নিয়মীয়া বার্তা, ১৪ মার্চঃ প্রায় ৮ বছৰ পূর্বৰ মাজুলীৰ এটা ডাইনী হত্যা গোচৰৰ শুকুৰবাৰে যোৰহাটৰ অতিৰিক্ত জিলা সত্র ন্যায়াধীশৰ আদালতে এক ঐতিহাসিক ৰায়দান কৰে ৷ ২০১২ চনৰ ২৮ আগষ্টত নামনি মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ অন্তর্গত বৰডোঙাৰ মিচিং গাঁৱত সংঘটিত হৈছিল এক বর্বৰ হত্যাকাণ্ড ৷ গাঁওখনৰ ৰাজকুমাৰ দলে, তেওঁৰ পত্নী বর্ণালী দলে আৰু কণমানি পুত্র জিতু দলেক এদল লোকে ডাইনী সজাই বর্বৰভাৱে হত্যা কৰিছিল ৷ তিনিওজনকে কাটি টুকুৰা–টুকুৰ কৰি মৃতদেহ নদীত উটুৱাই দিছিল ৷ আদালতে এই নৃশংস হত্যাকাণ্ডত জড়িত ১২জনক দোষী সাব্যস্ত কৰে ৷ আদালতে ১১জনক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে এজনক ফাঁচিৰ হুকুম দিয়ে ৷ হত্যাকাৰী দলটোৰ ৰাজেন দলেক আদালতে ফাঁচিৰ হুকুম দিয়াৰ লগতে অনিল দলে, লিমাই দলে, অতুল দলে, বিশ্ব পাটৰ, বকু দলে, বিমল পাতিৰ, বামুণ দলে, ৰাজু দলে, লাখিন্দৰ পাতিৰ, জান দলে আৰু জানমা দলেক যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়ে ৷ উল্লেখ্য যে বিচাৰ প্রক্রিয়া চলি থকা অৱস্থাতেই এজন অভিযুক্তৰ মৃত্যু হৈছিল ৷ ৰাজ্যৰ ভিন্ন প্রান্তত ডাইনী অন্ধবিশ্বাসৰ বাবে বহু নিৰীহ লোকে প্রাণ দি আহিবলগীয়া হৈ আহিছে ৷ আদালতৰ এই ঐতিহাসিক ৰায়দানে ডাইনী কাণ্ডৰ দৰে অন্ধবিশ্বাসক নির্মূল কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে ৷
Prev Post
You might also like