মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত সম্প্ৰদায় উৎসৱ উদযাপন
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আৰু বৃহত্তৰ মিছামাৰী অঞ্চলৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত সম্প্ৰদায় উৎসৱ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ দিনজোৰা কাৰ্যসূচীৰে উদযাপিত উক্ত উৎসৱত বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলে অংশগ্ৰহণ কৰে৷ বিভিন্ন খেলধেমালি, সাহিত্য, নৃত্যগীত আদি প্ৰতিযোগিতাৰ ব্যৱস্থা কৰা অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰছাত্ৰী বৃন্দৰ উপৰি তেওঁলোকৰ অভিভাৱক সকলো অংশগ্ৰহণ কৰে৷ পুৱা ১০ বজাত আৰম্ভ কৰা সম্প্ৰদায় উৎসৱৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা আৰু উক্ত কাৰ্যসূচী ৰঙা ফিতা কাটি শুভাৰম্ভ কৰে মিছামাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক জগত বৰুৱাই৷ ছাত্ৰছাত্ৰীসকলে জাতীয় সাজপাৰ পিন্ধি ঢোল, তাল আদি বাদ্যযন্ত্ৰ বজাই গীতৰ তালেতালে উলিওৱা শোভাযাত্ৰা বৰ্ণিল আৰু আকৰ্ষণীয় আছিল৷ উক্ত শোভাযাত্ৰা কাৰ্যসূচীত ছাত্ৰছাত্ৰী সকলক সঙ্গ দিয়ে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী উপৰি অভিভাৱক বৃন্দ৷ ইয়াৰ পাছতে অনুষ্ঠিত হয় গছপুলি ৰোপণ কাৰ্যসূচী আৰু উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় গাওঁ প্ৰধান ৰত্ন বাহাদুৰ ছেত্ৰী ৷ বিয়লি এক বজাৰ পৰা অনুষ্ঠিত হয় ক্ৰমে অভিভাৱক মহিলাসকলৰ মাজত মিউজিক চিয়াৰ প্ৰতিযোগিতা, ছাত্ৰছাত্ৰীসকলৰ মাজত বিভিন্ন খেলধেমালি, কুইজ, আকস্মিক বক্তৃতা, নৃত্যগীত আদি প্ৰতিযোগিতা৷ ছাত্ৰছাত্ৰী, অভিভাৱকসকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত হয় মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক তোলন চন্দ্ৰ নাথৰ উদ্দেশ্য ব্যাখ্যাৰে পাতনি মেলা মুকলি সভাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰে বুলি জানিবলৈ দিছে ৷
প্ৰেৰক বগা তপ্ন