পিছুৱাই দিয়ক অলিম্পিকঃ ট্রাম্প
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সমগ্র বিশ্বৰ ক্রীড়া জগতক স্তব্ধ কৰি তোলা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ব্যাপক সংক্রমণৰ পৰিপ্রেক্ষিতত টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিক গেমছৰ উদ্যোক্তা কমিটীয়ে শনিবাৰে গ্রীকত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক শিখা দৌৰ বাতিল কৰে৷ এক বিবৃতিত উদ্যোক্তা কমিটীয়ে কয় যে গ্রীকত হ’বলগীয়া শিখা দৌৰৰ আনুষ্ঠানিক কার্যসূচী বাতিল কৰা হৈছে যদিও পূর্বনির্ধাৰিত সূচী অনুসৰি অহা ১৯ মার্চত হেলানিক অলিম্পিক কমিটীয়ে টকিঅ’ অলিম্পিকৰ শিখা গ্রীকক হস্তান্তৰ কৰিব৷ এই অনুষ্ঠানত কোনো জনসমাগমৰ অনুমতি দিয়া নহ’ব৷
ইফালে, ক’ৰোনা ভাইৰাছক কেন্দ্র কৰি আগন্তুক টকিঅ’ অলিম্পিকলৈ অনিশ্চয়তা অব্যাহত থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে জাপান চৰকাৰক আহ্বান জনাইছে যে খালী ষ্টেডিয়ামত খেলাতকৈ অলিম্পিক অতি কমেও এবছৰলৈ পিছুৱাই দিয়া উচিত৷ বিশ্বৰ সর্বশক্তিমান নেতাগৰাকীৰ এই আহ্বানৰ প্রতি অৱশ্যে সঁহাৰি জনোৱা নাই জাপান চৰকাৰে৷