নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ক’ৰোনা ভাইৰাছ আখ্যা তৰুণ গগৈৰ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ ‘হিমন্ত বিশ্ব শৰ্মাৰ বুকু আজি হমহমাই গৈছে । সাম্প্ৰদায়িক ক’ৰোনা ভাইৰাছ হিমন্ত বিশ্ব শৰ্মাই আজি ভাগ ভাগ কৰিছে অসমখন । বৰপেটা, ধুবুৰীলৈ গ’লে এইজন নেতাই বাংলাদেশ বুলি কয় । গতিকে তেওঁ হৈছে আটাইতকৈ বেছি সাম্প্ৰদায়িক । তেওঁ সাম্প্ৰদায়িকতাৰ বীজ সিঁচি সকলোকে ভাগ ভাগ কৰিব বিচাৰিছে ।’ শুকুৰবাৰে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাৰ মনোনয়ন দাখিলৰ পাচতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই মন্তব্য দাঙি ধৰে ।

ইফালে, অজিত কুমাৰ ভূঞা অকল কংগ্ৰেছ অথবা ইউডিএফৰ নহয় সকলো দল আৰু বুদ্ধিজীৱিৰ বুলি উল্লেখ কৰে তৰুণ গগৈয়ে । অজিত কুমাৰ ভূঞাৰ মনোনয়নৰ সময়ত উপস্থিত হোৱা মনজিত মহন্ত , হাইদৰ হুছেইন , লক্ষ্মীনাথ তামুলী, কমিউনিষ্ট নেতা হেমেন দাস, বিজেপিৰ প্ৰাক্তন উপসভাপতি চিকে দাসৰ লগতে শিল্পীসকলো উপস্থিত হোৱাৰ কথা উল্লেখ কৰি তৰুণ গগৈয়ে অজিত কেৱল দুয়োটা দলৰ মানুহ নহয় বুলি কয় ।

উল্লেখ্য যে, এআই ইউ ডি এফ আৰু কংগ্ৰেছৰ এই মিলন সদায় থাকিব বুলি কোৱাৰ লগতে যিমানেই অপপ্ৰচাৰ নকৰক কিয় বদৰুদ্দিনৰ সৈতে বন্ধুত্ব অব্যাহত থাকিব বুলি কয় তৰুণ গগৈয়ে । গণতন্ত্ৰত বিশ্বাসী প্ৰতিটো দল-সংগঠনৰ সৈতে একেলগ হৈ আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক মুখঠেকেচা খোৱাম বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

You might also like