ৰাজ্যপালক বিজেপিৰ বিৰুদ্ধে অভিযোগ কমল নাথৰ
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ মধ্য প্রদেশত ২২গৰাকীকৈ বিধায়কে কংগ্রেছ ত্যাগ কৰাৰ পাছত সংখ্যালঘুত পৰিণত হোৱা কমল নাথ নেতৃত্বাধীন চৰকাৰ গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী কমল নাথে ৰাজ্যপাল লালজী টেণ্ডনক লগ কৰি বিৰোধী বিজেপি হর্ছ ট্রেডিঙত জড়িত হোৱা বুলি অভিযোগ কৰিছে৷ ৰাজ্যখনৰ কংগ্রেছ চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপিয়ে ২২গৰাকীকৈ কংগ্রেছ বিধায়কক গোপন স্থানত আবদ্ধ কৰি ৰখা বুলি অভিযোগ কৰিছে কমল নাথে৷ বিজেপিয়ে মধ্য প্রদেশত অনৈতিক আৰু অবৈধ কাম কৰি থকা বুলি অভিযোগ কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইফালে বিজেপিয়ে কমল নাথ চৰকাৰক সংখ্যাগৰিষ্ঠতা প্রমাণৰ বাবে ১৬ মার্চৰ সময়সীমা বান্ধি দিবলৈ ৰাজ্যপাল আৰু বিধানসভাৰ অধ্যক্ষক দাবী জনাইছে৷ ৰাজ্যখনৰ ৰাজনীতিত এই অস্থিৰতা অব্যাহত থকাৰ সময়তে মধ্য প্রদেশৰ অর্থনৈতিক অপৰাধ শাখাই (ই অ’ ডব্লিউ) প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা সদ্য কংগ্রেছ ত্যাগী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধে থকা এটা গোচৰ পুনৰ মুকলি কৰিছে৷ সিন্ধিয়াৰ বিৰুদ্ধে এই গোচৰ মুকলি হোৱাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷