নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ পৰা ৬৪০ আলোকবর্ষ নিলগত আৱিষ্কাৰ বিৰল গ্রহ

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ পৃথিৱীৰ পৰা ৬৪০ আলোকবর্ষ নিলগত আৱিষ্কাৰ হৈছে এটি অতি উত্তপ্ত গ্রহ৷ ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডেভিদ ৰেনৰিচে উল্লেখ কৰা অনুসৰি এই উত্তপ্ত গ্রহটোত প্রতি মুহূর্ততে সৃষ্টি হয় লোৰ বৰষুণ৷ গ্রহটোৰ এই অদ্ভুত পৰিঘটনাই জ্যোতির্বিজ্ঞানীসকলৰ্ মাজত সৃষ্টি কৰিছে কৌতূহল৷ সৌৰজগতৰ বাহিৰত মহাবিশ্বৰ জলবায়ু সন্দর্ভত এই গ্রহটোত চলি থকা পৰিঘটনাই অধ্যয়নত বিশেষ সমল যোগাব বুলি ছুইজাৰলেণ্ডৰ বিজ্ঞানীগৰাকীয়ে আশা প্রকাশ কৰিছে৷ জ্যোতির্বিজ্ঞানীসকলে এই গ্রহটোৰ নাম ৰাখিছে ডব্লিউএএছপি–৭৬বি৷ লক্ষণীয়ভাৱে এই গ্রহটোত প্রতিদিনে তাপমাত্রা ২৪০০ ডিগ্রী চেলছিয়াছলৈ ঊর্ধ্বগামী হয়৷ য’ত সকলো ধাতু আৰু তীখা গলি পানীত পৰিণত হ’ব পাৰে৷ সূর্য সন্দর্ভত জ্যোতির্বিজ্ঞানীসকলে অধ্যয়ন কৰি থকা সময়তে এটা গ্রহৰ অভ্যন্তৰত এনে পৰিঘটনা প্রত্যক্ষ কৰাৰ পিছত বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে৷ ইতিমধ্যে ইয়াৰ সবিশেষ তথ্য প্রকাশ পাইছে ‘নেচাৰ’ নামৰ জার্নালখনত৷

You might also like