নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ ডিচেম্বৰঃ কংগ্ৰেছ, অজাপ আৰু ৰাইজৰ দলৰ মিত্ৰতা, আসন বুজাবুজিক লৈ তীব্ৰ কটাক্ষ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি বৰপেটাত বিকাশৰ ১২টা দিন কাৰ্যসূচীত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কয়- আমি বিকাশৰ ৰাজনীতি কৰিছো ৷ বিকাশৰ ৰাজনীতি কৰি যাম ৷ আমাৰ লগত অসমৰ বিকাশ বিচৰা উন্নয়ন বিচৰা ৰাইজ আছে ৷ এচাম মানুহ আমাৰ বিপক্ষে আছে, সেইসকলে কোন ঐক্যত থাকে কোন পাৰ্টিত থাকে আমাৰ কবলগীয়া নাই ৷ মানুহ সেইকেইটাই ৷ লগ হৈ থাকিলেও সেইকেইটাই ৷ লগ হৈ নাথাকিলেও সেইকেইটাই ৷ ইপিনে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বাহিৰে কংগ্ৰেছ দলৰ আন নেতাসকলৰ ফেন ক্লাব বন্ধ কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, কংগ্ৰেছ দলত গান্ধী পৰিয়ালৰ একনায়কত্ববাদ আগৰ পৰাই আছে ৷ গান্ধী পৰিয়ালক বাদ দি বাকীসকলৰ কোনো অধিকাৰেই নাই ৷ এয়া কংগ্ৰেছৰ পৰম্পৰাই ৷ আনহাতে প্ৰিয়ংকা গান্ধীয়ে সংসদলৈ আহোঁতে পেলেষ্টাইন লিখা বেগ লৈ অহাৰ প্ৰসংগত মন্ত্ৰীগৰাকীৰ মন্তব্য- আমাৰ সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহৰ যিটো অৱস্থা হৈছে সেই অৱস্থাৰ পক্ষত কংগ্ৰেছ দলে এষাৰো মাত মতা নাই ৷ কিন্তু ভাৰতৰ সংসদলৈ আহোঁতে পেলেষ্টাইন লিখা থকা বেগ লৈ অহাটোৱে লাজ লগা কথা ৷ তাতোকৈ লাজ লগা কথা পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰীয়ে এই কামটোক প্ৰশংসা কৰিছে ৷ বাংলাদেশত লাখ লাখ হিন্দু মানুহৰ বিপদ হৈছে কিন্তু কংগ্ৰেছে এষাৰো মাত মতা নাই ৷
You might also like