গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনী ফলাফল, কি ক’লে বিজয়ী প্ৰাৰ্থীসকলে?
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ ১৭ বছৰৰ প্ৰতীক্ষাৰ অন্ত। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ নব নিৰ্বাচিত প্ৰাৰ্থীসকল-
সভাপতি পদত জয়ী- মনোজ নাথ
উপ-সভাপতি– ধনীৰাম কলিতা
উপ-সভাপতি (মহিলাৰ বাবে সংৰক্ষিত)- মৌচুমী শৰ্মা বৰুৱা
সাধাৰণ সম্পাদক– সঞ্জয় ৰয়
সহকাৰী সাধাৰণ সম্পাদক– মনীন্দ্ৰ ডেকা
সহকাৰী সাধাৰণ সম্পাদক (মহিলাৰ বাবে সংৰক্ষিত)- মনীষা কলিতা
সংগঠনিক সম্পাদক– ৰাজু বৰুৱা
কোষাধ্যক্ষ- নয়ন প্ৰতীম কুমাৰ
সাংস্কৃতিক সম্পাদক– পল্লবী বৰা
ক্ৰীড়া সম্পাদক– ধীৰাজ হাজৰিকা
মুঠ ১০টা পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৩৬গৰাকী প্ৰাৰ্থীয়ে। ৮১৬গৰাকী ভোটাৰৰ মুঠ ৭৮০ গৰাকী ভোটাৰে ভোটদান কৰে আৰু ভোটাধিকাৰৰ ৯৫.৫৯ শতাংশ। উল্লেখ্য যে ২০০৩ চনতেই শেষবাৰৰ বাবে অনুষ্ঠিত হৈছিল গুৱাহাটী প্ৰেছক্লাবৰ নিৰ্বাচন। কিন্তু আজি এক উখলমাখল পৰিবেশত প্ৰতিগৰাকী প্ৰাৰ্থীয়েই গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভোটাৰসকলক অংশগ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ আন্তঃগাঁথনি তথা সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত নব নিৰ্বাচিত কমিটীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।