নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে কানাডাৰ প্রধানমন্ত্রী জাষ্টিন টুরডিউৰ পত্নী ছ’ফি গ্রেগ’ইৰ টুরডিউ৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰিছে এই তথ্য৷ ছ’ফি ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ পাছতে আছুতীয়াকৈ থাকিবলৈ লৈছে জাষ্টিন টুরডিউ৷ নিজ বাসগৃহতে পত্নীক চিকিৎসা প্রদান কৰিছে টুরডিউৱে৷ অৱশ্যে প্রধানমন্ত্রী টুরডিউ এতিয়ালৈকে ক’ৰোনাৰ দ্বাৰা সংক্রমণ হোৱা নাই৷ নেতাগৰাকীৰ স্বাস্থ্য পৰীক্ষাও কৰা হোৱা নাই চিকিৎসালয়ত৷ চিচি টিভি নিউজে ছ’ফি ট্রুডিউ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱাৰ তথ্য সদৰী কৰাৰ পাছতে প্রধানমন্ত্রীগৰাকীল্ বিভিন্নজনৰ পৰা আহিছে কুশল কামনাৰ বার্তা৷ প্রধানমন্ত্রীৰ কার্যালয়ৰ বিবৃতিত প্রকাশৰ পাছতে দেশখনত ক’ৰোনাক লৈ বিশেষ চর্চা চলিছে৷ শেহতীয়াকৈ চীনৰ ৱুহানৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা এই মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমণ হৈছে কেইবাগৰাকীও প্রভাৱশালী ৰাজনীতিক, জনপ্রিয় অভিনেতা–ভিনেত্রী, শিল্পী তথা খেলুৱৈ৷ ক’ৰোনাৰ এই সংহাৰী ৰূপৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাই এই মাৰাত্মক ভাইৰাছক পৃথিৱীৰ বাবে মহামাৰী আখ্যাও দিছে৷