নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাত আজি নিঃস্বার্থ কর্মীৰ অভাৱ হৈছেঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ অসম সাহিত্য সভাত আজি নিঃস্বার্থ কর্মীৰ অভাৱ হৈছে৷ আমি এইটো ভাবি লোৱা উচিত নহ’ব যে বাবৰ কাৰণে বাব বা পদবীৰ কাৰণেহে পদবী৷ কিন্তু আমাক লাগিব কর্মৰ বাবেহে পদবী৷ গতিকে আমি কর্ম কৰি আমাৰ যিটো প্রাপ্য বা আমি যিটো পদবী পাইছোঁ, সেই পদবী বা সেই আসনখনৰ যাতে আমি মূল্য ৰাখি থৈ যাব পাৰোঁ তাৰ কাৰণে আমি কর্ম–সংস্কৃতিত গুৰুত্ব দিব লাগিব৷– এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী চহৰত অসম সাহিত্য সভাৰ জাতীয় শিক্ষা সংসদৰ পঞ্জীভুক্ত অসম আদর্শ বিদ্যালয় মুকলি কৰি এখন সভাত ভাষণ দি মৃণালিনী দেৱীয়ে এই মন্তব্য কৰে৷ কৃতী শিক্ষক বিজয় ভাগৱতীয়ে সভাপতিত্ব কৰা, ৰমেশ নাথে আদৰণী ভাষণ দিয়া, মৰমী বৰঠাকুৰ তালুকদাৰে আঁত ধৰা সভাত ভাষণ দি মৃণালিনী দেৱীয়ে আৰু কয় যে আজিৰ শিক্ষা কাৰিকৰী দিশত যিমানেই সুন্দৰ নহওক কিয়, আজিৰ শিক্ষাৰ লগত দীক্ষা নাই৷ এই দীক্ষা অবিহনে আজিৰ শিশু বহুতেই সুন্দৰভাৱে পৰীক্ষাত পাছ কৰিও সুন্দৰ চাকৰি–বাকৰি লৈও জন্ম দিয়া পিতৃ–মাতৃক পথৰ ভিকহু কৰি থৈছে৷ কাৰণ সেই শিশুটোৰ গাত পিতৃ–মাতৃ, শিক্ষাগুৰুৰ আদর্শৰ প্রভাৱ পৰা নাই৷ অনুষ্ঠানত শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই অংশগ্রহণ কৰে৷ অনুষ্ঠানত বিদ্যালয় কর্তৃপক্ষ, বঙাইগাঁও জিলা সাহিত্য সভা, অভয়াপুৰীৰ বিভিন্ন দল–সংগঠনে অসম সাহিত্য সভাৰ দলটোক ফুলাম গামোচা, জাপি, গছপুলি, সম্বর্ধনা পত্রৰে সম্বর্ধনা জনায়৷ অসম আদর্শ বিদ্যালয়, অভয়াপুৰী জাতীয় শিক্ষা সংসদে স্থাপন কৰা ৰাজ্যৰ ভিতৰত পঞ্চমখন বিদ্যালয়৷

You might also like