গাইছিলোঁ৷ আকৌ মোৰ খুৰা মদন চৌধুৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া তেওঁলোকৰ বিভাগৰ কিবাকিবি অনুষ্ঠানত মোক গীত গাবলৈ খুৰাই মোক লৈ গৈছিলে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত গীত গাইছিলোঁ যদিও তাত কোন কোন বিশিষ্ট লোক বা অধ্যাপক উপস্থিত আছিল সেয়া মোৰ মনত নাই৷ অৱশ্যে সেই সময়ত মই যথেষ্ট সৰু আছিলোঁ৷ এনেদৰে ঢ়াপে ঢ়াপে আগবাঢ়ি পৰৱর্তী পর্যায়ত চিনেমাত গীত গালোঁ৷ ‘গ্রামোফোন ৰেকর্ড’ত গীত বাণীবন্ধন কৰিলোঁ আৰু ক্রমে ৰাইজে মোক আদৰি ল’বলৈ আৰম্ভ কৰিলে৷ মোৰ সংগীতৰ এই সুদীর্ঘ যাত্রাৰ আৰু বহু কথাই আছে৷ কিন্তু সকলো কথা ইমান কম সময়ত কৈ ওৰ পেলোৱাটো কঠিন৷ আৰু কিছু কথা পাহৰি গৈছোঁ৷ তথাপি সংগীতৰ সোণালী যাত্রাৰ কিছু কথা ক’লোঁ৷ কথাখিনি ক’বলৈ পাই মই নিজেও যথেষ্ট আহ্লাদিত হ’লোঁ৷
আপুনি অসমৰ কেইবাখনো চলচ্চিত্রত কণ্ঠ নিগৰাইছে৷ চলচ্চিত্রৰ সংগীত আৰু আন গীতৰ মাজত কিবা বিশেষ প্রভেদ আছে নেকি?
চলচ্চিত্রৰ গান সাধাৰণতে একোটা দৃশ্য অথবা চৰিত্রক লৈ গাবলগীয়া হয়৷ তাত কণ্ঠৰ প্রকাশ কিছু সুকীয়া হ’ব লাগে৷ মই প্রথম চলচ্চিত্রত গীত গাইছিলোঁ ‘মুকুতা’ ছবিখনত৷ সেই ছবিখনত গোৱা ‘এ প্রাণ গোপাল…’ শীর্ষক গানটোৰ জৰিয়তে অসমৰ ৰাইজে মোক আদৰি লৈছিল৷ এই গীতটো আজিও সমানেই সমাদৃত৷ এই গীতটোত মোৰ কণ্ঠ এগৰাকী শিশুৰ ওঁঠত দিয়া হৈছিল৷ স্বাভাৱিকতে মোৰ কণ্ঠও তেনেকৈ হ’বলগীয়া হৈছিল৷ অর্থাৎ দৃশ্য বা চৰিত্রৰ দাবী অনুসৰিহে কণ্ঠ নিগৰাবলগীয়া হয়৷ কিন্তু অন্য গানত গীতৰ কথাৰ ওপৰত ভিত্তি কৰিহে গোৱা হয়৷ গতিকে চলচ্চিত্র আৰু আন গীতৰ মাজত কিছু তফাৎ থকাটো স্বাভাৱিক৷
আপুনি প্রথম অৱস্থাত যি পৰিৱেশত সংগীত শিকিছিল আৰু পৰিৱেশন কৰিছিল, তাৰ লগত আজিৰ পৰিৱর্তিত পৰিৱেশ–পৰিস্থিতিত সংগীতৰ অৱস্থান সম্পর্কত তুলনামূলকভাৱে আপোনাৰ মনোভাব কি?
আগতে গায়ক–গায়িকা, গীতিকাৰ, সুৰকাৰ আদিৰ সংখ্যা যথেষ্ট কম আছিল৷ সেই সময়ত সংগীত পেছা নাছিল৷ নিচা আছিল৷ গান ভাল পায় বাবেহে তেতিয়া গীত গাইছিল৷ আকৌ সেই সময়ত যিসকলে গীত গাইছিল, সেইসকলৰ মাজত বেছিভাগৰেই চাকৰি আছিল৷ কেৱল গানৰ প্রতি থকা গভীৰ আন্তৰিকতা–নুৰাগৰ বাবেহে গীত গাইছিল৷ সেয়ে মন–প্রাণ দি গভীৰ আন্তৰিকতাৰে গান পৰিৱেশন কৰা হৈছিল তেতিয়া৷ কিন্তু আজিৰ পৰিৱর্তিত অৱস্থাত সংগীতক বৃত্তি হিচাপে লোৱাৰ পৰিৱেশ আহি পৰিছে৷ প্রথম অৱস্থাত আমি যেতিয়া সংগীত পৰিৱেশন কৰিছিলোঁ, তেতিয়া ‘আকাশবাণী’ আৰু ‘ৰেকর্ড’যোগে গীত পৰিৱেশন কৰা ‘মাধ্যম’ আছিল৷ আনহাতে, উল্লিখিত দুয়োটা ‘মাধ্যম’তে গীত গাবলৈ হ’লে প্রথমতে এটা কণ্ঠ পৰীক্ষা দিবলগীয়া হৈছিল৷ পৰীক্ষাত স্বীকৃত হ’লে ‘আকাশবাণী’ বা ‘ৰেকর্ড’ত গীত বাণীবন্ধন কৰাৰ সুযোগ পাইছিলোঁ৷ সেয়ে প্রতিগৰাকী শিল্পীয়ে অত্যন্ত ‘ছিৰিয়াছ’ভাৱে গান গাবলগীয়া হৈছিল৷ পিছত দিন বাগৰাৰ লগে লগে মঞ্চ বিহুৰ আগমন ঘটিল৷ ১৯৫২ চনত গুৱাহাটীৰ লতাশিলত প্রথম মঞ্চ বিহু অনুষ্ঠিত হৈছিল৷ বিজ্ঞান–প্রযুক্তিৰ উন্নয়নৰ লগতে পাশ্চাত্যৰ প্রভাৱেও আমাৰ গানক প্রভাৱিত কৰিবলৈ ধৰিলে৷ যাৰ বাবে অসমীয়া গানসমূহৰো লাহে লাহে পৰিৱর্তন হ’বলৈ ধৰিলে৷ এতিয়াৰ শিল্পীসকলে দর্শকৰ মনোৰঞ্জনৰ বাবেহে গীত গাবলৈ বাধ্য৷ অন্যথা তেওঁ এলাগী হৈ ৰ’ব৷ বাদ্যযন্ত্রসমূহৰো পৰিৱর্তন হ’ল৷ আজিকালি বহু বাদ্যযন্ত্রৰ পয়োভৰ ঘটিছে৷ আমাৰ দিনত হাৰমনিয়াম–তবলাই আছিল প্রধান বাদ্য৷ অৱশ্যে বিজ্ঞান–প্রযুক্তিৰ উন্নতিৰ ফলত শিল্পীসকলৰ কিছু সুবিধা নিশ্চিতভাৱে হৈছে৷
আপোনাৰ আদর্শ শিল্পী সম্পর্কত কি ক’ব?
লতা মংগেশকাৰ আৰু মহম্মদ ৰফীৰ গান মোৰ অত্যন্ত প্রিয়৷ গভীৰ অনুৰাগী তেওঁলোকৰ গানৰ৷ লতা মংগেশকাৰৰ ব্যক্তিত্ব, গায়নশৈলী, সুৰ–কণ্ঠ একক–নন্য৷ যাৰ বাবে মই তেওঁৰ অনুৰাগী৷ আকৌ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰো মোৰ বাবে আদৰৰ৷ ভূপেন হাজৰিকাৰ প্রতিটো গানেই অত্যন্ত অর্থপূর্ণ৷ মোৰ বহুত ভাল লাগে৷ গানৰ জৰিয়তে মই সমাজলৈ সদায় এটা বার্তা দিবলৈ চেষ্টা কৰোঁ৷ সেয়ে গানৰ কথাৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ৷
সংগীত শিল্পী এগৰাকী সফল হ’বলৈ হ’লে কি বিশেষ গুণৰ প্রয়োজন?
সংগীতৰ ক্ষেত্রত সাফল্য আর্জন কৰিবলৈ গভীৰ সাধনা লাগিব৷ একেদৰে আগ্রহ, নিষ্ঠা আৰু একাগ্রতাও লাগিব৷ ইয়াৰ উপৰি সমাজৰ প্রতি দায়বদ্ধতাও থাকিব লাগিব৷
আপুনি সান্নিধ্য লাভ কৰা বৰণীয় শিল্পীসকলৰ বিষয়ে কিছু কথা ক’ব নেকি? লগতে তেওঁলোকৰ কোনোবাগৰাকীৰ সৈতে কিবা আমোদজনক ঘটনা ঘটিছে নেকি?
মোৰ সমগ্র সংগীত জীৱনৰ যাত্রাপথত বহুকেইগৰাকী বৰণীয় শিল্পীৰ সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল৷ চিন্ময় লাহিড়ীৰ লগতে আমজাদ আলী খান, শুভলক্ষ্মী বৰুৱা, পাৰবিন চুলতানাকে ধৰি ভালেকেইগৰাকী যশস্বী সংগীত শিল্পীৰ সান্নিধ্য লাভ কৰিছিলোঁ৷ পাৰবিন চুলতানাই মোক তানপুৰা বজাবলৈ প্রথম শিকাইছিল৷ সেই কথা মনত পৰিলে মোৰ মনটো আজিও আনন্দৰে ভৰি পৰে৷ ইয়াৰ উপৰি ‘হস্তীৰ কন্যা, হস্তীৰ কন্যা…’কে ধৰি ৪টা গোৱালপাৰীয়া লোকগীত মোক শিকাইছিল প্রতিমা পাণ্ডে বৰুৱাই৷ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত আদিকো মই বিশেষভাৱে লগ পোৱাৰ সৌভাগ্য হৈছিল৷ প্রবীণ শিল্পী ৰুণুমী ঠাকুৰৰ সান্নিধ্যও মই লাভ কৰিছিলোঁ৷ তেওঁৰ ওচৰতো মই গীত শিকিছিলোঁ৷ সংগীত জীৱনৰ যাত্রাপথত এনেকৈ আৰু বহুতো শিল্পীৰ সান্নিধ্য লাভ কৰিছিলোঁ৷ আৰু এনে বহু শিল্পীৰ সৈতে মাজে–সময়ে কিছু আমোদজনক ঘটনা ঘটিছে৷ এই প্রসংগত মোৰ এটা ঘটনাৰ কথা মনলৈ আহিছে৷ আজিৰ পৰা বহু বছৰ আগৰ ঘটনা৷ ঘটনাটো জুলাই মাহৰ৷ তেতিয়া আমাৰ ইয়াত যথেষ্ট গৰম৷ তেনে সময়তে মই এবাৰ টাৱাঙলৈ গৈছিলোঁ৷ ‘অল ইণ্ডিয়া ৰেডি’ টাৱাঙ’ৰ উদ্যোগত তাত আয়োজন কৰা হৈছিল এক সংগীতানুষ্ঠান৷ লগত গৈছিল মোৰ স্বামী কমল চৌধুৰী, খগেন মহন্ত, অর্চনা মহন্ত আৰু অঞ্জু দেৱীসহ বাদ্যযন্ত্রীৰ দল৷ আমি তেজপুৰৰ পৰা এখন ট্রাকত উঠি গৈছিলোঁ৷ ক্রমে আমি যিমানেই টাৱাঙৰ ওচৰ চাপিছিলোঁ, সিমানেই ঠাণ্ডা লাগি আহিছিল৷ অজ্ঞাতবশতঃ আমি গৰম কাপোৰ নিয়াই নাছিলোঁ৷ অৱশেষত ঠাণ্ডাৰ প্রকোপ ইমানেই বৃদ্ধি পাবলৈ ধৰিলে যে আমি নিৰুপায় হৈছিলোঁ৷ বাধ্য হৈ পথৰ কাষৰ এখন দোকানৰ পৰা লুঙী কিনিছিলোঁ৷ আৰু তাকে গাত মেৰিয়াই ঠাণ্ডা নিবাৰণৰ চেষ্টা কৰিছিলোঁ৷ সেই কথা মনত পৰিলে আজিও আমাৰ হাঁহি উঠে৷ টাৱাঙৰ অনুষ্ঠানত এৰী চাদৰ আৰু ছুৱেটাৰেৰে আমাক সন্মানিত কৰিছিল৷ আৰু ছেগ বুজি আমি এৰী চাদৰ লৈ তাৰ ওপৰত ছুৱেটাৰ পিন্ধিছিলোঁ শীতৰ প্রকোপ কমাবলৈ৷ আৰু এৰী চাদৰৰ ওপৰত ছুৱেটাৰ পিন্ধা কথাটো সিদিনা অনুষ্ঠানৰ মাজতে খগেন মহন্তই ৰগৰ কৰি ৰাইজৰ আগত কৈ দিলে৷ আমাৰ কাণ্ডত ৰস পাই উপস্থিত সকলোৱে গির্জনি মাৰি খুব হাঁহিলে৷ এনেদৰে সৰু–বৰ বহুতো আমোদজনক ঘটনা আৰু বহুতো আছে৷ তাৰ মাজেৰে উল্লিখিত ঘটনাটো মনলৈ অহা বাবে ক’লোঁ৷
নতুন কণ্ঠশিল্পীসকলৰ প্রতি আপোনাৰ পৰামর্শ কি?
এতিয়াৰ নতুন কণ্ঠশিল্পীসকলৰ নিশ্চিতভাৱে বহু প্রতিভা আছে৷ তথ্য–প্রযুক্তিৰ উন্নয়নৰ ফলত তেওঁলোকে সুবিধাও বহু পাইছে৷ নৱপ্রজন্মৰ বহু প্রতিভাসম্পন্ন শিল্পীয়ে সঠিক দিশেৰে অগ্রসৰো হৈছে৷ নিশ্চিতভাৱে এয়া আমাৰ সকলোৰে বাবে শুভবার্তা৷ কিন্তু এইক্ষেত্রত কিছুসংখ্যকে আকৌ পশ্চিমৰ সংস্কৃতিৰ অন্ধ অনুকৰণ কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ এই বৈপৰিত্যখিনি মুঠেই গ্রহণযোগ্য নহয়৷ ইয়ে আমাৰ সংস্কৃতিক ক্ষতিগ্রস্ত কৰিব৷ এইক্ষেত্রত আমাৰ সকলোৰে মাজত লাগে সচেতনতা৷ চিধাকৈ ক’বলৈ হ’লে আমাৰ অসমৰ বাৰেৰহনীয়া সংস্কৃতিৰ অৱদানৰ মূল শিপাডাল পাহৰিব নালাগে৷ শংকৰদেৱ, জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, পার্ৱতিপ্রসাদ বৰুৱাৰ দৰে বহুকেইগৰাকী বৰণীয় লোকে গঢ়ি থৈ যোৱা সংস্কৃতিৰ মূল ভেটিটো আজিৰ প্রজন্মই সুদৃঢ়কৈ ধৰি ৰাখিব লাগিব৷ সেই মূল ভেটিটোক ৰক্ষা কৰি ওপৰে ওপৰে কিছু পৰিৱর্তন কৰি অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰক নৱপ্রজন্মৰ শিল্পীসকলে৷ দৰাচলতে আমাৰ সংস্কৃতিক আগুৱাই নিয়াৰ দায়িত্ব উঠি অহা নতুন শিল্পীসকলৰ ওপৰতে ন্যস্ত থাকিব৷ প্রতিগৰাকী ব্যক্তিয়ে নিজৰ ভাষা–সাহিত্য আৰু সংস্কৃতিৰ প্রতি শ্রদ্ধাশীল–সংবেদন হোৱা উচিত৷
সংগীত পৰিৱেশনৰ ক্ষেত্রত বাদ্যযন্ত্রৰ প্রয়োগ অপৰিহার্য৷ কিন্তু আজিকালি বাদ্যযন্ত্র ব্যৱহাৰৰ নামত কিছু কাণ তাল মৰা শব্দ সৃষ্টিকাৰী যন্ত্রৰ পয়োভৰ দেখা যায়৷ এইক্ষেত্রত আপোনাৰ মতামত কি?
হাৰমনিয়াম, তবলাতে সীমাবদ্ধতা আছিল বাদ্যৰ৷ কিন্তু আজি সৃষ্টি হৈছে এক বিপৰীত পৰিস্থিতি৷ পৰিৱর্তিত পৰিৱেশ–পৰিস্থিতিয়ে ইয়াৰ ঘাই কাৰণ বুলি ক’ব লাগিব৷ দৰাচলতে ভাৰতীয় সংগীত অন্তর্মুখী৷ ইয়াত বাদ্যযন্ত্রৰ প্রাধান্যতা কম আছিল৷ গায়কীক প্রাধান্যতা দিয়া হৈছিল ভাৰতীয় সংগীতত৷ আকৌ পাশ্চাত্য সংগীত হ’ল বহির্মুখী৷ এই সংগীতৰ ক্ষেত্রত দর্শকৰ মনোৰঞ্জনেহে প্রাধান্যতা পায়৷ দর্শকৰ দাবী অনুসৰিহে সাধাৰণতে সংগীত পৰিৱেশিত হয়৷ এতিয়া সময়ৰ পৰিৱর্তনৰ ফলত সংগীততো পাশ্চাত্য প্রভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ ক্রমাগতভাৱে পাশ্চাত্যৰ প্রভাৱ বৃদ্ধি পোৱাত বহির্মুখী সংগীতৰ বাবে বৃদ্ধি পাইছে বাদ্যযন্ত্রৰ পয়োভৰ৷
আমি জনা মতে আপুনি বিভিন্ন প্রকাৰৰ অসমীয়া সংগীতৰ উপৰি আন ভাষাতো সংগীত পৰিৱেশন কৰিছে৷ এই বিষয়ে অলপ ক’ব নেকি?
হয়, মই বিভিন্ন প্রকাৰৰ অসমীয়া গীত গাইছোঁ৷ তাৰ ভিতৰত অসমীয়া আধুনিক গীত অন্যতম৷ ইয়াৰ উপৰি মই কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, টোকাৰী গীত, বৰগীত, বিয়াগীত, বনগীত, বিহুগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, লক্ষ্মীনাথ বেজবৰুৱাৰ গীত, নামঘোষা, অসমীয়া ভজন আদিত কণ্ঠদান কৰিছোঁ৷ গজলো গাইছোঁ মই৷ ভাষা হিচাপে মই অসমীয়াৰ লগতে ৰাভা, হিন্দী, ৰাজস্থানী আৰু বঙালী ভাষাত গীত গাইছোঁ৷ কিমান গাইছোঁ তাৰ সঠিক হিচাপ নাই যদিও মই এতিয়ালৈকে অসংখ্য গান গাইছোঁ৷
আপোনাৰ চাকৰি সম্পর্কত চমুকৈ ক’ব নেকি?
কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগত মই সহকাৰী অধ্যাপিকা হিচাপে চাকৰিৰ পাতনি মেলিছিলোঁ৷ পৰৱর্তী পর্যায়ত ২০১৩ বর্ষত উক্ত কলেজৰ পৰা বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্রহণ কৰিছিলোঁ৷ ইয়াৰ পিছত গুৱাহাটীৰ সংকল্প একাডেমীত অধ্যক্ষা হিচাপে ৪ বছৰ কার্যনির্বাহ কৰিছিলোঁ৷
সংগীতক লৈ ভৱিষ্যতে আপোনাৰ বিশেষ পৰিকল্পনা আছে নেকি?
এখন ‘গীতৰ সংকলন’ৰ কাম কৰি আছোঁ৷ সমান্তৰালভাৱে এখন আত্মজীৱনী লিখাৰো হেঁপাহ আছে৷ ইয়াৰ উপৰি আমেৰিকাৰ ‘বষ্টন’ত অসমীয়া আধুনিক গীত এটিৰ ৰেকর্ডিং হৈ গৈছে৷ ইটালিয়ান মিউজিক ডিৰেক্টৰৰ পৰিচালনা আৰু মোৰ ল’ৰা প্রীতম চৌধুৰীৰ সহযোগত ৰেকর্ডিং কৰা গীতটোৱে অলপতে মুক্তি লাভ কৰিব৷
অসমীয়া সংগীতত এনে কিবা বিশেষত্ব আছে নেকি যিটো বিশ্বৰ আন গীতৰ তুলনাত একক–অনন্য?
আমাৰ অসমৰ বাৰে ৰহনীয়া লোকসংগীত সঁচাকৈয়ে একক আৰু অনন্য৷ এই গীতসমূহ অতি চহকী৷ যাৰ বাবে আজি বিহু বিশ্বৰ প্রান্তে প্রান্তে সমাদৃত৷ অসমৰ বিয়াগীত বহু লোকেই পছন্দ কৰে, শুনি ভাল পায়৷ মানুহৰ জন্মৰ পৰা মৃত্যু পর্যন্ত সমগ্র যাত্রাপথৰ প্রতিটো স্তৰতে খাপ খোৱাকৈ আছে অসমীয়া লোকসংগীত৷ শ্রীকৃষ্ণৰ জন্ম ক্ষণক লৈ আছে– ‘গিৰ গিৰ শব্দে, মেঘে গৰজিলে…’৷ শিশু অৱস্থাত গাবলৈ আছে আমাৰ নিচুকনি গীত৷ তাৰ পিছত শিশুটো অলপ ডাঙৰ হোৱাত গাবলৈ আছে– ‘আগুৰগুৰ মাগুৰ জালি, ঘোঁৰাৰ নাকত দিলোঁ জৰী…’৷ অলপ ডেকা অৱস্থাত গাবলৈ আছে বিহুগীত৷ বিয়া–সবাহত গাবলৈ আছে অসমীয়া বিয়াগীত আৰু ঝুমুৰ, জিকিৰ, লোকগীত৷ বেমাৰ হ’লে গাবলৈ আছে আই নাম৷ মানুহৰ মৃত্যুৰ অন্তিম যাত্রাকালতো গাবলৈ আছে…‘শ্মশানশালিত যোৱা নৰতনু দেহা…’ৰ দৰে আধ্যাত্মিক গীত৷ এনেকৈ মানৱ জীৱনৰ বিভিন্ন স্তৰক লৈ সমৃদ্ধ এই সমগ্র লোকসংগীতসমূহক লৈ আমি যথেষ্ট চহকী৷ এবাৰ আমেৰিকাৰ ডেনভাৰত থকা প্রবাসী অসমীয়া লোকসকলৰ সন্তানসকলৰ সন্মুখত তাত এটা আধা ঘণ্টাৰ অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷ আৰু লোকসংগীতখিনি তেওঁলোকৰ বোধগম্য হোৱাকৈ সমান্তৰালভাৱে ইংৰাজীত তর্জমা কৰিও দিয়া হৈছিল৷ তেওঁলোকে অসমৰ লোকসংগীতৰ মেটমৰা এই সম্ভাৰৰ বিষয়ে জ্ঞাত হৈ অত্যন্ত আনন্দ প্রকাশ কৰে৷ মই নিজেও এইক্ষেত্রত গৌৰৱবোধ কৰিছোঁ৷