নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীভূমিত ১৫৬ কোটি টকাৰ ড্ৰাগছ বিনষ্ট

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : আজি শ্ৰীভূমিত বিনষ্ট কৰা হ’ল ১৫৬ কোটি টকাৰ অধিক মূল্যৰ নিচা জাতীয় সামগ্ৰী। জিলাৰ শৰিফ নগৰৰ এটা ইটাভাতাত আজি আৰক্ষীয়ে এই ড্ৰাগছসমূহ জুই লগাই জ্বলাই ভস্মীভূত কৰে। জিলাৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন সময়ত এই অবৈধ নিচা জাতীয় সামগ্ৰী সমূহ জব্দ কৰা হৈছিল। ২০২৪ চনৰ ছয় মাহত ৰাজ্যখনৰ ভিতৰত আটাইতকৈ বেছি  নিচা জাতীয় কফ চিৰাপ শ্ৰীভূমি  জিলাত জব্দ কৰা হৈছিল। নিচা জাতীয় সামগ্ৰী সমূহৰ মাজত আছে হেৰোইন ১৪.৩০৭ কেজি, ইয়াবা টেবলেট ১৫,০০,৯১০ গাঞ্জা ৬,১৫৫.৭৫৫ কেজি, কফ চিৰাপ ২,৮৩,২২৬ বোতল আৰু অন্যান্য টেবলেট আৰু কেপচুল ৫১,৫১৮। আজিৰ এই ধ্বংস কৰা নিচা জাতীয় সামগ্ৰী সমূহৰ মাজত আছে হিৰোইন ২৮,৬১,৪০,০০০ কোটি টকাৰ, ইয়াবা ৭৫,০৪,৫৫,০০০ কোটি টকাৰ, গাঞ্জা ৩০,৭৭,৮৭,৭৫০ কোটি টকাৰ, কফ চিৰাপ ১৯,৮২,৫৮,২০০ কোটি টকা আৰু অন্যান্য কেপচুল আৰু টেবলেট ২,৫৭,৫৯,০০০ কোটি টকাৰ। সৰ্ব মোট ১৫৬.৮৩,৯৯,৯৫০ কোটি টকাৰ। ড্ৰাগছ ডিচপছেল  কাৰ্যসূচীত (জ্বলাই দিয়া কাৰ্যসূচীত) উপস্থিত আছিল দক্ষিণ অসম প্ৰান্তৰ ডিআইজি কংকন জ্যোতি শইকীয়া, কৰিমগঞ্জৰ জিলা আয়ুক্ত প্ৰদীপ দ্বীবেদি, আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস,বিএছএফৰ অধীনায়ক সঞ্জয় কুমাৰ,সহ ড্ৰাগছ ডিস্প’ছেল কমিটীৰ সদস্যসকল উপস্থিতিত আছিল। ড্ৰাগছ ডিস্প’জেল সমিতিৰ উদ্যোগত উক্ত নিচাজাতীয় সামগ্ৰীসমূহ জ্বলাই দিয়া হয়৷ যোৱা কেইটা মাহৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই গৈছিল অভিযান৷ কৰিমগঞ্জ আৰক্ষীয়েও বিভিন্ন সময়ত জিলাৰ বিভিন্ন ঠাইত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ, গাঞ্জা, কফচিৰাফ আদি জব্দ কৰিছিল। তাৰে আজি ১৩১টা গোচৰৰ ড্ৰাগছ ধ্বংস কৰা হৈছে। আদালতৰ নিৰ্দেশত ১৩১টা গোচৰৰ জব্দ কৰা ড্ৰাগছ, গাঞ্জা আৰু কফচিৰাফ তথা নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হৈছে। এই ১৩১টা গোচৰত এন ডি পি এছ এক্টৰ অধীনত ১৯৬ জন লোকক আটক কৰি জেললৈ প্ৰেৰণ কৰা হৈছে।
প্ৰেৰক অসীম দেব 
You might also like