ইউৰোপক ক’ভিড–১৯ মহামাৰীৰ কেন্দ্রস্থল আখ্যা বিশ্ব স্বাস্থ্য সংস্থাৰ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ইউৰোপত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ভয়ংকৰভাৱে বৃদ্ধি পোৱাত বিশ্ব স্বাস্থ্য সংস্থাই এই মহাদেশখনক মহামাৰীৰ কেন্দ্রস্থল আখ্যা দিছে৷ বিশ্বত ৫,৫০০তকৈও অধিক লোকৰ প্রাণ হৰণ কৰা ক’ভিড–১৯ এ চীনৰ পাছতে ইউৰোপৰ দেশসমূহত সর্বাধিক ক্ষতি কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্রধান টেডর্ছ আধানম ঘেব্রেয়েছাছে এখন সংবাদ মেলযোগে ক’ভিড–১৯ সংহতি প্রতিক্রিয়া যোজনা মুকলি কৰিছে৷ ইয়াৰ জৰিয়তে বিভিন্ন ব্যক্তি আৰু সংস্থাসমূহে স্বাস্থ্যকর্মীসকলৰ মাস্ক, গ্লোভছ, গাউন, গাগলছ আদিৰ বাবে পুঁজি প্রদান কৰিব পাৰিব৷