নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জনপ্রিয়তা কেৱল অসম বা উত্তৰ–পূর্বাঞ্চলতে সীমাবদ্ধ হৈ থকা নাই৷ ইতিমধ্যে ৰাজস্থান, ছত্তিশগড়, ওড়িশা আদি ৰাজ্যৰ নির্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সেই ৰাজ্যসমূহত বিজেপিক শাসনলৈ আনি নিজকে ৰাষ্ট্রীয় নেতাৰ পর্যায়লৈ নিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ সদ্যসমাপ্ত দিল্লী বিধানসভা নির্বাচনত আপক উৎখাত কৰি বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই৷ আঢ়ৈ দশকৰো অধিক কাল দিল্লীৰ শাসনৰ পৰা আঁতৰত থকা বিজেপি দলে পুনৰ ক্ষমতালৈ অহাৰ লগে লগে দেশজুৰি বিজেপি দল যিদৰে উৎসাহিত হৈ পৰিছে, অসমতো বিজেপিৰ মাজত বিৰাজ কৰিছে ব্যাপক উৎসাহ–উদ্দীপনা৷ এইবাৰ দিল্লীত বিজেপিৰ বৃহৎ জয়ৰ বাবে সমানে চর্চিত হৈছে ‘মামা মেজিক’ৰ প্রসংগ৷ অসমৰ বিজেপিৰ মন্ত্রী, বিধায়ক, সাংসদ, নেতাৰ ফেচবুকত চর্চিত হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ নাম৷ ব্রহ্মপুত্রৰ পাৰৰ পৰিধি অতিক্রম কৰি যমুনাৰ পাৰতো ‘মামাৰ মেজিক’ অব্যাহত আছে বুলি সামাজিক মাধ্যমত চর্চা হৈছে৷ চর্চা অনুসৰি দিল্লীৰ বিধানসভা নির্বাচনত অসমৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ শর্মাই প্রচাৰ চলোৱা সমষ্টিসমূহৰ ভিতৰত পাঁচটা সমষ্টিত বিজেপি বিজয়ী হৈছে৷ সেই সমষ্টিকেইটা হৈছে আদর্শ নগৰ, কাৰোৱাল নগৰ, ছকুৰবস্তি, ঘোণ্ডা আৰু উত্তম নগৰ৷ এই সন্দর্ভত সামাজিক মাধ্যমত মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে উত্তৰ–পূর্বাঞ্চলৰ এগৰাকী মুখ্যমন্ত্রীয়ে দিল্লীৰ দৰে এখন গুৰুত্বপূর্ণ ৰাজ্যৰ নির্বাচনত প্রভাৱ বিস্তাৰেৰে জনতাৰ সঁহাৰি লাভ কৰাটো আমাৰ বাবে গৌৰৱৰ কথা৷ এনে এগৰাকী জননেতাৰ নেতৃত্বত কাম কৰিবলৈ পোৱাটো আমাৰ বাবে সৌভাগ্য৷ মন কৰিবলগীয়া এয়ে যে এইবাৰ দিল্লী বিধানসভা নির্বাচনত মুখ্যমন্ত্রী ড০ শর্মাই ১০খন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিছিল৷ তাৰেই ৫খনতেই বিজেপি দলে জয়লাভ কৰে৷ আঢ়ৈ দশকৰো অধিক কাল ক্ষমতাত নথকা বিজেপিক এইবাৰ দিল্লীৰ ক্ষমতালৈ অনাটো বিশেষ সাফল্য হিচাপে পৰিগণিত হৈছে৷ ইয়াৰ বাবেই সামাজিক মাধ্যমত ব্যাপক ৰূপত চর্চা হৈছে ‘মামা মেজিক’৷