নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সর্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান, চমুকৈ এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই মন্তব্য কৰিছে যে ন’ভেল ক’ৰোনা ভাইৰাছ মৃতদেহৰ জৰিয়তে বিয়পি নপৰে৷ ই বিয়পি পৰে শ্বাসযন্ত্রৰ জৰিয়তে৷ এই ভাইৰাছ বিয়পিবৰ বাবে কাহ হোৱা প্রয়োজন৷ সঞ্চালকজনে জনোৱা মতে, ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ মৃতদেহ সৎকাৰ কৰাৰ সময়ত এই ৰোগ সংক্রমণ হোৱাৰ সম্ভাৱনা নাই৷