৩৮ হাজাৰ টকা ওভতাই দিলে যাত্ৰীক, ই-ৰিক্সা চালকক আৰক্ষীৰ সম্বৰ্ধনা
বিশেষ বাৰ্তা, ২২ ডিচেম্বৰঃ বিশ্বনাথৰ যানজট সৃষ্টিৰ অন্যতম কাৰণ ৰূপে ই ৰিক্সা সমূহকে চিহ্নিত কৰিলেও কালি এজন ই ।ৰিক্সা চালককে সম্বৰ্ধনা জনাবলৈ কাৰ্যতঃ বাধ্য হ’ল বিশ্বনাথ চাৰিআলি আৰক্ষী।জানিব পৰামতে কালি হজৰত আলী নামৰ চালকজনৰ ই ৰিক্সাত চুমী মুণ্ডা নামৰ এগৰাকী যাত্ৰীয়ে এৰি থৈ গৈছিল এটা বেগ। সেই বেগটোত আছিল নগদ ৩৮,০০০ টকা সহ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ।এৰি থৈ যোৱা সামগ্ৰীখিনিৰ বাবে পিছত চুমীয়ে ই ৰিক্সাখন বিচাৰি হুৱা-দুৱা লগায়। তেনে সময়তে ই ৰিক্সাৰ চালক হজৰতে আন এগৰাকী মহিলা যাত্ৰীক ৰিক্সাখনত উঠোৱাৰ সময়ত প্ৰত্যক্ষ কৰে সেই বেগটো। পিছত চালক হজৰত আলিয়ে ততাতয়াকৈ মহিলাগৰাকীৰ জৰিয়তে পৰীক্ষা কৰে বেগটো। বেগটো নিৰীক্ষণ কৰি বহু টকা আৰু নথি পত্ৰ থকা গম পায় ততালিকে বিশ্বনাথ আৰক্ষীৰ সৈতে যোগাযোগ কৰে চালক হজৰত আলিয়ে।পিছত আৰক্ষীয়ে বেগৰ গৰাকীৰ সন্ধান উলিয়াই আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত আৰক্ষীৰ উপস্থিতিত হজৰত আলিয়ে টকা সহ নথি পত্ৰৰে বেগটো বিশ্বনাথ চাৰিআলিৰ নীলপুৰৰ চুমী মুণ্ডা নামৰ মহিলা গৰাকীক ওভতাই দিয়ে। চালক হজৰত আলিয়ে সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পবন গায়ন সহ আৰক্ষীৰ দলটোৱে এখন গামোচা, মিঠাইৰ টোপোলা সহ উপহাৰেৰে হজৰত আলিক সন্মান জনায়।
প্ৰেৰক জয়ন্ত বৰা