নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএল শাসনলৈ আহিলে জে’ললৈ হাগ্রামা

বিপিএফৰ ১৭ বছৰীয়া অপশাসনৰ পৰা মুক্ত হ’ব বিচাৰিছে ৰাইজেঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ বিগত ১৭ বছৰে শাসন কৰি দুর্নীতিৰ বোকাত লুতুৰি–পুতুৰি হৈছে হাগ্রামা মহিলাৰী৷ মহিলাৰীৰ অপশাসনৰ পৰা বিটিচিবাসী মুক্ত হ’ব বিচাৰিছে৷ আগন্তুক বিটিচি নির্বাচনত ইউপিপিএলে সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়ী হ’ব৷ শাসনভাৰ ইউপিপিএলৰ হাতলৈ আহিলেই দুর্নীতিৰ গোচৰত জে’ললৈ যাব লাগিব হাগ্রামা মহিলাৰী৷ বিটিচি পৰিষদত ৪০টাকৈ বিভিন্ন বিভাগ আছে৷ কিন্তু ইয়াৰ বাবে মাত্র এদিনৰ এঘণ্টাৰ বাবে বিধানসভা অনুষ্ঠিত কৰা মানসিকতাই বিটিচিৰ একো উন্নয়ন কৰিব নোৱাৰে৷ তাতে আকৌ বিটিচিৰ চীফ হৈ এই পৰিষদত উপস্থিত নাথাকি লক্ষ লক্ষ ৰাইজক প্রতাৰণা কৰিছে হাগ্রমাই৷’ এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ৷ শুকুৰবাৰে ওদালগুৰি চহৰৰ ৰাজহুৱা দুর্গা পূজামণ্ডপত অনুষ্ঠিত সংগঠনটোৰ বিশাল যোগদান সভাত অংশ লৈ এইধৰণে মন্তব্য কৰে প্রমোদ বড়োৱে৷ ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্র বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান সভাত এনডিএফবি (প্র), এনডিএফবি (আ)ৰ আৰু এনডিএফবি (এছ)ৰ প্রায় ৬০০গৰাকী প্রাক্তন কেডাৰসহ বিপিএফ দলৰ সদস্য তথা অন্যান্য দল–সংগঠনৰ মুঠ সাত শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে৷ এই যোগদান কার্যসূচীত অংশগ্রহণ কৰি ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে সদ্য স্বাক্ষৰিত বিটিআৰ চুক্তিখন যাতে পূর্বৰ বিটিচি চুক্তিৰ দৰে নহয় তাক আমি লক্ষ্য ৰাখিব লাগে৷ এই চুক্তিখন অধিক শক্তিশালী কৰাৰ ক্ষেত্রত আমি সকলোৱে আগবাঢ়ি আহিব লাগিব৷ ইউপিপিএল দললৈ সকলো দল–সংগঠনৰ সদস্যৰ দুৱাৰ মুকলি আছে৷ আমি তেওঁলোকক স্বাগতম জনাইছেছা৷ বিজেপি দলেও বিটিচি অঞ্চলত অকলে নির্বাচন খেলা কার্যক আমি আদৰণি জনাইছেছা৷ বিগত দিনবোৰত হাগ্রামাৰ শাসনত বিটিচিত যি দুর্নীতি হৈ আছে তাৰ ফল ৰাইজে ভোগ কৰি আছে৷ এইবোৰ দেখি–শুনি বিজেপিয়ে কি চিন্তা কৰিছে সেয়া তেওঁলোকে জানিব৷ বিটিচিৰ কোন সমষ্টিত কাক প্রার্থী দিলে ইউপিপিএল দলটো সহজেই জয়ী হ’ব এই সম্পর্কে ইতিমধ্যে সমীক্ষা চলোৱা হৈছে৷ কাইলৈ অথবা পৰহিলৈ ইউপিপিএল দলৰ প্রথমখন প্রার্থীৰ তালিকা প্রকাশ হ’ব৷ ৰাইজৰ উৎসাহ–উদ্দীপনালৈ চাই আগন্তুক নির্বাচনত ইউপিপিএলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি আমি আশা কৰোঁ৷ কিন্তু এই সম্পর্কে নির্বাচনৰ পিছতহে সকলো স্পষ্ট হ’ব যদিও সংখ্যাগৰিষ্ঠ আসন নাপালে কাৰোৱাৰ সৈতে নির্বাচনৰ পিছত বুজাবুজি কৰি পৰিষদ দখল কৰিব লাগিব৷ ৰাইজে যদিহে বিচাৰে তেন্তে মই হাগ্রামা মহিলাৰীৰ সমষ্টিত তেওঁৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিম৷ কিন্তু ৰাইজে নক’লে ইমান ডাঙৰ নেতা এজনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ইচ্ছা মোৰ নাই৷ অৱশ্যে বিগত বিটিচি নির্বাচনত দেবৰগাঁও সমষ্টিত আমাৰ প্রার্থীজনে খুব কম ভোটৰ ব্যৱধানত হাগ্রামাৰ বিৰুদ্ধে পৰাজিত হৈছে, কিন্তু এইবাৰ হাগ্রামাই নিজৰ সমষ্টি ধৰি ৰাখিব পাৰিবনে তাত সন্দেহ আছে৷ যোগদান কার্যসূচীত গোবিন্দ বসুমতাৰীয়ে কয় যে ‘আমি দুখীয়া আৰু নতুন দল৷ আমি সদায় জনগণৰ ওপৰত নির্ভৰ কৰি নির্বাচনত অৱতীর্ণ হ’ম৷ জনগণ জাগ্রত হ’লে ধনবল, বাহুবলে কেতিয়াও কাম নিদিয়ে৷ সেয়ে আমি জনগণৰ বিপুল ভোট লাভ কৰি হাগ্রামাৰ চৰকাৰখন ওফৰাম৷’ কোন সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব এই সন্দর্ভত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ কয় যে ‘বর্তমানলৈ দলে টিকট প্রদান কৰা নাই, সেয়েহে কোন দলৰ পৰা প্রতিদ্বন্দ্বিতা কৰো সেয়া ক’ব নোৱাৰি৷ কিন্তু যিহেতু মই ভৈৰৱকুণ্ড সমষ্টিৰ বাসিন্দা, গতিকে ভৈৰৱকুণ্ড সমষ্টিৰ পৰা টিকট বিচৰা প্রার্থী মই অকলে আছো৷ গতিকে আনুষ্ঠানিক ঘোষণা নকৰিলেও উক্ত সমষ্টিৰ পৰা মই প্রতিদ্বন্দ্বিতা কৰাটো একপ্রকাৰ নিশ্চিত হৈছোঁ৷’ ইফালে ইউপিপিএলত যোগদান কৰা প্রাক্তন এনডিএফবি (এছ)ৰ সম্পাদক বি. ফেৰেংগাই বর্তমান খাম্ফা বৰগয়াৰীয়ে প্রতিনিধিত্ব কৰা চিৰাং দুৱাৰ সমষ্টিৰ পৰা আৰু হাগ্রামাৰ সমষ্টি দেবৰগাঁৱত বিগত নির্বাচনত কম ভোটৰ ব্যৱধানত পৰাজিত হোৱা বুদ্ধদেৱ মুছাহাৰীয়ে ইউপিপিএল দলৰ হৈ প্রতিনিধিত্ব কৰিব বুলি বসুমতাৰীয়ে উল্লেখ কৰে৷ আন এক গুৰুত্বপূর্ণ মন্তব্য প্রকাশ কৰি গোবিন্দ বসুমতাৰীয়ে কয় যে বিশেষকৈ ভৈৰৱকুণ্ড আৰু হৰিশিঙা পৰিষদীয় সমষ্টি দুটা দখলৰ বাবে মন্ত্রী ৰিহন দৈমাৰীয়ে ধনবলেৰে চেষ্টা চলাব৷ কিন্তু এইবাৰ ইউপিপিএলৰ ঢ়ৌত ৰিহণৰ এই ধনবলে কাম নিদি দুয়োটা সমষ্টিত ইউপিপিএলৰ প্রার্থী জয়ী হ’ব৷ আজিৰ এই যোগদান অনুষ্ঠানত সহস্রাধিক বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক উপস্থিত থাকি ইউপিপিএলৰ সপক্ষে শ্লোগান দিয়ে৷

You might also like