নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ভ্রমণকাৰী দেশী–বিদেশী লোকলৈ পর্যটন বিভাগৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কেতবোৰ বিশেষ সতর্কতামূলক নির্দেশনাৱলী জাৰি কৰিছে ৰাজ্যৰ পর্যটন বিভাগে ৷ বিশেষকৈ অসম ভ্রমণ কৰা ঘৰুৱা আৰু বিদেশী পর্যটকৰ প্রতি লক্ষ্য ৰাখি বিভাগটোৱে জাৰি কৰিছে এই নির্দেশনাৱলী৷ সেই অনুসৰি পর্যটন বিভাগে অসম ভ্রমণলৈ অহা পর্যটকসকলক বিশ্ব স্বাস্থ্য সংস্থা আৰু আন স্বাস্থ্য কর্তৃপক্ষই প্রদান কৰা পৰামর্শ অনুসৰি প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ৷ ইপিনে, ক’ৰোনা ভাইৰাছ সংক্রমণৰ সম্ভাৱনা থকা অঞ্চলৰ পৰা অসম ভ্রমণলৈ অহা ঘৰুৱা পর্যটকসকলে সকলো ধৰণৰ প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷ একেদৰে হোটেল, ট্যুৰ অপাৰেটৰ, জীপ আৰু হাতী ছাফাৰী, চালক তথা অভ্যর্থনাৰ দায়িত্বত থকা ব্যক্তিসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্রহণ কৰিবলৈ পর্যটনৰ সঞ্চালক আৰু পৰিচালন সঞ্চালকক নির্দেশ দিছে পর্যটন বিভাগৰ আয়ুক্ত সচিব এম অংগমুথুৱে ৷

তদুপৰি ঘৰুৱা আৰু বিদেশী পর্যটকসকলৰ ভ্রমণসূচী পর্যবেক্ষণ কৰিবলৈও তেওঁলোকক বিভাগীয়ভাৱে নির্দেশনা প্রদান কৰা হৈছে ৷ আয়ুক্ত সচিবজনে সকলো পর্যটকক জনসমাগম হোৱা স্থানৰ পৰা আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে ৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি আজি জনতা ভৱনত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৷ এই বৈঠকত স্বাস্থ্য বিষয়া, অসম ৰাজ্যিক পৰিবহণ বিভাগৰ মাণ্ডলিক অধীক্ষকসকল, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কার্যবাহী আৰু কনিষ্ঠ অভিযন্তাসকল, বাছ অপাৰেটৰ, কেব অপাৰেটৰ, অটোৰিক্সা চালক, অ’লা, উবেৰ আৰু ৰেপিড’ সেৱাৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে ৷ এই বৈঠকতে মন্ত্রী পাটোৱাৰীয়ে সকলোকে কেব, অ’লা–উবেৰ সেৱাৰ সৈতে জড়িতসকলক সজাগতাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ পৰিবহণ বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদীয়ে কেব, বাছ আদিত ক’ৰোনা ভাইৰাছৰ সজাগতামূলক গোহাৰি লগাবলৈ আহ্বান জনায় ৷

You might also like