নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ ‘মন কী বাত’ত নগাঁৱৰ চপানালাৰ ‘হাতীবন্ধু’ৰ প্রসংগ

📌 ৮০০ বিঘা মাটিত হাতীয়ে ভাল পোৱা নেপিয়াৰ ঘাঁহ ৰোপণেৰে ৰক্ষা গাঁওবাসীৰ শস্যপথাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জানুৱাৰীঃ অনাতাঁৰযোগে সম্প্রচাৰিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘মন কী বাত’ৰ ১১৮সংখ্যক খণ্ডত স্থান লাভ কৰে অসমৰ সামাজিক সংস্থা ‘হাতীবন্ধু’ৰ প্রসংগই৷ নগাঁও জিলাৰ চাপানালা ৰংহাং গাঁৱত হাতীবন্ধুৱে হস্তী–মানৱৰ সংঘাত হ্রাসকৰণার্থে গ্রহণ কৰা অনন্য প্রচেষ্টাক প্রধানমন্ত্রী মোদীয়ে ভূয়সী প্রশংসা কৰে৷ এইবাৰ মাহৰ চতুর্থটো দেওবাৰৰ পৰিৱর্তে কালি সম্প্রচাৰিত ‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে মানুহ আৰু জীৱ–জন্তুৰ মাজত গঢ় লৈ উঠা সম্পর্কৰ বিষয়ে উনুকিয়াই কয় যে বহু সময়ত মানুহ আৰু জীৱ–জন্তুৰ মাজত আচৰিত বন্ধনৰ ছবি নিশ্চয় দেখিছে৷ আপুনি জীৱ–জন্তুৰ আনুগত্যৰ কাহিনীও শুনিছে নিশ্চয়৷ পোহনীয়াই হওক বা বনৰীয়া জন্তুৱেই হওক, মানুহৰ লগত সিহঁতবোৰৰ সম্পর্কই কেতিয়াবা আমাক আচৰিত কৰি তোলে৷ জীৱ–জন্তুৱে কথা ক’ব নোৱাৰে, কিন্তু মানুহে সিহঁতৰ অনুভৱ আৰু ইংগিতবোৰ অতি ভালদৰে বুজিব পাৰে৷ জীৱ–জন্তুৱেও প্রেমৰ ভাষা বুজি পায় আৰু তাৰ লগতে জীয়াই থাকে৷ অসমৰ এটা উদাহৰণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ৷ অসমত নগাঁও নামেৰে এখন ঠাই আছে৷ নগাঁও আমাৰ দেশৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান৷ ঠাইখন বৰ ধুনীয়া৷ তদুপৰি ই বৃহৎসংখ্যক হাতীৰ বাসস্থান৷ অঞ্চলটোত হাতীৰ জাকে বিস্তীর্ণ শস্যপথাৰ বিনষ্ট কৰিছিল৷ যাৰ বাবে বিচলিত হৈছিল কৃষকসকল৷ প্রায় এশখন গাঁৱৰ জনসাধাৰণে কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু গাঁওবাসীয়ে হাতীৰ জাকৰ অসহায় অৱস্থাৰ কথা বুজি পালে– হাতীয়ে কেৱল ভোক নিবাৰণৰ বাবেই তেওঁলোকৰ খেতিৰ শস্য আহাৰ হিচাপে গ্রহণ কৰে৷ গাঁওবাসীয়ে ইয়াৰ সমাধান বিচাৰি উলিওৱাৰ কথা ভাবিলে৷ সেইমতেই তেওঁলোকে ‘হাতীবন্ধু’ নামেৰে এটা গোট গঠন কৰি এক অভিনৱ প্রয়াস চলাবলৈ আৰম্ভ কৰে৷ এই গোটটোৱে গাঁওবাসীক একত্রিত কৰি হাতীয়ে খাই ভাল পোৱা নেপিয়াৰ নামৰ এক বিশেষ প্রজাতিৰ ঘাঁহ অঞ্চলটোৰ প্রায় ৮০০ বিঘা পতিত ভূমিত ৰোপণ কৰিলে৷ হাতীবোৰে এই ঘাঁহবিধ বৰ ভাল পায়৷ ফলত হাতীৰ জাকৰ খেতিলৈ অহাৰ প্রৱণতা বহুলাংশে হ্রাস পোৱাৰ সমান্তৰালভাৱে সকাহ লাভ কৰিলে গাঁওবাসীয়েও৷ প্রধানমন্ত্রী মোদীয়ে এনে দীর্ঘম্যাদী প্রচেষ্টাক সহস্রাধিক গাঁওবাসীৰ বাবে এক বৃহৎ সকাহৰ বিষয় হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰে৷ ‘মন কী বাত’ত হাতীবন্ধুৰ হস্তী–মানৱৰ সংঘাত ৰোধৰ পদক্ষেপক প্রশংসা কৰাৰ বাবে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘মন কী বাত’ কার্যসূচীত প্রধানমন্ত্রী মোদীয়ে অসমৰ ‘হাতীবন্ধু’ৰ উদ্যোগৰ বিষয়ে উল্লেখ কৰিছে৷ এই পদক্ষেপ হৈছে হাতী–মানুহৰ সংঘাত কমাবলৈ এটা প্রাকৃতিক সমাধান৷ নগাঁও আৰু কার্বি আংলঙত ৩০ হেক্টৰ ব্যক্তিগত ভূমিত হাতীৰ বাবে উপযোগী হোৱাকৈ খাদ্যশস্য ৰোপণ কৰা হৈছে৷ এই ৰোপণে হাতীৰ খাদ্যৰ সহজ উপায় নিশ্চিত কৰিছে আৰু জনসাধাৰণৰ ফচল নষ্ট হোৱাৰ ঘটনা হ্রাস কৰিবলৈ সহায় কৰিছে৷ প্রায় ৮ হাজাৰ লোক এই উদ্যোগৰ পৰা লাভৱান্বিত হৈছে যি মানুহ আৰু হাতী দুয়োটাৰ বাবে এটা লাভজনক পৰিস্থিতি৷ ইফালে ‘হাতীবন্ধু’ৰ পদক্ষেক তুলি ধৰাৰ বাবে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিয়েও৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই কয় যে প্রকৃতিৰ সৈতে সহাৱস্থান কৰাৰ বাণী সনাতন সংস্কৃতিত আদি কালৰে পৰা গভীৰভাৱে শিপাই থকাৰ কথা চাপানালাৰ ৰংহাং কার্বি গাঁৱৰ জনসাধাৰণে গ্রহণ কৰা অভিনৱ পদক্ষেপৰ জৰিয়তে আকৌ এবাৰ প্রমাণিত হৈছে৷ উল্লেখ্য যে ‘হাতীবন্ধু’ গঠন কৰাৰ লগতে সমগ্র সমাজৰ বাবে এক প্রেৰণাদায়ক আদর্শ দাঙি ধৰি প্রদীপ কুমাৰ ভূঞা আৰু বিনোদ দুলু বৰাই হস্তী–মানৱৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্রত এক নতুন পথৰ সন্ধান দিছে৷

‘হাতীবন্ধু’ৰ প্রশংসাত উৎফুল্লিত প্রকৃতিপ্রেমী
‘মন কী বাত’ত প্রধানমন্ত্রী মোদীয়ে ‘হাতীবন্ধু’ৰ উদ্যোগৰ বিষয়ে উল্লেখ কৰাত উৎফুল্লিত হৈ পৰিছে নগাঁৱৰ প্রকৃতিপ্রেমীসকল৷ স্মর্তব্য যে ২০১৭ চনত প্রকৃতিপ্রেমী তথা গুৱাহাটীৰ সমাজসেৱক প্রদীপ ভূঞাৰ তৎপৰতাত প্রতিষ্ঠা হোৱা ‘হাতীবন্ধু’ৰ সৈতে পৰৱর্তী সময়ত জড়িত হৈ পৰে নগাঁৱৰ প্রকৃতিপ্রেমী যুৱক বিনোদ দুলু বৰা৷ তেওঁলোকে নগাঁও আৰু কার্বি আংলং জিলাৰ সীমান্তৱর্তী ৰংহাং গাঁৱত প্রায় এহেজাৰ বিঘা মাটিত হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে৷ ইয়াৰে ৮০০ বিঘা পাহাৰীয়া মাটিত হাতীৰ উপযোগী বিভিন্ন খাদ্যৰ উপৰি আন ২০০ বিঘা মাটিত কৰে ধানখেতিৰ ব্যৱস্থা৷ এনেদৰে পর্যাপ্ত খাদ্য লাভ কৰাৰ ফলত হাতীয়ে বৃহত্তৰ অঞ্চলটোত উপদ্রৱ সৃষ্টি নকৰা হৈছে৷ এনেদৰে বিগত আঠ বছৰ ধৰি হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা কৰি আহিছে ‘হাতীবন্ধু’ৱে৷ আজি ‘হাতীবন্ধু’ৰ বিষয়ে উল্লেখ কৰাত প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰি ‘হাতীবন্ধু’ৰ ক্ষেত্র পৰিচালক বিনোদ দুলু বৰাই কয় যে এতিয়া আমাৰ দায়িত্ব আৰু বাঢ়িল৷ আমি অসমৰ ভিতৰত এখন গাঁৱত ক্ষুদ্র কাম কৰি আছিলোঁ বুলি ভাবিছিলোঁ৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে এনেদৰে ‘মন কী বাত’ত উল্লেখ কৰাত ই ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিলে৷

You might also like